বি. আৰ. চোপ্ৰা
বি. আৰ. চোপ্ৰা (ইংৰাজী: B. R. Chopra; সম্পূৰ্ণ নাম: বলদেৱ ৰাজ চোপ্ৰা; ২২ এপ্ৰিল ১৯১৪ – ৫ নৱেম্বৰ ২০০৮)[1] আছিল এগৰাকী হিন্দী চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক। তেখেতে 'নয়া দৌৰ' (১৯৫৭), 'কানূন' (১৯৬০), 'ৱক্ত' (১৯৬৫), 'হমৰাজ' (১৯৬৭) আদি চলচ্চিত্ৰৰ উপৰিও ১৯৮০ৰ দশকত দূৰদৰ্শনৰ ধাৰাৱাহিক 'মহাভাৰত' নিৰ্মাণ কৰি জনপ্ৰিয় হৈছিল।[2] ১৯৯৮ চনত তেখেতে চলচ্চিত্ৰৰ বঁটা দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল।[3] তদুপৰি ২০০১ চনত তেখেতে পদ্মভূষণ বঁটাও লাভ কৰিছিল। ব্যক্তিগত জীৱনতেখেতৰ সৰু ভাই য়শ চোপ্ৰা, পুত্ৰ ৰবি চোপ্ৰা আৰু ভতিজা আদিত্য চোপ্ৰাও চলচ্চিত্ৰ উদ্যোগত কাম কৰে।[4] তথ্য সংগ্ৰহ
|