বি নাগী ৰেড্ডী
বম্মিৰেড্ডী নাগী ৰেড্ডী ((ইংৰাজী: Bommireddy Nagi Reddi ; ২ ডিচেম্বৰ ১৯১২ – ২৫ ফেব্ৰুৱাৰী ২০০৪[1]) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু মূলতঃ তেলেগু চলচ্চিত্ৰৰ পৰিচালক। তেওঁ চেন্নাইত বিজয়া বৌহিনী ষ্টুডিঅ' স্থাপন কৰে, যি আছিল সেই সময়ৰ এছিয়াৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ ষ্টুডিঅ'।[2] যিহেতু তেওঁৰ চলচ্চিত্ৰ পৰিচালক তথা দক্ষিণ ভাৰতৰ পৰা প্ৰথম দাদা চাহেব বঁটা বিজয়ী ককায়েকৰ নামৰ প্ৰথম আখৰ তেওঁৰ সৈতে একে আছিল আৰু ককায়েকক বি এন ৰেড্ডী নামেৰে জনা গৈছিল, সেয়েহে ভায়েক জনপ্ৰিয়ভাৱে বি নাগী ৰেড্ডী নামেৰে পৰিচিত হয়। নাগী ৰেড্ডীয়ে প্ৰযোজনা কৰা কেইখনমান ছবি হৈছে পাতাল ভৈৰৱী (১৯৫১), মিছাম্মা (১৯৫৫), মায়া বজাৰ (১৯৫৭), গুণ্ডম্মা কথা (১৯৬২), মাদুৱে মাদি নোডু (১৯৬৫-কানাড়া), এংগা বীতু পিল্লাই (১৯৬৫), ৰাম আৰু শ্যাম (১৯৬৭), নাম নাডু (১৯৬৯-তামিল), শ্ৰীমান শ্ৰীমতী (১৯৮২), জুলী (১৯৭৫), আৰু স্বৰ্গ-নৰক (১৯৭৮)। ৰেড্ডীয়ে ১৯৬০–৬১ আৰু ১৯৬২–৬৩ চনত দুবাৰকৈ ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] কৰ্মজীৱননাগী ৰেড্ডীয়ে তেওঁৰ বন্ধু তথা সংগী আলুৰী চক্ৰপাণিৰ সৈতে চাৰিটা দশকত চাৰিটা দক্ষিণ ভাৰতীয় ভাষাত আৰু হিন্দী ভাষাতো পঞ্চাশখনতকৈও অধিক ছবি নিৰ্মাণ কৰিছিল।[1] তেওঁ পৌৰাণিক, ভক্তিমূলক আৰু বুৰঞ্জীমূলক তেলেগু চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবিৰ ভিতৰত হ’ল- পাতাল ভৈৰৱী, মায়া বজাৰ, মিছাম্মা আদি। তেওঁ প্ৰায়বোৰৰ ছবি চিত্ৰনাট্যকাৰ চক্ৰপাণিৰ সহযোগত নিৰ্মাণ কৰিছিল। ১৯৭০-ৰ দশকত তেওঁৰ ষ্টুডিঅ’ৰ পৰা তেলেগু চলচ্চিত্ৰ উদ্যোগ আঁতৰি যোৱাৰ পিছত নাগী ৰেড্ডীয়ে বিজয়া-বৌহিনীক বন্ধ কৰি দিয়ে আৰু বিজয়া হাস্পাতাল আৰু বিজয়া স্বাস্থ্য কেন্দ্ৰ আৰম্ভ কৰে। নাগী ৰেড্ডীয়ে ১৯৪৫ চনত অন্ধ্ৰ জ্যোতি কাকত আৰম্ভ কৰে।[1] ১৯৪৭ চনৰ জুলাই মাহত তেওঁ শিশু আলোচনী চান্দমামা প্ৰতিষ্ঠা কৰে;[3] যিখন শিশু আলোচনী প্ৰায় এক ডজন ভিন্ন ভাষাত আলোচনীখন ছপা হৈছিল। তেওঁৰ ১০০ বছৰীয়া জন্মবৰ্ষৰ সৈতে সংগতি ৰাখি শ্ৰেষ্ঠ তেলেগু আৰু তামিল পৰিয়ালৰ মনোৰঞ্জকসকললৈ ‘নাগী ৰেড্ডী সোঁৱৰণী বঁটা’ নামেৰে এটা নতুন বঁটা প্ৰৱৰ্তন কৰা হয়।[4][5] বঁটা আৰু স্বীকৃতি
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia