তপন সিনহা |
---|
২০১৩ চনত মুদ্ৰিত ডাকটিকটত সিনহা |
জন্ম |
২ অক্টোবৰ, ১৯২৪ কলকাতা, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ কলকাতা, পশ্চিম বংগ) |
---|
মৃত্যু |
১৫ জানুৱাৰী, ২০০৯ (৮৪ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
---|
শিক্ষানুষ্ঠান |
পাটনা বিশ্ববিদ্যালয় (বিজ্ঞান স্নাতক) ৰাজাবাজাৰ চায়েঞ্চ কলেজ (বিজ্ঞানৰ স্নাতকোত্তৰ) কলকাতা বিশ্ববিদ্যালয় |
---|
সক্ৰিয় হৈ থকা সময় |
১৯৪৬-২০০১ |
---|
দাম্পত্যসঙ্গী |
অৰুন্ধতী দেৱী |
---|
সন্তান |
অনিন্দ সিনহা |
তপন সিনহা (ইংৰাজী: Tapan Sinha; ২ অক্টোবৰ ১৯২৪ – ১৫ জানুৱাৰী ২০০৯) [1] তেওঁৰ সময়ৰ অন্যতম বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল আৰু সত্যজিৎ ৰায়, ঋত্বিক ঘটক আৰু মৃণাল সেনৰ সৈতে এটা কিংবদন্তি চতুৰ্ভূজ গঠন কৰিছিল। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰৰ পৰিচালক আছিল যদিও তেওঁ হিন্দী ভাষাতো ছবি নিৰ্মাণ কৰিছিল। তেওঁৰ ছবিসমূহৰ ভিতৰত আছিল- কাবুলিৱালা (১৯৫৭), লৌহ-কপাত, সগিনা মাহাতো (১৯৭০), আপনজন (১৯৬৮), ক্ষুধিত পাষাণ; শিশু ছবি চিনেমা ছফেদ হাথী (১৯৭৮) আৰু আজ কা ৰবীনহুড আদি। ১৯৪৬ চনত সিনহাই কলকাতাৰ নিউ থিয়েটাৰ্ছ ফিল্ম প্ৰডাকচন হাউচত শব্দযন্ত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ১৯৫০ চনত তেওঁ ইংলেণ্ডলৈ ৰাওনা হয় আৰু তাত পৰৱৰ্তী দুবছৰ পাইনউড ষ্টুডিঅ’ত কাম কৰে। তাৰপৰা ঘৰলৈ উভতি আহি বঙালী, হিন্দী, ওড়িয়া ভাষাত সামাজিক, পাৰিবাৰিক, শ্ৰমিক অধিকাৰ, শিশুৰ বাবে ফেণ্টাচী আদি বিভিন্ন শৈলীৰ ছবি নিৰ্মাণেৰে ভাৰতীয় চলচ্চিত্ৰত সুদীৰ্ঘ ছয় দশক জুৰি জড়িত হৈ থাকে। তেওঁ ভাৰতৰ সমান্তৰাল চলচ্চিত্ৰ আন্দোলনৰ অন্যতম প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা আছিল। [2][3][4]
ব্যক্তিগত জীৱন
সিনহাৰ জন্ম হৈছিল পশ্চিমবংগৰ কলকাতাত। চলচ্চিত্ৰৰ প্ৰতি তেওঁৰ আগ্ৰহ ছাত্ৰ জীৱনৰ পৰাই দেখা গৈছিল। ভাগলপুৰৰ দুৰ্গাচৰণ এম ই স্কুলত পঞ্চম মানত তেওঁৰ নামভৰ্তি কৰোৱা হয়। পিছলৈ এইখন মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়। স্কুলৰ অধ্যক্ষ আছিল সুৰেন্দ্ৰনাথ গংগোপাধ্যায়, যি শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ মোমায়েক আছিল।[5] পাটনা বিশ্ববিদ্যালয়ত তেওঁ পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে আৰু পিছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ এম.এছ.চি. উপাধি লয়।
ভাৰতীয় অভিনেত্ৰী অৰুন্ধতী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰ ভাৰতীয় বিজ্ঞানী অধ্যাপক অনিন্দ্য সিনহা।
২০০৯ চনৰ ১৫ জানুৱাৰীত নিউমোনিয়া আৰু চেপ্টিচেমিয়াত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[6]
বঁটা
- অসামৰিক বঁটা
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ১৯৫৬-৪ৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (কাবুলিৱালা)[8]
- ১৯৫৬- ৪ৰ্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (কাবুলিৱালা)[8]
- ১৯৫৭- ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (লৌহ-কপাট) [9]
- ১৯৬০- ৮ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (ক্ষুধিত পাষাণ)[10]
- ১৯৬৫- ১৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (অতিথি)
- ১৯৬৭- ১৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (হাটে বাজাৰে)
- ১৯৬৮- ১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (আপনজন)
- ১৯৭১- ১৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ চিত্ৰনাট্ (এখনি)
- ১৯৭৭- ২৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ (ছফেদ হাথী)
- ১৯৮৪- ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰাষ্ট্ৰীয় একতা বিষয়ক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ নাৰ্গিচ দত্ত বঁটা (আদমী ঔৰ ঔৰত)
- ১৯৯০- ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পৰিচালনা (এক ডক্তৰ কী মৌত)
- ১৯৯০- ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (এক ডক্তৰ কী মৌত)
- ১৯৯৪- ৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ (হুইল চেয়াৰ)
- ২০০৬: দাদাচাহেব ফাল্কে বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|
---|
| ১৯৬৯-১৯৮০ | | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১-বৰ্তমানলৈ | |
---|
|