নন্দা (অভিনেত্ৰী)
প্ৰাৰম্ভিক জীৱনশ্বো বিজিনেচৰ সৈতে জড়িত এটা মহাৰাষ্ট্ৰীয় পৰিয়ালত নন্দাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল এজন সফল মাৰাঠী অভিনেতা, পৰিচালক, প্ৰযোজক বিনায়ক দামোদৰ কৰ্ণাটকী (মাষ্টাৰ বিনায়ক)। মাষ্টাৰ বিনায়ক ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বহু ব্যক্তিৰ সৈতে সম্পৰ্ক আছিল। তেওঁৰ ভাতৃ বসুদেৱ কৰ্ণাটকী এজন চিনেমেটোগ্ৰাফাৰ। আনহাতে প্ৰখ্যাত চলচ্চিত্ৰ ব্যক্তিত্ব বাবুৰাও পেন্ধেৰকাৰ আৰু ভালজী পেন্ধেৰকাৰ তেওঁৰ সতীয়া ভাতৃ আছিল। কিংবদন্তী পৰিচালক ভি শান্তাৰামৰ তেওঁ ভাগিনিয়েক আছিল। [4] [5] ১৯৪৭ চনত নন্দাৰ সাত বছৰ বয়সত দেউতাকৰ মৃত্যু হৈছিল। সেই সময়ত পৰিয়ালটোৱে যথেষ্ঠ কঠিন সময় পাৰ কৰিবলগীয়া হৈছিল। পৰিয়ালটোক আৰ্থিকভাবে সহায় কৰিবলৈ নন্দাই শিশুশিল্পী ৰূপে মন্দিৰ (১৯৪৮) চলচ্চিত্ৰ জগতত ভৰি দিয়ে। ১৯৪৮ৰ পৰা ১৯৫৬লৈ বেবী নন্দা নামেৰে তেওঁ মন্দিৰ, জগ্গু, অংগাৰে আৰু জাগৃতিত অভিনয় কৰে।[5] অভিনয়ৰ ব্যস্ততাই তেওঁৰ শৈক্ষিক জীৱনত প্ৰভাৱ পেলায়। সেইবাবে এজন প্ৰখ্যাত শিক্ষক গকুলদাস ভি মখিৰ হতুৱাই তেওঁক ঘৰতে শিক্ষাদান কৰা হৈছিল। চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠিত হোৱাৰ পিছত তেওঁ ছয়জনকৈ ভায়েক-ভনীয়েকৰ চোৱাচিতা, পঢ়াশুনাৰ দায়িত্ব লৈছিল।[6] কৰ্মজীৱনএল ভি প্ৰসাদৰ চোটী বেহেনত (১৯৫৯) তেওঁ নাম-ভূমিকাত অভিনয় কৰে। ছবিখন প্ৰভূত জনপ্ৰিয়তাই তেওঁক তাৰকালৈ পৰিবৰ্তন কৰিছিল।[7] তাৰপিছত তেওঁ দেৱানন্দৰ নায়িকা ৰূপে হম দোনো (১৯৬১) আৰু তিন দেৱীয়াঁত কাম কৰে। দুয়োখন ছবি খুব ভাল ব্যৱসায় কৰিছিল। তেওঁৰ আন এখন ছবি বি.আৰ. চোপ্ৰাৰ কানুন (১৯৬০)। এই ছবিখনত এটাও গীত ৰখা হোৱা নাছিল, যিটো সেই সময়ত এক বিৰল ব্যতিক্ৰম আছিল। তেওঁ আঁচল (১৯৬০) ছবিৰ বাবে সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। তেওঁ আশিকৰ (১৯৬২) বাবে ৰাজ কাপুৰৰ সৈতে যুটি বান্ধে। ৰাজেন্দ্ৰ কুমাৰৰ সৈতে তেওঁ তিনিখন ছবিত কাম কৰিছিল- তুফান ঔৰ দিয়া (১৯৫৬),ধুল কা ফুল (১৯৬১)আৰু কানুন। এটা সাক্ষাৎকাৰত নন্দাই উল্লেখ কৰে, ‘চলচ্চিত্ৰত মোৰ বেছিভাগ কামেই হয়তো ব্যৰ্থ হৈছিল অথবা উসনে কহা থা, চাৰ দিৱাৰী আৰু আজ ঔৰ কলৰ দৰে সাধাৰণ ব্যৱসায় কৰিছিল।’ [8] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia