ভোগেশ্বৰী ফুকননী
ভোগেশ্বৰী ফুকননী (ইংৰাজী: Bhogeswari Phukanani) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় যুঁজাৰু আছিল।[2] ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেত শ্বহীদ হৈছিল। জন্ম আৰু পৰিয়াল১৮৮৫ চনৰ মাঘ বিহুৰ দিনা অসমৰ নগাঁৱৰ জিলাৰ হাতীচোং মৌজাৰ কঁহুৱাতলিত তেখেতৰ জন্ম হৈছিল। পিতৃ আত্মাৰাম বুঢ়াগোহাঞি, মাতৃ নীলেশ্বৰী বুঢ়াগোহাঞি। ভোগালী বিহুৰ দিনা জন্ম হৈছিল বাবে তেওঁৰ নাম ভোগেশ্বৰী ৰখা হৈছিল৷[3] পিছলৈ তেওঁ বঢ়মপুৰৰ চলচলি মৌজাৰ ভোগেশ্বৰ ফুকনলৈ বিয়া হোৱাত তেওঁৰ নাম ভোগেশ্বৰী ফুকননী হৈছিল[4] ভোগেশ্বৰ ফুকনৰ সৈতে বিয়া হোৱাৰ পাছত তেখেতসকলৰ ৬জন পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তান জন্ম হৈছিল। তেওঁৰ স্বামী ভোগেশ্বৰ ফুকন, পুত্ৰ মহেন্দ্ৰ ফুকন, উমা ফুকন আৰু নুমলি ফুকন আৰু কন্যা ৰত্না ফুকনো স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল৷[3] স্বাধীনতা সংগ্ৰামলৈ অৱদানস্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল।[4]ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেখেত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। এই সময়ছোৱাত তেখেতে ফাটেকলৈকো যাব লগা হৈছিল। বিয়াল্লিছৰ গণ-আন্দোলনৰ সময়ত নগাঁৱত সৰ্বাত্মক ৰূপত আন্দোলনে এই গা কৰি উঠিছিল৷ সেইসময়ত নগাঁৱত দহখন প্ৰাথমিক কংগ্ৰেছ কমিটি লৈ একোখন শাখা সমিতি গঠন কৰা হৈছিল। বঢ়মপুৰ, হালোৱাগাঁও, কন্দলি, চাপানলা, পুৰণিগুদাম, নিকামূল, আৰু আউনিআটি - এই সাতখন শাখাৰ বঢ়মপুৰেই আছিল কেন্দ্ৰ। এই বঢ়মপুৰতেই বেবেজীয়া, বাৰপূজীয়া আৰু জোঙালবলহুত একেদিনাই শ্বহীদ হোৱা পাঁচজন শ্বহীদৰ স্মৃতিত “পঞ্চবীৰ শ্বহীদ দিৱস’’ৰ আয়োজন কৰা হৈছিল। সেইদিনাই ওচৰৰ আটাইকেইখন গাঁৱৰ লোক সমবেত হৈ ভোজ-ভাত খাবৰো দিহা কৰিছিল। শ শ ৰাইজ মিলি একেলগে ভোজ খোৱা আৰম্ভ কৰোঁতেই মিলিটাৰী কামাণ্ডাৰ মি: ফিন্স, জিলাৰ বিশেষ দণ্ডাধীশ মি: ৰুছ, আৰক্ষী উপ-অধীক্ষক ভবানী বৰুৱা, আৰু শালনা বাগানৰ মেনেজাৰ মি: ক্লাৰ্ক সৈন্য-সামন্ত লৈ সেই ঠাইত উপস্থিত হয় আৰু নিৰ্বিচাৰে এফালৰ পৰা ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰে। এই কথা বিজুলীবেগে প্ৰচাৰ হোৱাত ওচৰৰ ঠাইবোৰৰ পৰা শ শ মানুহ পুনৰ কংগ্ৰেছৰ পতাকা হাতত লৈ ওলাই আহি চৰকাৰীপক্ষক আগচি ধৰে। মি: ফিন্স আৰু মেনেজাৰ ক্লাৰ্কে ৰাইজৰ হাতৰ পৰা পতাকা কাঢ়ি লৈ ভৰিৰে মোহাৰিবলৈ ধৰিলে। এনেতে ভোগেশ্বৰী ফুকননীয়ে হাতত পতাকা লৈ কামাণ্ডাৰৰ সম্মুখত থিয় হয়। নুমলীয়া জীয়েক ৰত্নায়ো হাতত পতাকা লৈ আগবাঢ়ি অহাত কামাণ্ডাৰৰ সৈতে তেওঁৰ টনা-আঁজোৰা লাগে। ভোগেশ্বৰী ফুকননীয়ে সেই কাৰ্যত বাধা দিয়াত কামাণ্ডাৰৰ টুপীটো খুলি মাটিত পৰি যায় আৰু লগে লগে তেওঁ ভোগেশ্বৰীলৈ গুলী কৰে।[3] মৃত্যু১৯৪২ চনত ১৮ ছেপ্টেম্বৰৰ দিনাই বঢ়মপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত তেখেতে ব্ৰিটিছৰ হাতত গুলি খোৱাৰ পাছৰ পৰাই শয্যাশায়ী হৈ পৰিছিল[5] আৰু তিনিদিন পিছত ২০ ছেপ্টেম্বৰ দেওবাৰে তেওঁৰ মৃত্যু হৈছিল।[6] স্বাধীনতা আন্দোলনত মৃত্যুবৰণ কৰা বাবে তেখেত শ্বহীদ সন্মান দিয়া হৈছিল।[7][3] তথ্য সংগ্ৰহ
|