কে বালচন্দৰ
কৈলাসম বালচন্দৰ (ইংৰাজী: Kailasam Balachandar ; ৯ জুলাই ১৯৩০- ২৩ ডিচেম্বৰ ২০১৪ ) এজন ভাৰতীয় নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা, যি মূলতঃ তামিল চলচ্চিত্ৰৰ সৈতে জড়িত আছিল। সুকীয়া চলচ্চিত্ৰ নিৰ্মাণ শৈলীৰ বাবে তেওঁ সুপৰিচিত আছিল আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে তেওঁক অগতানুগতিক বিষয়বস্তু আৰু কঠোৰ সমসাময়িক বিষয়বস্তুৰ গুৰু হিচাপে চিনি পাইছিল। বালচন্দৰৰ ছবিসমূহত নাৰীক সাহসী ব্যক্তিত্ব আৰু কেন্দ্ৰীয় চৰিত্ৰ হিচাপে চিত্ৰিত কৰাৰ বাবে সুপৰিচিত। জনপ্ৰিয়ভাৱে তেওঁক ইয়াক্কুনাৰ ছিগাৰম (সাক্ষৰিক অৰ্থত "সৰ্বোচ্চ পৰিচালক") বুলি জনাজাত,[1][2] বালচন্দৰৰ ছবিসমূহ সাধাৰণতে অস্বাভাৱিক বা জটিল আন্তঃব্যক্তিগত সম্পৰ্ক আৰু সামাজিক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিভূত। ১৯৬৪ চনত চিত্ৰনাট্যকাৰ হিচাপে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰি নীৰকুমিঝি (১৯৬৫) ছবিৰে পৰিচালনাত হাত দিয়ে। ৫০ বছৰীয়া কৰ্মজীৱনত তেওঁ চিত্ৰনাট্যকাৰ বা পৰিচালক হিচাপে প্ৰায় ১০০খন পূৰ্ণদৈৰ্ঘ্য ছবিত অৰিহণা যোগাইছিল আৰু দেশৰ অন্যতম উৎপাদনশীল চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিগণিত হৈছিল।[3] সহযোগীসকলৰ মাজত জটিল কামৰ গুৰু (tough task master) হিচাপে পৰিচিত[4] বালচন্দৰে অসংখ্য অভিনেতাৰ, বিশেষকৈ, যেনে নাগেশ, সুজাতা, কামাল হাচান, ৰজনীকান্ত, চিৰঞ্জীৱী, জয়াপ্ৰদা, শ্ৰীদেৱী, জয়াসুধা, সৰিতা, ৰেণুকা, নাছাৰ, প্ৰকাশ ৰাজ, ৰমেশ অৰবিন্দ আৰু বিবেকক সৃষ্টি কৰাৰ কৃতিত্ব লাভ কৰিছিল। চলচ্চিত্ৰ জীৱনত বালচন্দৰে ৯টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১১টা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ৫টা নন্দী বঁটা আৰু ১৩টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তাৰোপৰি তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী (১৯৮৭) আৰু ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হয়। তেওঁ নিজৰে কবিতালয়া প্ৰডাকচনৰ অধীনতো ছবি নিৰ্মাণ কৰিছে। তামিলৰ বাহিৰেও তেওঁ তেলেগু, কানাড়া আৰু হিন্দী আদি অন্যান্য ভাষাত ছবি নিৰ্মাণ কৰিছে। কৰ্মজীৱনৰ শেষৰ ফালে তেওঁ কেইখনমান টিভি ধাৰাবাহিক পৰিচালনা কৰাৰ উপৰিও কেইখনমান ছবি অভিনয়ো কৰিছিল। বঁটা আৰু সন্মানঅসামৰিক সন্মান
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ফিল্মফেয়াৰ বঁটা
টোকা
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia