আশা ভোছলে
আশা ভোঁচলে (ইংৰাজী: Asha Bhosle) ভাৰতৰ এগৰাকী স্বনামধন্যা জনপ্ৰিয় গায়িকা। তেওঁ ১৯৪৩ চনৰপৰা এতিয়ালৈকে সহস্ৰাধিক হিন্দী আৰু ভিন্নভাষী চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গান গাইছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিৱেশন কৰিছে। তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী। তেওঁ নিজৰ কণ্ঠৰ বিচিত্ৰতাৰ কাৰণে ভিন্ন ভাষাৰ বোলছবি সংগীত, পপ সংগীত, গজল, ভজন, ভাৰতীয় শাস্ত্ৰীয় সংগীত, লোকসংগীত, কাৱালি, ৰবীন্দ্ৰ সংগীত ইত্যাদি প্ৰায় সকলোধৰণৰ গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁ হিন্দী ভাষাৰ উপৰিও ২০ টাতকৈ অধিক দেশী বিদেশী ভাষাত কণ্ঠদান কৰিছে। ২০০৯ চনত 'ৱৰ্ল্ড ৰেকৰ্ডছ একাডেমী' নামৰ এটা আন্তৰ্জাতিক সংগঠনে তেওঁক বিশ্বৰ সৰ্বাধিক গীত বাণীবদ্ধ কৰা শিল্পী (১২০০০তকৈয়ো অধিক) বুলি স্বীকৃতি দিয়ে আৰু ২০১১ চনত একেটা কাৰণতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়। ভাৰত চৰকাৰে তেওঁক ২০০০ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ২০০৮ চনত পদ্মবিভূষণ সন্মান প্ৰদান কৰে। জীৱন বৃত্ত১৯৩৩ চনৰ ৮ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত ব'ম্বে প্ৰেছিডেন্সীৰ (এতিয়াৰ মহাৰাষ্ট্ৰ) ছাংলিৰ এখন সৰু গাঁৱত আশা ভোঁচলেৰ জন্ম হৈছিল। দেউতাক দীননাথ মংগেশকাৰ এজন থিয়েটাৰ অভিনেতা আৰু শাস্ত্ৰীয় সংগীতশিল্পী আছিল। তেওঁৰ ৯ বছৰ বয়সতে দেউতাক ঢুকুৱাত তেওঁলোকৰ পৰিয়াল প্ৰথমে কোলহাপুৰত আৰু পাছত মুম্বাইত থাকিবলৈ লয়। পৰিয়ালৰ ভৰণ পোষণত সহায় কৰিবলৈ তেওঁ আৰু বায়েক লতা মংগেশকাৰে গান গাবলৈ আৰু অভিনয় কৰিবলৈ আৰম্ভ কৰে। ১৬ বছৰ বয়সতে তেওঁ ৩১ বছৰীয়া গণপতৰাও ভোঁচলেৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল যদিও কেইবছৰমানৰ পাছতে সেই সম্পৰ্কৰ অন্ত পৰে আৰু ১৯৬০ চনত তেওঁ দুটি সন্তান আৰু এটি গৰ্ভস্থ সন্তানৰ সৈতে মাতৃগৃহলৈ গুচি আহে। পাছত তেওঁ ১৯৮০ চনত সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ লগত পুনৰ বিবাহপাশত আৱদ্ধ হয়। সংগীত জীৱন'মাঝা বাল' (১৯৪৩) নামৰ মাৰাঠী ছবিখনত তেওঁ 'চলা চলা নাৱ ব'লা' শীৰ্ষক তেওঁৰ প্ৰথম বোলছবি সংগীতটো গায়। হিন্দী বোলছবিত তেওঁৰ প্ৰথম গীতটো আছিল 'চুনৰিয়া' (১৯৪৮) বোলছবিৰ 'ছাৱন আয়া', আৰু তেওঁৰ প্ৰথম একক হিন্দী বোলছবি গীতটো গায় 'ৰাত কি ৰাণী' (১৯৪৯) বোলছবিখনত। তেওঁ প্ৰথমে কম বাজেটৰ আৰু বি গ্ৰেড হিন্দী বোলছবিবিলাকতহে গীত গাবলৈ সুবিধা পাইছিল আৰু বিশেষ সফলতা পোৱা নাছিল। কিন্তু ১৯৫৭ চনত বি আৰ চোপ্ৰাৰ 'নয়া দৌৰ' বোলছবিৰপৰা তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। তাৰ পাছৰপৰা তেওঁ প্ৰায় সকলো প্ৰতিষ্ঠিত সংগীত পৰিচালকৰ সৈতে কাম কৰিছে আৰু বহুকেইটা চিৰসেউজ আৰু যুগজয়ী গীত উপহাৰ দিছে। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰতো কণ্ঠ দিছে। ইয়াৰ উপৰিও তেওঁ বহুকেইটা ব্যক্তিগত এলবাম যেনে 'দিল পড়োছী হে' (১৯৮৭), 'লিগেছী', 'ৰাহুল এণ্ড আই', 'জানম ছমঝা কৰো' (১৯৯৭), 'আপ কি আশা' (২০০২) ইত্যাদিত কণ্ঠ দিছে। ব্যক্তিগত জীৱনসংগীতৰ উপৰিও তেওঁ ব্যৱসায়ৰ লগতো জড়িত। ডুবাই, আবু ধাবি, ড'হা আৰু কুৱেইটত তেওঁৰ 'আশাছ' নামৰ বহুকেইখন ৰেস্তোৰাঁ আছে, য'ত পশ্চিম ভাৰতীয় খাদ্যৰ সোৱাদ পোৱা যায়। পুৰস্কাৰফিল্মফেয়াৰ বঁটা, শ্ৰেষ্ঠ নেপথ্য গায়িকা
ইয়াৰ পাছৰপৰা তেওঁ এই বঁটা ল'বলৈ অস্বীকাৰ কৰে। তথাপি তেওঁ আৰু অলকা য়াগনিকেই এতিয়ালৈকে সৰ্বাধিক ৭ বাৰ এই বঁটা লাভ কৰিছে।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ নেপথ্য গায়িকা
তথ্য সংগ্ৰহগ্ৰন্থ সংযোগ
বাহ্যিক সংযোগ
|