তিলক ডেকা
শৈশৱতিলক ডেকাৰ শৈশৱ কাল বৰ দুখলগা আছিল৷ পঢ়াশলীয়া শিক্ষা তেওঁ ল’ব নাপালে৷ কিন্তু তেওঁ সৰুৰে পৰা সত্যনিষ্ঠ আৰু সমাজ-হিতৈষী আছিল৷ পিতৃ কাতিৰাম চপনীয়া আছিল আৰু তেওঁলোকৰ তিনিটি সন্তানৰ মাজৰটি একমাত্ৰ পুত্ৰ তিলক ডেকা৷ ককাক যজ্ঞোৰাম কানীয়া আছিল বাবে সদায় ঘৰত কাজিয়া-পেচাল হৈ থকাৰ চেলু লৈ ভনীয়েক কুনকুনীৰ ডেৰ বছৰ বয়সতে মাতৃ পুনেশ্বৰীয়ে কাতিৰামক ত্যাগ কৰি চোৰাতবাৰিৰ থুলেশ্বৰলৈ চাপি যায়৷ ককাক যজ্ঞোৰামে বাপেক কাতিৰামক ঘৰৰ পৰা খেদি পঠিয়ায় আৰু নিজৰ চতুৰ্থ কন্যা কনমাইলৈ হাজোৰ পূৰ্ণ ডেকাক ঘৰ-জোঁৱাই কৰি আনে৷ ককাক, মহাক আৰু মাহীয়েকৰ তত্ত্বাৱধানত তিলক ডেকাৰ শৈশৱ অতিবাহিত হয়৷[5] স্বাধীনতা সংগ্ৰামবিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বহুলোক দীৰ্ঘদিনৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল৷ সেই সময়ত নগাঁও আন্দোলনৰ কেন্দ্ৰবিন্দুৰ দৰে আছিল৷ খদ্দৰৰ কাপোৰ আৰু গান্ধীটুপী দেখিলেই পুলিচ-মিলিটাৰীয়ে অত্যাচাৰ কৰিছিল৷ গাঁৱে-ভূঞে মেল-মিটিং কৰাটো আছিল ভয়াৱহ কথা৷ সেয়ে, সিদ্ধান্ত লোৱা হৈছিল, তিলক ডেকাকে আদি কৰি অন্য সাতজন সাহসী আন্দোলনকৰ্মীয়ে ঠায়ে ঠায়ে শিঙা ফুঁকি পুলিছ মিলিটাৰী অহাৰ জাননী দি মানুহক সজাগ কৰিব৷ এনে সময়তে, হঠাৎ বিয়াল্লিছৰ ২৮ আগষ্টৰ ৰাতি পুলিছৰ উপ-অধীক্ষক ভবানী বৰুৱাৰ নেতৃত্বত অতৰ্কিতে অভিযান কৰি বাৰপুজীয়া গাঁৱত সোমাই দোকান-ঘৰ ভাঙি প্ৰায় চাৰিশ মানুহক মাৰ-পিট কৰা ঘটনাত সকলো আতংকিত হৈ পৰিছিল৷ পহৰাৰত তিলক ডেকাই মিকিৰ গাঁৱলৈ জাননী দিবলৈ শিঙা বজাবলৈ ধৰিলে৷ মিলিটাৰীয়ে ধমক দি শিঙা বজাবলৈ মানা কৰা স্বত্বেও তিলক ডেকাই শিঙা বজাই থকাত পিছফালৰ পৰা ওঠৰ বছৰীয়া তিলক ডেকাক গুলীয়াই বধ কৰে৷[5] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia