নৌশাদ
নৌশাদ আলী ((ইংৰাজী: Naushad Ali ; ২৫ ডিচেম্বৰ ১৯১৯ – ৫ মে' ২০০৬) হিন্দী চলচ্চিত্ৰৰ এজন সুৰকাৰ আছিল।[1][2][3] তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু অগ্ৰণী সংগীত পৰিচালক হিচাপে গণ্য কৰা হয়।[4] তেওঁ চলচ্চিত্ৰত শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰাৰ বাবে বহুতভাবে পৰিচিত।[5][6] স্বতন্ত্ৰ সংগীত পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৪০ চনত মুক্তি পোৱা প্ৰেম নগৰ।[7] সংগীতৰ ক্ষেত্ৰত তেওঁৰ প্ৰথমখন সফল ছবি আছিল ৰত্ন (১৯৪৪); তাৰ পিছত তেওঁ সংগীত দিয়া ৩৫খন ছবিয়ে ৰূপালী জয়ন্তী , ১২খন ছবিয়ে সোণালী জয়ন্তী আৰু ৩খন ছবিয়ে হীৰক জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছিল। হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে নৌশাদক ১৯৮১ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ১৯৯২ চনত পদ্মভূষণ প্ৰদান কৰা হৈছিল।[8] প্ৰাৰম্ভিক জীৱনভাৰতীয় মুছলমান সংস্কৃতিৰ কেন্দ্ৰ হিচাপে দীৰ্ঘদিনীয়া পৰম্পৰা থকা চহৰ লক্ষ্ণৌত নৌশাদ আলীৰ জন্ম আৰু পালন-পোষণ হৈছিল। তেওঁৰ পিতৃ ৱাহিদ আলী এজন মুঞ্চি আছিল। সৰুতে নৌশাদে লক্ষ্ণৌৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ বাৰাবাংকিৰ দেৱশ্বৰীফত অনুষ্ঠিত হোৱা বাৰ্ষিক মেলা চাবলৈ গৈছিল, য’ত সেই সময়ৰ সকলো মহান কাৱাল (কাবলী পৰিবেশন কৰা শিল্পী) আৰু সংগীতজ্ঞই ভক্তসকলৰ আগত অনুষ্ঠান পৰিৱেশন কৰিছিল। তাতেই তেওঁ ওস্তাদ ঘুৰবত আলী, ওস্তাদ ইউছুফ আলী, ওস্তাদ বাব্বন চাহেব আদিৰ অধীনত হিন্দুস্তানী সংগীতৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ হাৰমনিয়ামও মেৰামতি কৰিছিল।[2] কৰ্মজীৱনমুম্বাইত তেওঁ প্ৰথমে লক্ষ্ণৌৰ এজন চিনাকি মানুহৰ লগত কোলাবাত থাকি কিছু দিনৰ পিছত দাদৰৰ ব্ৰডৱে থিয়েটাৰৰ ওচৰলৈ স্থানান্তৰিত হয়, য’ত তেওঁ ফুটপাথত শুইছিল। সেই সময়ত সফলতাৰ শিখৰত থকা সংগীত পৰিচালক উস্তাদ ঝণ্ডে খানক তেওঁ সহায় কৰিছিল আৰু তাৰবাবে মাহিলী দৰমহা পাইছিল ৪০ টকা। তেওঁ চেম্বুৰত অৱস্থিত এটা ষ্টুডিঅ’ত ৰাছিয়ান প্ৰযোজক এজনৰ সৈতে এখন ছবিৰ কাম কৰিছিল। এই ছবিখন সম্পূৰ্ণ কৰিব পৰা নহ’ল। তেওঁ সুৰকাৰ ওস্তাদ মুস্তাক হুছেইনৰ অৰ্কেষ্ট্ৰাত পিয়ানোবাদক হিচাপেও কাম কৰিছিল।[2] ইয়াৰ পিছত তেওঁ এখন ছবিৰ অসমাপ্ত সংগীত পৰিমাৰ্জনৰ কৰি মুস্তাক হুছেইনৰ সহকাৰী হিচাপে ক্ৰেডিট লাভ কৰে। সংগীত পৰিচালক খেমচান্দ প্ৰকাশে তেওঁক ৰঞ্জিত ষ্টুডিঅ'ত প্ৰতিমাহে ৬০ টকা দৰমহাত কাঞ্চন ছবিৰ বাবে তেওঁৰ সহায়ক হিচাপে নিযুক্তি দিয়ে, যাৰ বাবে নৌশাদ তেওঁৰ প্ৰতি অত্যন্ত কৃতজ্ঞ হৈ থাকিল। এটা সাক্ষাৎকাৰত নৌশাদে খেমচান্দক নিজৰ গুৰু বুলি অভিহিত কৰিছিল।[2] তেওঁৰ বন্ধু গীতিকাৰ ডি এন মাধোকে নৌশাদৰ সংগীত ৰচনাৰ অসাধাৰণ প্ৰতিভাক বিশ্বাস কৰি বিভিন্ন চলচ্চিত্ৰ নিৰ্মাতাৰ লগত চিনাকি কৰাই দিছিল। ৰঞ্জিত ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী চান্দুলাল শ্বাহে নৌশাদক তেওঁৰ আহিবলগীয়া এখন ছবিৰ বাবে চুক্তিবদ্ধ কৰাৰ প্ৰস্তাৱ দিয়ে। নৌশাদে এই ছবিখনৰ বাবে বতা দে কোয়ী কৌন গলি গয়ে শ্যাম শীৰ্ষক এটা থুমৰি ৰচনা কৰিছিল, কিন্তু ছবিখন কেতিয়াও নিৰ্মাণ নহ’ল। তেওঁ পাঞ্জাবী ছবি মিৰ্জা চাহাবৰ (১৯৩৯) সহকাৰী সংগীত পৰিচালক আছিল। ১৯৪০ চনত তেওঁ প্ৰথমখন স্বতন্ত্ৰ ছবি প্ৰেম নগৰৰ বাবে ৰচনা কৰে। ছবিখনৰ কাহিনী গুজৰাটৰ কচ্চ অঞ্চলক লৈ গঢ়ি উঠিছিল; যাৰবাবে তেওঁ সেই অঞ্চলৰ লোক সংগীতৰ বিষয়ে যথেষ্ঠ গৱেষণা কৰি লৈছিল। এ আৰ কাৰদাৰৰ ছবি নয়ী দুনিয়াত (১৯৪২), তেওঁ "সংগীত পৰিচালক" হিচাপে প্ৰথম ক্ৰেডিট লাভ কৰে আৰু তেওঁ নিয়মিতভাৱে কাৰদাৰ প্ৰডাকচনৰ বাবে কাম কৰিবলৈ লয়। তেওঁৰ ক্ষেত্ৰত অৱশ্যে চুক্তিত এটা নমনীয়তা আছিল যে তেওঁ কাৰদাৰ প্ৰডাকচনৰ বাহিৰত কাম কৰিব পাৰে। আৰু এই ব্যৱস্থা তেওঁৰ সমগ্ৰ কৰ্মজীৱন জুৰি বাহাল থাকিল। এ আৰ কাৰদাৰৰ ছবি সাৰদাত তেওঁৰ কাম প্ৰথম চকুত পৰিছিল (১৯৪২); য'ত নায়িকা মেহতাবৰ বাবে গোৱা পঞ্চি যা শীৰ্ষক গীতটোৰে ১৩ বছৰীয়া সুৰাইয়াৰ গায়িকাৰ ৰূপে অভিষেক ঘটিছিল। ৰতন (১৯৪৪) ছবিখনে নৌশাদক শীৰ্ষলৈ লৈ গৈছিল আৰু সেই দিনবোৰত তেওঁক প্ৰতিখন ছবিৰ বাবে ২৫,০০০ টকা পাবলৈ সক্ষম কৰি তুলিছিল।[2][9] চলচ্চিত্ৰ বিশেষজ্ঞ তথা লেখক ৰাজেশ সুব্ৰমণিয়ানৰ মতে ১৯৪৪ চনত কাৰদাৰ প্ৰডাকচনে ৰতন নিৰ্মাণৰ বাবে পয়সত্তৰ হাজাৰ টকা খৰচ কৰিছিল। নৌশাদৰ সংগীত ইমানেই হিট হৈছিল যে প্ৰথম বছৰতে কোম্পানীটোৱে গ্ৰাম’ফোন বিক্ৰীৰ পৰা ৰয়েল্টি হিচাপে ৩ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁৰ লক্ষ্ণৌৰ ঘৰখন সংগীতৰ বিৰোধী হৈয়েই থাকিল; যাৰবাবে নৌশাদে সংগীত ৰচনা কৰা কথাটো পৰিয়ালৰ পৰা লুকুৱাই ৰাখিব লগীয়া হৈছিল। নৌশাদৰ বিয়াৰ সময়ত আমন্ত্ৰণ কৰি বেণ্ডটোৱে তেওঁৰ ছবি ৰতনৰ ছুপাৰ হিট গীতৰ সুৰ বজাই আছিল। তেওঁ হিন্দু আৰু মুছলমানৰ সংস্কৃতি আৰু সেই সংস্কৃতিৰ ভাষা বুজি পাইছিল।[9] ১৯৪২ চনৰ পৰা ১৯৬০ চনৰ শেষৰ ফালে হিন্দী ছবিৰ অন্যতম শীৰ্ষ সংগীত পৰিচালক আছিল। তেওঁ জীৱনকালত ৬৫খন ছবি কৰিছিল আৰু তাৰ ভিতৰত ২৬খনে ৰূপালী জয়ন্তী (২৫ সপ্তাহ জুৰি একেৰাহে চলা) – ৮খনে সোণালী জয়ন্তী (৫০ সপ্তাহ জুৰি একেৰাহে চলা) আৰু ৪খনে হীৰক জয়ন্তী (৬০ সপ্তাহ জুৰি একেৰাহে চলা) উদযাপন কৰিছিল। নৌশাদে কেইবাজনো গীতিকাৰ সৈতে কাম কৰিছিল, য'ত আছিল শ্বকিল বদয়ুনি, মাজৰুহ চুলতানপুৰী, ডি.এন.মাধোক। তেওঁ সংগীত ৰচনা কৰা মাদাৰ ইণ্ডিয়াই (১৯৫৭), অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমখন ভাৰতীয় ছবি।[9] ৮৬ বছৰ বয়সত তেওঁ তাজমহল: এন ইটাৰ্নেল লাভ ষ্ট'ৰীৰ (২০০৫) সুৰ ৰচনা কৰে।[2] তেওঁৰ জীৱন আৰু কৰ্মক লৈ পাঁচখন ছবি নিৰ্মাণ কৰা হৈছে। প্ৰকাশিত জীৱনীমূলক গ্ৰন্থসমূহ হ’ল শশীকান্ত কিনিকাৰৰ দাস্তান-ই-নৌশাদ (মাৰাঠী);আজ গাৱত মন মেৰো (গুজৰাটী)। নৌশাদে ১৯৮৮ চনত হিন্দী চলচ্চিত্ৰ তাৰকা সঞ্জয় খান আৰু ফিৰোজ খানৰ ভাতৃ আকবৰ খানে পৰিচালনা কৰা টিভি ধাৰাবাহিক আকবৰ দ্য গ্ৰেট আৰু ১৯৯০ চনত সম্প্ৰচাৰিত হোৱা সঞ্জয় খান আৰু আকবৰৰ প্ৰযোজক আৰু পৰিচালিত দ্য ছ’ৰ্ড অৱ টিপু চুলতানৰ সংগীত ৰচনা কৰিছিল। বঁটা আৰু স্বীকৃতি
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia