শৰ্মিলা ঠাকুৰ
শৰ্মিলা ঠাকুৰ (ধৰ্মান্তৰৰ পাছত বেগম আয়েশা চুলতানা খান হিচাপেও জনা যায়[2]; জন্ম ৮ ডিচেম্বৰ ১৯৪৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰৰ লগতে বঙালী ছবিতো অভিনয় কৰে। তেওঁ কৰা অনবদ্য অভিনয়ৰ বাবে তেখেতে দুবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ এসময়ত হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ বেছি মাননি পোৱা অভিনেত্ৰী সকলৰ মাজৰ এগৰাকী আছিল। ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। প্ৰাৰম্ভিক জীৱনশৰ্মিলা ঠাকুৰৰ জন্ম হৈছিল কানপুৰ চহৰত। তেওঁৰ পিতৃ গীতিন্দ্ৰনাথ ঠাকুৰ ব্ৰিটিছ ইণ্ডিয়া কৰ্পোৰেশ্যনৰ এজন মেনেজাৰ আছিল। তেওঁৰ মাতৃ ইৰা ঠাকুৰ অসমীয়া মূলৰ আছিল। বিখ্যাত অসমীয়া লেখক জ্ঞানদাভিৰাম বৰুৱাৰ জীয়ৰী আছিল ইৰা বৰুৱা।[3] জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃ গুণাভিৰাম বৰুৱা আছিল অসমৰ এগৰাকী সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। [4] দুজনী ভনীয়েকৰ সৈতে তিনি গৰাকী সন্তানৰ মাজৰ শৰ্মিলা আছিল জ্যেষ্ঠ। পশ্চিমবংগৰ আচাঞ্চলত অৱস্থিত চেইণ্ট জন্স ডায়'চিচান গাৰ্লচ্ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ি থকা অৱস্থাত মাত্ৰ ১৩ বছৰ বয়সত[5] তেওঁৰ জীৱনৰ প্ৰথমখন ছবিৰ প্ৰস্তাৱ পোৱাত তেওঁ অভিনয়ৰ ফালে মনোনিবেশ কৰে আৰু সেইবাবেই তেওঁৰ পঢ়া-শুনাত ব্যাঘাত জন্মে আৰু পাছলৈ পঢ়া শুনা সম্পূৰ্ণ নকৰাকৈয়ে তেওঁ পিতৃৰ পৰামৰ্শ মতে বিদ্যালয় এৰে। অভিনয় জীৱনশৰ্মিলা ঠাকুৰে অভিনয় জীৱনৰ পাতনি মেলিছিল সত্যজিত ৰায়ৰ ১৯৫৯ চনৰ অপুৰ সংসাৰ নামৰ বঙালী ছবিখনৰ যোগেদি। ইয়াৰ পাছত ১৯৬৪ চনত তেওঁ শক্তি সামন্তৰ 'কাশ্মীৰ কী কলি' নামৰ চলচ্চিত্ৰখনৰ যোগেদি বলিউডত অভিনয় জীৱনৰ আৰম্ভণি কৰে।[6] ইয়াৰ পাছতে শক্তি সামন্তই অভিনেতা ৰাজেশ খান্নাৰ বিপৰীতে শৰ্মিলাৰ লগত আৰাধনা (১৯৬৯), অমৰ প্ৰেম (১৯৭২) আদিৰ দৰে চলচ্চিত্ৰ বনায়। অন্য পৰিচালকেও এই এই যুটিৰে চফৰ (১৯৭০),দাগ (১৯৭৩), মালিকৰ (১৯৭২) দৰে সফল ছবি বনাবলৈ সক্ষম হয়। ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰক যুটিয়ে বলিউডক ৭খন সফল ছবি উপহাৰ দিয়ে। ১৯৭৫ চনৰ ছবি মৌচমৰ বাবে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয়। ব্যক্তিগত জীৱনশৰ্মিলা ঠাকুৰৰ বিয়া হয় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মনছূৰ আলী খান পাটাউডীৰ লগত। ১৯৬৯ চনৰ ডিচেম্বৰ মাহৰ ২৭ তাৰিখে ইছলামিক বিবাহ পদ্ধতিৰে তেওঁ যুগ্ম জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে তেওঁ ধৰ্মান্তৰ কৰি নিজৰ নাম বেগম আয়েশা চুলতানা খান কৰি লয়। তেওঁলোকৰ তিনি সন্তান ক্ৰমে চেইফ আলী খান, চাবা আলী খান, চোহা আলী খান। তেওঁলোকৰ পুত্ৰ চেইফ আলী খান বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা। চাবা পেছাত এগৰাকী গহনা ডিজাইনাৰ[7] আৰু কনিষ্ঠা পুত্ৰী চোহা আলী খান এগৰাকী অভিনেত্ৰী। মনছূৰ আলী খান পাটাউডীৰ ২০১১ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে মৃত্যু হয়।[8] অভিনীত চলচ্চিত্ৰসমূহ
বঁটা আৰু সন্মান
তথ্য সূত্ৰ
|