কৰিশ্মা কাপুৰ
কৰিশ্মা কাপুৰ (ইংৰাজী: Karisma Kapoor; জন্ম: ২৫ জুন ১৯৭৪) মূলতঃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এগৰাকী কাপুৰ পৰিয়ালৰ সদস্য, অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ কন্যা আৰু অভিনেত্ৰী কৰিণা কাপুৰৰ বায়েক। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা-বাহন কৰিশ্মাৰ কৃতিত্বৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।[1] ১৯৯১ চনত প্ৰেম কয়দী ছবিৰ জৰিয়তে কৰিশ্মাৰ চলচ্চিত্ৰাভিষেক হয় আৰু তাৰ পিছত বক্স অফিচ সফল জিগৰ (১৯৯২),অনাৰী (১৯৯৩),ৰাজা বাবু (১৯৯৪),কুলি নং ১ সাজন চলে শশুৰাল (১৯৯৫),জীতকে (১৯৯৬) ধৰি কেইবাখনো ছবিত মূল নাৰী চৰিত্ৰত চৰিত্ৰত অভিনয় কৰে। বৃহৎ উপাৰ্জনকাৰী ৰোমাঞ্চ ৰাজা হিন্দুস্তানী (১৯৯৬) আৰু দিল তো পাগল হ্যায়য়ে (১৯৯৭) তেওঁক তাৰকা হিচাপে প্ৰতিষ্ঠা কৰে। ৰাজা হিন্দুস্তানীৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু দিল তো পাগল হ্যায়ৰ বাবে সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়।[2] ডেভিদ ধাৱানৰ পাঁচখন কমেডী ছবি জুড়ৱা (১৯৯৭),হিৰো নাম্বাৰ ৱান (১৯৯৭),বিবি নাম্বাৰ ৱান (১৯৯৯),হাছিনা মান যায়েগী (১৯৯৯), দুলহন হম লে যায়েংগে (২০০০) আৰু ফেমিলি ড্ৰামা হম সাথ সাথ হ্যায়ত (১৯৯৯) অভিনয় কৰি কৰিশ্মাই নিজৰ স্থিতি গজগজীয়া কৰি তোলে। ২০০০ দশকৰ আৰম্ভণিতে ফিজা (২০০০) আৰু জুবেইদাত (২০০১) অভিনয় কৰি কৰিশ্মাই শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। টেলিভিছনৰ চ’প অপেৰা কৰিশ্মা: দ্য মিৰাকলছ অৱ ডেষ্টিনিত (২০০৩–২০০৪) ভূমুকি মৰাৰ পিছত অভিনয়ৰ পৰা সাময়িক বিৰতি লয় আৰু তাৰ পিছত বিক্ষিপ্তভাবে তেওঁ থ্ৰিলাৰ ছবি ইছক্ (২০১২) আৰু ৱেব চিৰিজত মেণ্টেলহুডত (২০২০) অভিনয় কৰে।[3] ২০০৩ চনৰ পৰা ২০১৬ চনলৈ তেওঁ ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বৈবাহিক জীৱন কটায়। ২০১৬ চনত তেওঁলোকৰ বিবাহবিচ্ছেদ ঘটে। দুয়োৰে দুটা সন্তান। কৰিশ্মাই কেইবাটাও ৰিয়েলিটি শ্ব'ৰ বিচাৰক হিচাপে দায়িত্ব লৈছে।[4] প্ৰাৰম্ভিক জীৱন১৯৭৪ চনৰ ২৫ জুনত[4] মুম্বাইত অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ ঘৰত কাপুৰৰ জন্ম হয়। তেওঁৰ ভনীয়েক কৰিণাও এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী।[6] তেওঁৰ দেউতাকৰ ফালৰ ককাদেউতাক ৰাজ কাপুৰ এজন চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা আৰু মাকৰ ফালৰ ককাদেউতাক হৰি শিৱদাসনী এজন অভিনেতা আছিল। তেওঁৰ আজোককাক আছিল অভিনেতা পৃথ্বীৰাজ।[5] বঁটা আৰু স্বীকৃতি১৯৯৭: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৪২তম ফিল্মফেয়াৰ বঁটা (ৰাজা হিন্দুস্তানী)[6]
তথ্যউৎস
বাহ্যিক সংযোগ
|