ষ্টেন বৰুৱা

হৰি বৰুৱা
জন্ম ১৯১৮ চন
শিৱসাগৰৰ হাঁহচৰা
মৃত্যু ২৪ আগষ্ট, ১৯৮৯
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু ধৰ্ম


ষ্টেন বৰুৱা (১৯১৮ - ১৯৮৯)ৰ প্ৰকৃত নাম হৰি বৰুৱা। শিৱসাগৰ জিলাৰ হাঁহচৰাত জন্ম লাভ কৰা হৰি বৰুৱাই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামত যোগ দিছিল। এই সূত্ৰে হাতত ষ্টেনগান লোৱা হেতু ষ্টেন বৰুৱা নামেৰে জনাজাত আছিল। ১৯৪২ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে ৰেলৰ আলি বগৰোৱাৰ অপৰাধত তিনিবছৰৰ কাৰাদণ্ড ভোগে। ভাৰত স্বাধীন হোৱাৰ পিছত বিপ্লৱী কমিউনিষ্ট পাৰ্টি বেআইনী ঘোষিত হোৱাত কেইবাছৰো আত্মগোপন কৰি আছিল কিন্তু ১৯৫০ চনত ধৰা পৰাত এবছৰৰ বাবে কাৰাবাস হয়। পিছলৈ তেখেতে ১৯৮০-৮৫ চনৰ অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ সমৰ্থন কৰিছিল।[1]


তথ্য সংগ্ৰহ

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৫

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia