মান্না দে
প্ৰবোধ চন্দ্ৰ দে বা মান্না দে (১ মে' ১৯১৯ - ২৪ অক্টোবৰ ২০১৩) এজন ভাৰতীয় কণ্ঠশিল্পী। ১৯৪২ চনৰ হিন্দী বোলছবি 'তমন্না'ত প্ৰথম গীত গোৱাৰ পিছত ২০১৩ চনলৈকে তেখেতে ৪০০০তকৈও অধিক গীত বাণীবদ্ধ কৰিছিল। হিন্দী বোলছবিৰ নেপথ্য কণ্ঠশিল্পীৰূপে তেখেত ১৯৫৩-১৯৭৬ চনৰ সময়ছোৱাত অধিক সক্ৰিয় আছিল। মূলতঃ হিন্দী আৰু বাংলা ভাষাৰ লগতে তেখেতে মাৰাঠী, গুজৰাটী, অসমীয়া আদি ভাষাতো গীত গাইছিল। সংগীত জগতলৈ তেখেতৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক ১৯৭১ চনত পদ্মশ্ৰী, ২০০৫ চনত পদ্মবিভূষণ আৰু ২০০৯ চনত দাদাচাহেব ফাল্কে সন্মানেৰে অভিষিক্ত কৰে। জীৱনীদেউতাক - পূৰ্ণ চন্দ্ৰ আৰু মাক - মহামায়া দে’ৰ সন্তান মান্না দেই ১ মে ১৯১৯ চনত জন্মগ্ৰহণ কৰে। দেউতাক-মাকৰ সংস্পৰ্শ অবিহনে পিতৃসম্বন্ধীয় সৰ্বকনিষ্ঠ খুৰাক সঙ্গীতাচাৰ্য (সঙ্গীতত বিশেষভাবে দক্ষ শিক্ষক) কে.চি. দে (পূৰ্ণনাম: কৃষ্ণ চন্দ্ৰ দে)ই তেওঁক খুব বেছি অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল। দেই তেওঁৰ শৈশৱৰ পাঠ গ্ৰহণ কৰিছিল ‘ইন্দু বাবুৰ পাঠশালা’ নামৰ এক সৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ত। তাৰপাছাত তেখেতে স্কটিছ গিৰ্জা কলেজিয়েট স্কুল আৰু স্কটিছ গিৰ্জা কলেজত[2] স্নাতক শিক্ষাগ্ৰহণ কৰিছিল। স্কটি চাৰ্চ কলেজত অধ্যয়ন কৰা কালত তেওঁ তেওঁৰ সহপাঠীসকলক গান শুনাই অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁ তেওঁৰ খুৰাক কৃষ্ণ চন্দ্ৰ দে আৰু উস্তাদ দাবিৰ খানৰ পৰা গানৰ শিক্ষা লাভ কৰে। সেই সময়ত মান্না দে আন্তঃকলেজ গানৰ প্ৰতিযোগিতাত ধাৰাবাহিকভাবে তিনি বছৰত তিনিটা পৃথক শ্ৰেণীবিভাগত প্ৰথম হৈছিল। প্ৰথম জীৱনমান্না দে ১৯৪২ চনত কৃষ্ণ চন্দ্ৰ দে’ৰ সৈতে বোম্বে (বৰ্তমান মুম্বাই) চাবলৈ আহে। তাত আৰম্ভণিতে তেওঁ কৃষ্ণ চন্দ্ৰ দে’ৰ অধীনত সহকাৰী হিচাপে আৰু তাৰপাছত শচীন দেৱ বৰ্মণ (এচ.ডি. বৰ্মণ) ৰ অধীনত কাম কৰে। পৰৱৰ্তীকালত তেওঁ অন্যান্য স্বনামধন্য গীতিকাৰৰ সান্নিধ্যলৈ আহে আৰু তাৰপাছত স্বাধীনভাবে নিজেই কাম কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত তেওঁ বিভিন্ন হিন্দী চলচ্চিত্ৰৰ বাবে সঙ্গীত পৰিচালনাৰ সমসাময়িক উস্তাদ আমান আলি খান আৰু উস্তাদ আব্দুল ৰহমান খানেৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতত তামিল লয়। প্ৰাথমিক পেছাগত জীৱন‘তামান্না’ (১৯৪৩) চলচ্চিত্ৰত গায়ক হিচাপে মান্না দে‘ৰ অভিষেক ঘটে। সুৰাইয়া’ৰ সৈতে দ্বৈত সঙ্গীতত গান গায় আৰু সুৰকাৰ আছিল কৃষ্ণ চন্দ্ৰ দে। সেই সময়ত গানটোৱে ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছিল। 'মশাল' (১৯৫০) ছবিত শচীন দেৱ বৰ্মণৰ গীত ৰচনাত ‘ওপৰ গগন বিশাল’ নামে একক গান গাইছিল। এই গানৰ কথা লিখিছিল কবি প্ৰদীপে। ১৯৫২ চনত মান্না দেই বাংলা আৰু মাৰাঠী ছবিত একেই নামেৰে আৰু গল্পত ‘আমাৰ ভূপালী’ গান গায়। ইয়াৰফলতেই তেওঁ প্ৰতিষ্ঠিত হয় আৰু পৰিপক্কতা লাভ কৰে আৰু জনপ্ৰিয় গায়ক হিচাপে সঙ্গীতপ্ৰেমীৰ পৰা স্বীকৃতি পায়। মান্না দে ভীমসেন জোশী’ৰ সৈতে এটা জনপ্ৰিয় দ্বৈত গান ‘কেতকী গুলাব জুহি’ গায়। ইয়াৰ বাদেও, তেওঁ কিশোৰ কুমাৰৰ সৈতে পৃথক গোত্ৰৰ দ্বৈত গান হিচাপে ‘ইয়ে দোস্তী হাম নেহী তোৰেঙ্গে (শ্ব’লে)’ আৰু ‘এক চতুৰ নৰ' (পড়োচন) গায়। ইয়াৰ বাদেও, মান্না দে শিল্পী আৰু গীতিকাৰ হেমন্ত মুখোপাধ্যায় (হেমন্ত কুমাৰ)সহ আৰু বেছ কিছু গীতিকাৰৰ সৈতে বাংলা ছবিত গান গাইছিল। দ্বৈত সঙ্গীতত লতা মুঙ্গেশকাৰৰ সৈতে ‘কে প্ৰথম কাষত এসেছি' (শঙ্খবেলা) গান গাইছিল। ৰবীন্দ্ৰ সঙ্গীতসহ প্ৰায় ৩৫০০ গান গাইছে মান্না দেই। পাৰিবাৰিক প্ৰেক্ষাপটকেৰালাৰ ছোৱালী সুলোচনা কুমাৰনক ১৮ ডিচেম্বৰত ১৯৫৩ চনত বিয়া পাতে। তেওঁলোকৰ দুই কন্যা: শুৰোমা (জন্মঃ ১৯ অক্টোবৰ ১৯৫৬ চনত) আৰু সুমিতা (জন্মঃ ২০ জুন ১৯৫৮ চনত)ই জন্মগ্ৰহণ কৰে। মান্না দেই পঞ্চাশ বছৰৰো বেছি সময় মুম্বাইত কটোৱাৰ পাছাত বৰ্তমান বাঙ্গালোৰৰ কালিয়ানগৰ চহৰত বাস কৰিছে। ইয়াৰ বাদেও, তেওঁ কলকাতাত বাস কৰে। এতিয়াও তেওঁ বিভিন্ন সঙ্গীতবিষয়ক অনুষ্ঠানত যোগ দিবলৈ বিশ্বৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰি থাকে। আত্মজীৱনী আৰু ৰবীন্দ্ৰ ভাৰতী’ৰ পদক্ষেপ২০০৫ চনত বাংলাভাষাত তেওঁৰ আত্মজীৱনী ‘জীৱনেৰ জলসাঘৰে’ খ্যাতিমান আনন্দ প্ৰকাশনৰ মাধ্যমত প্ৰকাশিত হয়। পাছাত এইখন ইংৰাজীত 'মেমৰীজ কাম এলাইভ', হিন্দীত 'ইয়াদেঁ জী উঠি' আৰু মাৰাঠী ভাষাত 'জীৱনেৰ জলসাঘৰে' নামেৰে অনুদিত হৈছে। মান্নাদেৰ জীৱনক লৈ ‘জীৱনেৰ জলসাঘৰে’ নামৰ এখন তথ্যচিত্ৰ ২০০৮ চনত মুক্তি পায়। মান্না দে সঙ্গীত একাডেমীত মান্না দে’ৰ সম্পূৰ্ণ আৰ্কাইভ বিকশিত আৰু ৰক্ষণাবেক্ষণ কৰা হৈছে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলকাতা সঙ্গীত ভৱনত মান্নাদে’ৰ সঙ্গীত সংৰক্ষণৰ উদ্যোগ লৈছে। মৃত্যুবুকুত সংক্ৰমণৰ পৰা জটিলতাৰ সৃষ্টি হোৱা বাবে ২০১৩ চনৰ ৮ জুনত মান্না দেক বেংগালুৰুৰ এখন চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি কৰোৱা হয়।[3] ৯ জুনত তেখেতৰ মৃত্যুৰ উৰাবাতৰি ওলাইছিল যদিও চিকিৎসকসকলে এই কথা নস্যাৎ কৰি কয় যে তেখেত জীয়াই আছে, কিন্তু জটিলতাৰ পৰা মুক্ত হোৱা নাই।[4] ৯ জুলাইত প্ৰকাশ কৰা হয় যে তেখেতৰ স্বাস্থ্য ভাললৈ আহিছে আৰু চিকিৎসকসকলে ৫ জুলাইত তেখেতৰ ভেণ্টিলেটৰ চাপৰ্ট আঁতৰাই দিছে।[5] হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ ২০১৩ চনৰ ২৪ অক্টোবৰৰ পুৱা ৩:৫০ বজাত নাৰায়ণা হৃদয়ালয়ত তেখেতে মৃত্যুবৰণ কৰে।[6][7] সাফল্য আৰু খ্যাতিমান্না দেই পদ্মশ্ৰী আৰু পদ্মবিভূষণ খিতাপসহ অসংখ্য খিতাপ অৰ্জন কৰিছে। অন্যান্য পুৰস্কাৰৰ তালিকা:
আৰু চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia