বৈজয়ন্তীমালা
বৈজয়ন্তীমালা (ইংৰাজী: Vyjayanthimala ; জন্ম ১৩ আগষ্ট ১৯৩৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, ভাৰতনাট্যম শিল্পী, কৰ্ণাটকী কণ্ঠশিল্পী, কোৰিঅ’গ্ৰাফাৰ আৰু সাংসদ। ত বৈজয়ন্তীমাল তেওঁৰ সময়ৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ ‘প্ৰথম মহিলা মহাতাৰকা’ গণ্য কৰা হয়। ১৯৪৯ চনত তামিল ছবি বাঝকাই আৰু ১৯৫০ চনত তেলেগু ছবি জীৱিতমৰ যোগেদি তেওঁ আত্মপ্ৰকাশ কৰিছিল। পিছলৈ তেওঁ দক্ষিণ ভাৰতীয় আৰু সোণালী যুগৰ বলীউডী চলচ্চিত্ৰৰ অন্যতম বিশিষ্ট অভিনেত্ৰীত পৰিণত হৈছিল। তেওঁক এগৰাকী সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ‘আইকণিক’ নায়িকা বুলি জনা যায়। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নৃত্যৰ শৈলী আৰু মান সম্পূৰ্ণৰূপে সলনি কৰি দিয়া প্ৰথম তাৰকা। তেওঁৰ বাবেই পিছলৈ ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ ধ্ৰুপদী নৃত্যত পাৰদৰ্শিতা আশা কৰা হৈছিল। বলীউডত এগৰাকী তাৰকা হিচাপে প্ৰতিষ্ঠিত হোৱা তেৱেঁ প্ৰথম দক্ষিণ ভাৰতীয় অভিনেত্ৰী আৰু তেওঁৱেই অন্যান্য দক্ষিণ ভাৰতীয় অভিনেত্ৰীসকলক বলীউডলৈ বাট মুকলি কৰি দিছিল। এগৰাকী দক্ষ নৃত্যশিল্পী বৈজয়ন্তীমালাই বলীউডক অৰ্ধ-শাস্ত্ৰীয় নৃত্যৰ সৈতে পৰিচিত কৰাই দিছিল।[2][3] ১৯৬৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। 'গাৱাৰ' (১৯৭০) ছবিত অভিনয় কৰাৰ পিছত তেওঁ অভিনয় জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰ পৰাই নৃত্যৰ বাবে বিশেষকৈ ভাৰত নাট্যমৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰে আৰু পিছলৈ অনুশীলনকাৰী শিল্পীক প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ২০২৪ চনত তেওঁ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটা লাভ কৰে। কৰ্মজীৱনবৈজয়ন্তীমালাই ১৩ বছৰ বয়সত তামিল ছবি বাঝকাই (১৯৪৯) আৰু তেলেগু ছবি জীৱিতমৰ (১৯৫০) জৰিয়তে চনত পৰ্দাত আত্মপ্ৰকাশ কৰে। বাঝকাইৰ সফলতাৰ পিছত ইয়াক হিন্দী ভাষাত বহাৰ (১৯৫১) নামেৰে ৰিমেক কৰা হৈছিল আৰু ইয়াতো বৈজয়ন্তীমালায়েই মূল নাৰী চৰিত্ৰটোত অভিনয় কৰিছিল।[4] ১৯৫৪ চনত তেওঁ প্ৰদীপ কুমাৰৰ সৈতে নাগিনত অভিনয় কৰে। ছবিখনে দৰ্শকৰ পৰা অনুকূল সঁহাৰি পাইছিল আৰু ই আছিল ১৯৫৪ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ। নাগিনৰ এনে সফলতাই তেওঁক বলীউডৰ এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল। হেমন্ত কুমাৰৰ সঙ্গীত আৰু লতা মংগেশকাৰে গোৱা মন দোলে, মেৰা তন দোলে শীৰ্ষক গীতত তেওঁৰ নৃত্য ছবিখনৰ বিশেষ আকৰ্ষণ আছিল।[5] একে বছৰতে তেওঁ কিশোৰ কুমাৰৰ সৈতে মিচ মালা কৰে; যিখন এখন বক্স অফিচ সফল ছবি আছিল। কন্নড় ভাষাৰ চলচ্চিত্ৰত তেওঁ পদাৰ্পন কৰিছিল আশা নিৰাশা ছবিৰ যোগে। লতা মংগেশকাৰ, আশা ভোঁচলে, মহম্মদ ৰফিয়ে নেপথ্য কণ্ঠ দিয়া এই ছবিখন মুক্তি নাপালে।[6] অৱশ্যে ছবিখনৰ প্ৰযোজকৰ পুত্ৰ শ্ৰীকান্ত ভেংকটৰমণৰ মতে ছবিখনে মুক্তি পাইছিল যদিও বক্স অফিচত বেয়াকৈ মুখ থেকেঁচা খাইছিল।[7] ৰাজনৈতিক জীৱন১৯৮৪ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত দক্ষিণ চেন্নাই লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে ৫১.৯২% ভোট পাই জয়লাভ কৰে আৰু তেওঁৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হয়।[8] ১৯৮৯ চনত সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰ দ্ৰাবিড়া মুন্নাত্ৰা কাঝাগমৰ আলাদি অৰুণাক ১২,৫৮৪টা ভোটত হৰুৱাই সমষ্টিটো দখলত ৰাখিবলৈ সক্ষম হয়। ১৯৯৩ চনত তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। ১৯৯৯ চনত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰে। পিছত তেওঁ একে বছৰৰে ৬ চেপ্তেম্বৰত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[9] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia