কে বিশ্বনাথ
কাছিনাধুনী বিশ্বনাথ (ইংৰাজী: Kasinadhuni Viswanath; ১৯ ফেব্ৰুৱাৰী ১৯৩০ – ২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত আছিল। ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে পৰিগণিত বিশ্বনাথ,[1][2] নিজৰ কৰ্মৰাজিৰ বাবে আন্তৰ্জাতিক স্বীকৃতি প্ৰাপ্তি আৰু সমান্তৰাল চলচ্চিত্ৰক মূলসুঁতিৰ চলচ্চিত্ৰৰ সৈতে মিশ্ৰণ কৰাৰ বাবে পৰিচিত।[টোকা 1] তেওঁক ১৯৮১ চনত ফ্ৰান্সৰ বেছানচন চলচ্চিত্ৰ মহোৎসৱত প্ৰাইজ অফ দ্য পাব্লিকেৰে সন্মানীত কৰা হয়।[5] ১৯৯২ চনত তেওঁ অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক ৰঘুপতি ভেংকয়া বঁটা আৰু কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ২০১৬ চনত তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হয়।[6][7][8] তেওঁক জনপ্ৰিয়ভাৱে "কলা-তপস্বী" নামেৰে জনা যায়। বিশ্বনাথে অডিঅ'গ্ৰাফাৰ হিচাপে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ষাঠি বছৰতকৈও দীঘলীয়া কৰ্মজীৱনত তেওঁ বিভিন্ন শৈলীৰ পূ্ৰ্ণদৈৰ্ঘ্য ছবি পৰিচালনা কৰিছে, য’ত পৰিবেশ্য কলা, দৃশ্য কলা, নান্দনিকতা, মেলোড্ৰামা আৰু কবিতাৰ ওপৰত আধাৰিত কেন্দ্ৰীয় বিষয়বস্তু অন্তৰ্ভূক্ত হৈ আছে।[9] বিশ্বনাথৰ ফিল্ম’গ্ৰাফী জাতি, ৰং, অক্ষমতা, লিংগ বৈষম্য, নাৰীবিদ্বেষ, মদ্যপান, আৰ্থ-সামাজিক প্ৰত্যাহ্বান আদি বিষয়সমূহক সম্বোধিত কৰাৰ বাবে জনাজাত। বিশ্বনাথৰ ক্লাছিক ব্লকবাষ্টাৰ ছবি শংকৰভৰনম (১৯৮০) আৰু সাগৰ সংগমম (১৯৮৩) CNN-IBNৰ সৰ্বকালৰ ১০০খন শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে।[10] তেওঁৰ পৰিচালনাৰ ছবি শংকৰভৰনম আৰু সপ্তপদীয়ে (১৯৮১) ক্ৰমে সামূহিক মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি আৰু ৰাষ্ট্ৰীয় সংহতি বিষয়ক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। শংকৰভৰনমক অষ্টম IFFI, [11][12] তাছখণ্ড চলচ্চিত্ৰ মহোৎসৱ, মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, আৰু বেছানচন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।[13] বিশ্বনাথৰ স্বাতী মুথিয়াম আছিল (১৯৮৬) ৫৯তম একাডেমী বঁটাত ভাৰতৰ আধিকাৰিক প্ৰৱিস্তি। স্বাতী মুথিয়াম, সাগৰ সংগমম আৰু ছিৰিভেন্নেলা (১৯৮৬), এছিয়া-পেচিফিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[14] স্বয়মক্ৰুচি (১৯৮৭) মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ উল্লেখ শিতানত অংশ লৈছিল।[15] শংকৰভৰনম, সাগৰ সংগমম, শ্ৰুতিলায়ালু (১৯৮৭) ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামাত,[16][17] স্বৰ্ণকমলম (১৯৮৮),এন আৰ্বাৰ চলচ্চিত্ৰ মহোৎসৱত[18][19] আৰু স্বাতী কিৰণম (১৯৯২) AISFM চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[20] বিশ্বনাথ পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সাতটা ৰাজ্যিক নন্দী বঁটা, দহটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু হিন্দী চলচ্চিত্ৰৰ বাবে এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।[21] পূৰ্ণোদয়া মুভী ক্ৰিয়েচনে প্ৰযোজনা কৰা বিশ্বনাথ পৰিচালিত ছবিবোৰ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ উল্লেখ শিতানত প্ৰদৰ্শিত হৈছিল; এই ছবিবোৰ ৰাছিয়ান ভাষালৈ ডাব কৰি মস্কোত থিয়েটাৰত মুক্তি দিয়া হৈছিল।[22][23] বঁটা
টোকাতথ্যউৎস
বাহ্যিক সংযোগ
|