বিন্দু মালিনী
ব্যক্তিগত জীৱন১৯৮১ চনৰ ২০ নৱেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ এক সাংগীতিক পৰিয়ালত বিন্দু মালিনীৰ জন্ম হৈছিল। তেওঁৰ মাতৃ এন. বিশালাক্ষী এগৰাকী আকাশবাণীৰ গ্ৰেডপ্ৰাপ্ত কৰ্ণাটিক কণ্ঠশিল্পী আৰু আইতাক সীতা ডোৰাইস্বামী এগৰাকী বিখ্যাত জল তৰংগ বাদ্যযন্ত্ৰী আছিল।[4] বিন্দু মালিনীয়ে নেচনেল ইনষ্টিটিউট অফ ডিজাইনৰ পৰা গ্ৰাফিক ডিজাইনত ডিগ্ৰী লাভ কৰিছে।[5] তেওঁ বেংগালুৰু এজন সংগীতশিল্পী বাসু দীক্ষিতৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকে একেলগে স্বৰথম নামৰ এক লোক-ৰক ফিউজন সংগীত বেণ্ড পৰিচালনা কৰে।[6] কৰ্মজীৱনতেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক আৰু হিন্দুস্তানী দুয়োটা সংগীতৰ শাখাতে প্ৰশিক্ষিত। বিন্দু মালিনীয়ে সন্ত কবীৰৰ কবিতা আৰু কুমাৰ গন্ধৰ্বৰ গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[6] বিন্দু মালিনীৰ এলবাম 'শুনো ভাই' বেদান্ত ভৰদ্বাজৰ সৈতে সহযোগিতাত নিৰ্মাণ কৰা হৈছিল। এই এলবাম সন্ত কবীৰৰ কেইটামান কবিতাৰ সমষ্টি।[6] সুৰকাৰ হিচাপেবিন্দু মালিনীয়ে বেদান্ত ভৰদ্বাজৰ সৈতে ২০১৬ চনৰ তামিল ছবি 'অৰুভী'ৰ বাবে সংগীত পৰিচালনা কৰিছিল।[7] কানাড়া ভাষাত তেওঁ প্ৰথমে অনন্যা কছাৰাৱল্লিৰ সৈতে সহযোগিতা কৰিছিল আৰু বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০১৭ৰ ৯ম সংস্কৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰা 'হৰিকথা প্ৰসংগ' ছবিখনৰ বাবে সংগীত পৰিচালনা কৰিছিল।[8] ২০১৮ চনত তেওঁ 'নাথিচাৰামী' ছবিখনৰ বাবে সংগীত ৰচনা কৰে আৰু ইয়াৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে। তেওঁৰ বেছিভাগ চিনেমা মহিলা কেন্দ্ৰিক। বঁটা আৰু সন্মান২০১৮ চনত বিন্দু মালিনীয়ে কানাড়া ছবি 'নাথিচাৰামী'ত তেওঁৰ 'মাৱাভি মনৱে' গীতৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[2] একেখন ছবিৰে "ভৱলোকদাদা ভৰমেয়" গীতৰ বাবে তেওঁ ২০১৯ চনত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী শিতানত ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছিল।[3] চলচ্চিত্ৰৰ তালিকাসুৰকাৰ হিচাপে তেওঁৰ চিনেমাসমূহত বিন্দু মালিনীয়ে নিজেই কণ্ঠদান কৰে। তেওঁ জড়িত থকা চলচ্চিত্ৰসমূহ হৈছে:
তথ্য উৎস
বাহ্যিক সংযোগ
|