মিথুন চক্ৰৱৰ্তী
মিথুন চক্ৰৱৰ্তী (ইংৰাজী: Mithun Chakraborty; জন্ম গৌৰাংগ চক্ৰৱৰ্তী; ১৬ জুন ১৯৫০) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ যিয়ে প্ৰধানকৈ হিন্দী আৰু বাংলা ভাষাৰ ছবিত অভিনয় কৰিছে। তেওঁ ৰাজ্যসভাৰ প্ৰাক্তন সংসদ সদস্য ৷ [2] [3] চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ অভিনেতাৰ তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁক ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[4] [5] একে বছৰৰে ছেপ্তেম্বৰ মাহত চৰকাৰে ২০২২ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰে। চক্ৰৱৰ্তীয়ে কলাত্মক নাট্যধৰ্মী চলচ্চিত্ৰ মৃগয়াৰ (১৯৭৬) জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে, যাৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। [6] ১৯৮২ চনত ভাৰত আৰু ছোভিয়েট ইউনিয়নত বক্স অফিচত বৃহৎ সফলতা অৰ্জন কৰা ডিস্কো ডান্সাৰ ছবিখনৰ জৰিয়তে চক্ৰৱৰ্তীয়ে ৰাতিটোৰ ভিতৰতে চেনচেচনত পৰিণত হয় ৷ [7] ডিস্কো ডান্সাৰৰ উপৰিও তেওঁ মুখ্য আৰু চৰিত্ৰাভিনেতা হিচাপে বহু সফল আৰু স্মৰণীয় ছবিত অভিনয় কৰিছে। [8] [9] [10] [11] ১৯৯১ চনত তেওঁ কাল্ট ক্লাছিক অগ্নিপথত কৃষ্ণন আয়াৰ এম এৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ তাহাদেৰ কথা (১৯৯২) আৰু স্বামী বিবেকানন্দ (১৯৯৮) ছবিত অভিনয় কৰি আৰু দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। [6] চক্ৰৱৰ্তীয়ে বাংলা, হিন্দী, ওড়িয়া, ভোজপুৰী, তামিল, তেলেগু, কানাড়া, আৰু পাঞ্জাবী [12] ছবিকে ধৰি ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। ১৯৮৯ চনত মুখ্য অভিনেতা হিচাপে ১৯খন ছবি মুক্তিৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডছত অভিলেখ গঢ়িছে আৰু ২০২২ চনৰ জুলাই মাহলৈকে বলীউডত এই অভিলেখ এতিয়াও ভংগ হোৱা নাই [13] চক্ৰৱৰ্তী আতিথ্য আৰু শিক্ষা খণ্ডৰ সৈতে জড়িত মনাৰ্ক গ্ৰুপৰ স্বত্বাধিকাৰী। [14] [15] ইয়াৰ উপৰিও তেওঁ আৰম্ভ কৰিছে প্ৰডাকচন হাউছ পাপাৰাট্জি প্ৰডাকচন। [16] ১৯৯২ চনত তেওঁ দিলীপ কুমাৰ আৰু সুনীল দত্তৰ সৈতে মিলি অভাৱগ্ৰস্থ অভিনয়শিল্পীসকলক সহায় কৰিবলৈ চিনে এণ্ড টিভি আৰ্টিষ্ট এছ'চিয়েচন (CINTAA) নামৰ এটা ট্ৰাষ্ট গঠন কৰে। [17] তেওঁ [18] চলচ্চিত্ৰ কৰ্মীসকলৰ কল্যাণ আৰু তেওঁলোকৰ দাবী আৰু সমস্যা সমাধানৰ হকে কাম কৰা ‘ফিল্ম ষ্টুডিঅ’ চেটিং এণ্ড এলাইড মজদুৰ ইউনিয়ন’ৰ অধ্যক্ষও আছিল। [19] [20] [21] [22] চক্ৰৱৰ্তীয়ে গ্ৰেণ্ড মাষ্টাৰৰ ৰূপত দায়িত্ব পালন কৰা টেলিভিছন শ্ব' ডান্স ইণ্ডিয়া ডান্স ইতিমধ্যে লিমকা বুক অৱ ৰেকৰ্ডছ আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে ৷ [23] তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰণৱ মুখাৰ্জী আৰু মমতা বেনাৰ্জীৰ মাজত মধ্যস্থতাকাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল; ২০১২ চনৰ ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত মুখাৰ্জীয়ে বেনাৰ্জীৰ দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সমৰ্থন লাভ কৰিছিল। [24] ২০২১ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ ৭ মাৰ্চত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷
চক্ৰৱৰ্তী অভিনীত উল্লেখযোগ্য চলচ্চিত্ৰ
তথ্যউৎস
বাহ্যিক সংযোগ
|