ডি ৰামানাইডু
ডগ্গুবটি ৰামানাইডু ( ইংৰাজী : Daggubati Ramanaidu ; ৬ জুন ১৯৩৬ – ১৮ ফেব্ৰুৱাৰী ২০১৫) তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ১৯৬৪ চনত তেওঁ সুৰেশ প্ৰডাকচন প্ৰতিষ্ঠা কৰে, যি ভাৰতৰ অন্যতম বৃহৎ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানীত পৰিণত হয়। [1][2] ভাৰতীয় চলচ্চিত্ৰৰ তেওঁ অন্যতম প্ৰভাৱশালী আৰু শক্তিশালী ব্যক্তি আছিল। [3] এজন ব্যক্তিয়ে নিৰ্মাণ কৰা সৰ্বাধিক ছবিৰ বাবেও তেওঁক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড়ত স্থান দিয়া হৈছে। ভাৰতীয় চৰকাৰী ভাষাত তেওঁ ১৫০ খনতকৈও অধিক ছবি নিৰ্মাণ কৰিছে। [4] ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ ত্ৰয়োদশ লোকসভাত অন্ধ্ৰ প্ৰদেশৰ বাপাট্লা সমষ্টিৰ পৰা সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০১২ চনত ৰামনাইডুক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হয়। [5] ২০০৯ চনত তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। তেলেগু চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ৰঘুপতি ভেংকাইয়া বঁটা আৰু ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা –দক্ষিণ লাভ কৰিছে। ১৯৯১ চনত প্ৰতিষ্ঠা হোৱা ৰামনাইডু চেৰিটেবল ট্ৰাষ্টৰ যোগেদি তেওঁৰ উপাৰ্জনৰ যথেষ্ট অংশ অসংখ্য দানশীল কামত আগবঢ়াইছে। [6] কৰ্মজীৱন১৯৬৩ চনত ৰামনাইডুৱে তেওঁৰ বন্ধু তাগিৰিছা হনুমন্ত ৰাও, য়াৰলাগদ্দা লক্ষ্মাইয়া চৌধাৰীৰ সৈতে অংশীদাৰিত্ব কৰি ব্যৱসায়িকভাৱে অসফল অনুৰাগমৰ (১৯৬৩) সহ-প্ৰযোজনা কৰে। ইয়াৰ পিছত তেওঁ নিজাকৈ প্ৰডাকচন হাউচ সুৰেশ প্ৰডাকচন স্থাপন কৰে, আৰু ৰামুডু ভীমুডু (১৯৬৪) প্ৰযোজনা কৰে।[7] ১৯৭০ দশকৰ আৰম্ভণিলৈকে তেওঁ তেলেগু ভাষাত প্ৰতিজ্ঞা পালন (১৯৬৫), শ্ৰী কৃষ্ণ তুলাভৰম (১৯৬৬), শ্ৰী জন্ম (১৯৬৭), পাপ কোছম (১৯৬৮) আৰু চেপয় চিন্নয়া (১৯৬৯) আদি ছবি নিৰ্মাণ কৰিছিল। এই সময়ছোৱাত ৰামুডু ভীমুডু তেওঁৰ একমাত্ৰ বক্স অফিচ সফল ছবি আছিল। মাদ্ৰাচত থকাৰ সময়ত তেওঁ বি নাগী ৰেড্ডীৰ পুত্ৰসকলৰ সৈতে অংশীদাৰিত্ব কৰি বিজয়া সুৰেশ কম্বাইনছ নামৰ এটা কোম্পানী গঠন কৰে আৰু সেই প্ৰডাকচনৰ পৰাও কিছুমান ছবি নিৰ্মাণ কৰে।[7] ১৯৭১ চনত তেওঁ অক্কিনেনী নাগেশ্বৰ ৰাও আৰু বাণীশ্ৰী অভিনীত প্ৰেম নগৰ প্ৰযোজনা কৰে। ছবিখনে "ব্লকবাষ্টাৰ" হিচাপে পৰিগণিত হয় আৰু ইয়াৰ সফলতাই ক্ৰমে বসন্ত মালিগাই (১৯৭২) আৰু ১৯৭৪ চনত প্ৰেম নগৰৰ একে নামেৰে তামিল আৰু হিন্দী পুনৰ্নিৰ্মাণৰ প্ৰেৰণা দিয়ে। দুয়োটা সংস্কৰণ তেৱেঁ প্ৰযোজনা কৰিছিল আৰু সমানে সফল হৈছিল।[8] নম্মা কুঝাইণ্ডাগল, তিৰুমংগ্যলম, মধুৰাগীতম, কুঝাইণ্ডাইকাগা আৰু দেইৱা পিৰাৱী হৈছে তেওঁৰ কিছুমান তামিল প্ৰযোজনা, যিবোৰ ১৯৭০ দশকৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।[7] যিহেতু সেই সময়ত সকলো ষ্টুডিঅ' মাদ্ৰাচত আছিল, সেয়েহে ১৯৮৩ চনত ৰাজ্য চৰকাৰৰ সহায়ত হায়দৰাবাদত ৰামনাইডু ষ্টুডিঅ' আৰম্ভ কৰে।[9][10] তেলেগু আৰু তামিল ভাষাত সঘনাই ছবি নিৰ্মাণ কৰি থকাৰ সময়তে তেওঁ কানাড়া, হিন্দী, মালয়ালম, মাৰাঠী, বাংলা, উড়িয়া, গুজৰাটী, ভোজপুৰী, অসমীয়া আৰু পাঞ্জাবী চলচ্চিত্ৰতো নিজৰ শাখা-প্ৰশাখা বিস্তাৰ কৰে।[11] তেওঁৰ হিন্দী ছবিসমূহৰ ভিতৰত আছে দিলদাৰ, তোফা, অনাৰি, হম আপকে দিল মেইন ৰেহতে হ্যায় আৰু আঘাজ।হৈছিল।[7] ২০১৫ চনলৈকে তেওঁ ১৩ টা ভাৰতীয় ভাষাত ১৩০ খনতকৈও অধিক ছবি নিৰ্মাণ কৰিছিল। এই কৃতিত্বৰ বাবে তেওঁ ২০০৮ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে।[12] ৰামানাইডুৱেও কেইখনমান ছবিত অভিনয় কৰিছিল আৰু বেছিভাগ তেওঁৰ নিজৰ প্ৰডাকচনচৰ। ২০০৭ চনৰ তেলেগু ছবি হোপত তেওঁ প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্ঘ্যৰ চৰিত্ৰত অভিনয় কৰিছিল। শৈক্ষিক চাপৰ ফলত কিশোৰ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ বিষয়ে বৰ্ণিত ছবিখনে ৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছিল।[13] বঁটা আৰু সন্মানঅসামৰিক সন্মান
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia