সৌমিত্ৰ চেটাৰ্জী
সৌমিত্ৰ চেটাৰ্জী (বা সৌমিত্ৰ চট্টোপাধ্যায়, ইংৰাজী: Soumitra Chatterjee) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা সহযোগিতামূলক কামৰ বাবে তেওঁক জনা যায়। সত্যজিৎ ৰায়ৰ সৈতে চেটাৰ্জীয়ে চৈধ্যখন চলচ্চিত্ৰত কাম কৰিছে। শিল্পকলাৰ বাবে প্ৰদান কৰা ফ্ৰান্সৰ সৰ্বোচ্চ পুৰস্কাৰ Ordre des Art et des Lettres লাভ কৰা তেওঁ প্ৰথমজন ভাৰতীয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ পুৰস্কাৰ দাদাচাহেব ফাল্কে বঁটাও তেওঁ লাভ কৰিছে।[2][3] সত্যজিৎ ৰায়ৰ অপু শৃংখলাৰ তৃতীয়খন ছবি অপুৰ সংসাৰৰ (The world of Apu, ১৯৫৯) জৰিয়তে সৌমিত্ৰ চেটাৰ্জীয়ে চলচ্চিত্ৰ জগতত খোজ পেলায়। এই চলচ্চিত্ৰখনত তেওঁ জ্যেষ্ঠ অপুৰ ভূমিকাত অভিনয় কৰিছিল। ইয়াৰপাছত তেওঁ কেইবাখনো উল্লেখযোগ্য চলচ্চিত্ৰত অভিনয় কৰিছে। এইসমূহৰ ভিতৰত অভিযান (The Expedition, ১৯৬২), চাৰুলতা (The lonely wife, ১৯৬৪), অৰণ্যেৰ দিনৰাত্ৰি (Days and Nights in the Forest, ১৯৬৯), অশনি সংকেত (Distant Thunder, ১৯৭৩), সোণাৰ কেল্লা, জয়বাবা ফেলুনাথ, হিৰক ৰাজাৰ দেশে, ঘৰে-বাইৰে (The Home and The World, ১৯৮৪), গণশত্ৰু (Enemy of the People, ১৯৮৯) উল্লেখযোগ্য। তেওঁ ২০১৬ চনলৈকে ২১০-ৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।[4] ২০১২ চনত ভাৰত চৰকাৰে তেওঁক চলচ্চিত্ৰ জগতত জীৱনযোৰা সাধনাৰ বাবে দাদাচাহেব ফাল্কে বঁটাৰে বিভূষিত কৰে। তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটা অৰ্জন কৰিছে। ২০০৪ চনত ভাৰত চৰকাৰে চেটাৰ্জীয়ে পদ্মভূষণ বঁটা লাভ কৰে। ২০২০ চনৰ ১৫ নৱেম্বৰত কলকাতাত ক'ভিড-১৯ ৰোগত সৌমিত্ৰ চেটাৰ্জীৰ মৃত্যু হয়।[5] জন্ম আৰু শৈশৱসৌমিত্ৰ চেটাৰ্জীৰ জন্ম ১৯৩৫ চনত পশ্চিমবংগৰ কলিকতা চহৰৰ মিৰ্জাপুৰ ষ্ট্ৰীটত হৈছিল। জীৱনৰ প্ৰথম দহটা বছৰ তেওঁ পশ্চিমবংগৰ নদিয়া জিলাৰ কৃষ্ণনগৰ অঞ্চলত কটাইছিল। এইখিনি সময়তে তেওঁ নাট্যকাৰ দ্বীজেন্দ্ৰলাল ৰায়ৰ সংস্পৰ্শলৈ আহে। এই কৃষ্ণনগৰ অঞ্চলত যথেষ্ট সৰু সৰু থিয়েটাৰ গ্ৰুপ আছিল আৰু তেওঁৰ ককাক আৰু দেউতাকো এই গ্ৰুপসমূহৰ লগত জড়িত আছিল। চেটাৰ্জীয়ে এই নাট্যগোষ্ঠীসমূহত অভিনয় কৰা আৰম্ভ কৰিছিল। দৰ্শকৰ পৰা পোৱা প্ৰশংসা আৰু উৎসাহে তেওঁক অভিনয়ৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ ধৰিলে। সৌমিত্ৰ আৰু তেওঁৰ পৰিয়াল হাওৰালৈ গুছি গৈছিল। সৌমিত্ৰই হাওৰা জিলা স্কুলত অধ্যয়ন কৰে। বঙালী সাহিত্যত অনাৰ্চসহ তেওঁ কলিকতাৰ চিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বঙালী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। পঢ়ি থকা কালছোৱাত তেওঁ বঙালী নাট্যজগতৰ প্ৰখ্যাত পৰিচালক-অভিনেতা অহিন্দ্ৰ চৌধুৰীৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে চেটাৰ্জীয়ে অল ইণ্ডিয়া ৰেডিঅ'তো ঘোষক হিচাপে কাম কৰে। এইখিনি সময়তে তেওঁ [[সত্যজিৎ ৰায়]]ৰ সংস্পৰ্শলৈ আহে। ৰায়ে সেইসময়ত ''অপৰাজিত'' (1956) ৰ বাবে এখন নতুন মুখৰ সন্ধানত আছিল যদিও বিশ বছৰীয়া চেটাৰ্জীক সেই চৰিত্ৰটোৰ কাৰণে যথেষ্ট ডাঙৰ যেন দেখিছিল। ৰায়ে চেটাৰ্জীৰ কথা মনত ৰাখিলে আৰু দুবছৰৰ পাছত ''জ্যেষ্ঠ অপু'' চৰিত্ৰৰ কাৰণে তেওঁক নিৰ্বাচিত কৰিলে। আনহাতে সেইখিনি সময়ত কাৰ্তিক চট্টোপাধ্যায়ৰ নীলাচলে মহাপ্ৰভু (1957) নামৰ চলচ্চিত্ৰখনৰ কাৰণে চেটাৰ্জী নিৰ্বাচিত হোৱা নাছিল। সত্যজিৎ ৰায়ৰ সৈতে কৰা কাম (১৯৫৯-১৯৯০)চেটাৰ্জীয়ে সত্যজিৎ ৰায়ৰ জলসাঘৰ (১৯৫৮) চলচ্চিত্ৰৰ শ্বুটিং চাবলৈ গৈছিল। তেওঁক ইতিমধ্যে ৰায়ে তেওঁৰ পৰৱৰ্ত্তী ছবিৰ শীৰ্ষ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰিছে বুলি চেটাৰ্জী সেইসময়ত অজ্ঞ আছিল। যেতিয়া চেটাৰ্জীয়ে শ্বুটিংস্থলী এৰি যাব খুজিছিল। সত্যজিত ৰায়ে তেওঁ মাতি অভিনেতা ছবি বিশ্বাসৰ সৈতে চিনাকি কৰাই দিয়ে আৰু কয় যে, তেওঁৰ পৰৱৰ্ত্তী ছবি অপুৰ সংসাৰত চেটাৰ্জীয়ে অপুৰ চৰিত্ৰত অভিনয় কৰিব। অপু চৰিত্ৰৰ বাবে নিৰ্বাচিত হৈও চেটাৰ্জীৰ বিশ্বাস নাছিল যে তেওঁ সঁচাকৈয়ে অভিনয়ত কেৰিয়াৰ গঢ়িব পাৰিব। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ কোনো ফটোজেনিক চেহেৰা নাই। তথাপিও তেওঁ যেতিয়া ১৯৫৮ চনৰ ৯ আগষ্টত চলচ্চিত্ৰখনৰ বাবে প্ৰথম শ্বটটো দিলে আৰু সকলো যেতিয়া ঠিকে ঠাকে থাকিল চেটাৰ্জী আত্মবিশ্বাসী হৈ উঠিল। সৌমিত্ৰ চেটাৰ্জীৰ বিষয়ে লিখা কিতাপ
সৌমিত্ৰ চেটাৰ্জীয়ে লিখা কিতাপ
তথ্যসূত্ৰ
|