দেৱশ্ৰী ৰায়
দেৱশ্ৰী ৰায় (ইংৰাজী: Debashree Roy; জন্ম: ৮ আগষ্ট, ১৯৬২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিকল্পক, ৰাজনীতিবিদ আৰু পশু-অধিকাৰ সংৰক্ষক।[4] তেওঁ নটৰাজ দলৰ কৰ্ণধাৰ। তেওঁ ভাৰতীয় লোকনৃত্যক পাশ্চাত্য মঞ্চত উপস্থাপনা কৰে আৰু ধ্ৰুপদী আৰু লোকনৃত্যৰ সংমিশ্ৰণত এক অপূৰ্ব নৃত্যকৌশলী ৰচনা কৰে। তেওঁ বঙালী চলচ্চিত্ৰৰ অন্যতম সফল আৰু জনপ্ৰিয় এগৰাকী অভিনেত্ৰী। তিনি দশকৰ বেছি সময় ধৰি দেৱশ্ৰী ৰায় বঙালী ছবিত অভিনয় কৰিছিল আৰু দুই দশকব্যাপী তেওঁৰ বাণিজ্যিক সাফল্য ধৰি ৰাখে।[5] তেওঁ তামিল চলচ্চিত্ৰত 'চিন্তামণি' নামত অভিনয় কৰিছিল। তেখেতে এশৰো বেছি চলচ্চিত্ৰত অভিনয় কৰিছে আৰু পাইছে চল্লিচৰ বেছি পুৰস্কাৰ। তেখেত এগৰাকী পশুপ্ৰেমী।[6][7] তেওঁ ২০১১ চনৰ পৰা পশ্চিমবঙ্গৰ এগৰাকী বিধায়কো। তেওঁ অভিনয় কৰা প্ৰথম চলচ্চিত্ৰ হিৰন্ময় সেনৰ 'পাগল ঠাকুৰ' (১৯৬৬)। ইয়াৰ পিছত তৰুণ মজুমদাৰৰ 'কুহেলী'[8] (১৯৭১) ছবিত ৰাণুৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁৰ পৰিচিতিৰ বিস্তাৰ হয়। অৰবিন্দ মুখোপাধ্যায়ৰ 'নদী থেকে সাগৰে' (১৯৭৮) ছবিত তেওঁ প্ৰথম নায়িকা চৰিত্ৰত অভিনয় কৰিছে।[9] ১৯৮১ চনত অপৰ্ণা সেনৰ '৩৬ চৌৰঙ্গী লেন' ছবিত অভিনয়ৰ পিছতেই দেৱশ্ৰী সৰ্বভাৰতীয় মুখ হিচাপে পৰিচিত হয়। তেওঁ অভিনয় কৰা প্ৰথম হিন্দি ছবি কণক মিশ্ৰৰ পৰিচালনাত 'জিও তো আ্যইচে জিও' (১৯৮১)। ১৯৮২ চনত, গৌতম মুখোপাধ্যায়ৰ বঙালী ছবি 'ত্ৰয়ী'-ৰ বিপুল বাণিজ্যিক সাফল্যত দেৱশ্ৰী টালিগঞ্জৰ প্ৰথম শাৰীত উঠি আহে। আশীৰ দশকৰ মধ্যভাগৰ পৰা নব্বৈ দশকৰ মধ্যভাগ লৈকে বাণিজ্যিক বঙালী ছবিৰ সৰ্বপ্ৰধান অভিনেত্ৰী আছিল তেওঁ। পৰৱৰ্তী কালত 'চিনেমায় যেমন হয়' (১৯৯৪), 'উনিশে এপ্ৰিল' (১৯৯৪), 'অসুখ' (১৯৯৯), 'দেখা' (২০০১), 'শিল্পান্তৰ' (২০০২), 'প্ৰহৰ' (২০০৪) - এই সকলো ছবিত তেওঁৰ অভিনয় প্ৰতিভা উচ্চপ্ৰশংসিত হয়। বাল্যকালদেৱশ্ৰী ৰায়ৰ জন্ম হয় কলকাতাৰ এটা বঙালী ব্ৰাহ্মণ পৰিয়ালত।[10] তেওঁৰ পিতৃৰ নাম বীৰেন্দ্ৰ কিশোৰ ৰায় আৰু মাতৃৰ নাম আৰতী ৰায়।[11] দেৱশ্ৰীৰ বায়েক পূৰ্ণিমা লাহিড়ী টালিগঞ্জ ইণ্ডাষ্ট্ৰিৰ এজন প্ৰাক্তন কেশ-বিন্যাসকাৰী। তেওঁৰ আন মাজৰ ভনী কৃষ্ণা মুখোপাধ্যায় প্ৰযোজক ৰাম মুখোপাধ্যায়ৰ স্ত্ৰী। দক্ষিণী ছবিৰ চিত্ৰগ্ৰাহক ৰামেন্দ্ৰ কিশোৰ ৰায় আৰু বঙালী ছবিৰ কাৰ্যনিৰ্বাহী প্ৰযোজক মৃগেন ৰায় তেওঁৰ দুই ভাই। তেওঁৰ কনিষ্ঠ ভগিনী তনুশ্ৰী ভট্টাচাৰ্য এজন প্ৰাক্তন সঙ্গীত শিল্পী যিয়ে এটা সময়ত ঝুমকী ৰায় নামত জনপ্ৰিয় হৈছিল।[12] তেওঁ কলিকাতাৰ এ পি জে, পাৰ্ক ষ্ট্ৰীট শাখাৰ স্কুলৰ ছাত্ৰী আছিল, যদিও নৃত্যৰ প্ৰতি অত্যধিক ইচ্ছা থকাৰ বাবে বেছিদূৰলৈ যাব পৰা নাই। তেওঁক মানুহে চুমকি নামেৰেও মাতে। নৃত্যশিল্পী হিচাপে খ্যাতিদেৱশ্ৰী ৰায় প্ৰথমত তেওঁৰ মাক আৰু বায়েক পূৰ্ণিমা ৰায়ৰ পৰা নৃত্য শিকিছিল। কম বয়সৰ পৰাই তেওঁ মঞ্চত নৃত্য পৰিৱেশনৰ মাধ্যমত পৰিচিত লাভ কৰিছিল। পিছত তেওঁ বন্দনা সেন আৰু কেলুচৰণ মহাপাত্ৰৰ পৰা উৰিষ্যী (উৰিষ্যা) নৃত্যৰ শিক্ষা লয়। উৰিষ্যীৰ লগতে কেলুচৰণ মহাপাত্ৰৰ প্ৰভাৱত ভাৰতীয় লোকনৃত্যৰ প্ৰতি দেৱশ্ৰীৰ গভীৰ আসক্তিৰ জন্ম হয়। ১৯৯১ চনত তেওঁ নটৰাজ দল প্ৰতিষ্ঠা কৰে আৰু দলৰ প্ৰথম পৰিৱেশনা 'বাসবদত্তা' মঞ্চস্থ হয়।[13] ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'অভিসাৰ' কবিতা অৱলম্বনত এই নৃত্যনাট্য অতি জনপ্ৰিয়তা অৰ্জন কৰে।[14] নটৰাজৰ অন্যতম প্ৰযোজনা 'স্বপ্নেৰ সন্ধানে' আছিল বঙালীৰ বিভিন্ন অঞ্চলৰ লোকনৃত্যৰ সমন্বয়ত এক মঞ্চ-উপস্থাপনা যি দৰ্শকমহলত প্ৰসংশিত হয়। 'স্বপ্নেৰ সন্ধানে'- ইয়াৰ সাফল্যৰ পিছত দেৱশ্ৰী আৰু ডাঙৰ পদক্ষেপ লয়। তেওঁ ভাৰতৰ বিভিন্ন স্থানৰ লোকনৃত্যক পাশ্চাত্যৰ মঞ্চত উপস্থাপন কৰে। তাৰ এই অভিনৱ প্ৰযোজনাৰ নাম 'বিচিত্ৰ' যি ইউৰোপীয় মহাদেশত বহু প্ৰশংসা অৰ্জন কৰে।[15] চলচ্চিত্ৰ শিল্পী হিচাপে খ্যাতিহিৰণ্ময় সেনৰ 'পাগল ঠাকুৰ' (১৯৬৬) ছবিত চুমকি ৰায় নামৰ তেওঁৰ প্ৰথম চলচ্চিত্ৰৰ আত্মপ্ৰকাশ পায়।[16] এই ছবিত তেওঁক ৰামকৃষ্ণ পৰমহংস দেৱৰ শিশু চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যায়।[17] তেওঁৰ অভিনীত দ্বিতীয় ছবি হিৰণ্ময় সেনৰ 'বালক গদাধৰ' (১৯৬৯) যত আকৌ তেওঁক ৰামকৃষ্ণ পৰমহংস দেৱৰ বাল্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যায়।[18] এই সময় তৰুণ মজুমদাৰ তেওঁৰ 'কুহেলী'[19] (১৯৭১) ছবিত ৰাণু চৰিত্ৰৰ বাবে নতুন পৰিচয় বিচাৰিছিল। অভিনেত্ৰী ছায়া দেৱী এই চৰিত্ৰত চুমকিক নিয়াৰ পৰামৰ্শ দিয়ে। ছবিটো উল্লেখযোগ্য ব্যৱসায়িক সাফল্যৰ বাট চাই আৰু চুমকিৰ পৰিচিতৰ বিস্তাৰ ঘটে। দেৱশ্ৰী যেতিয়া কৈশৰ বয়সত ভৰি ৰাখিছিল পৰিচালক সুশীল মুখোপাধ্যায় তেতিয়া তেওঁক 'সুদূৰ নীহাৰিকা' (১৯৭৬) ছবিত নায়িকাৰ কিশোৰী কালৰ চৰিত্ৰত অভিনয়েৰ প্ৰস্তাৱ দিয়ে।[20] এই ছবিত অভিনয় কৰা সময়ত দেৱশ্ৰী 'আগুনেৰ ফুল্কি' (১৯৭৮) ছবিত অভিনয়ৰ সুযোগ পায়।[21] ইয়াৰ পিছত অৰবিন্দ মুখোপাধ্যায়ৰ 'নদী থেকে সাগৰে' (১৯৭৮) ছবিত মিঠুন চক্ৰৱৰ্তীৰ বিপৰীতে তেওঁ প্ৰথম বাৰৰ বাবে সাবালিকাৰ চৰিত্ৰত অভিনয় কৰে।[22] ছবিটো উল্লেখযোগ্য বাণিজ্যিক সাফল্য অৰ্জন কৰে। লগতে তেওঁ কূলদীপ পাণ্ডৰ হিন্দি ছবি 'ঘটা' (১৯৭৮) আৰু এন শঙ্কৰণ নায়াৰৰ মালায়লাম ছবি 'ই গনম মাৰাক্কুমোতে' (১৯৭৮) অভিনয় কৰে। ১৯৮০ চনত তৰুণ মজুমদাৰৰ 'দাদাৰ কীৰ্তি'[23] ছবিত মহুৱা ৰায়চৌধুৰীৰ সৰু ভনীৰ চৰিত্ৰত অভিনয় কৰে। ১৯৮১ চনত মনু সেনেৰ 'সুবৰ্ণগোলক' ছবিতো তেওঁ মহুৱা ৰায়চৌধুৰীৰ সৰু ভনীৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছতেই আহে অপৰ্ণা সেনৰ কালজয়ী '৩৬ চৌৰঙ্গী লেন' ছবিত অভিনয়ৰ সুযোগ। শশী কাপুৰৰ প্ৰযোজনাযত এই ছবি বক্স অফিচত মুখ থেকেঁচা খায়। কিন্তু ইয়াৰ পিছতো এই চলচ্চিত্ৰৰ পিছতেই মুম্বাইৰ মিডিয়া মহলত তেওঁৰ অভিনয়ৰ খ্যাতি বিয়পি পৰে।[24] ইয়াৰ পিছত কণক মিশ্ৰৰ পৰিচালনাযত জিও তো আ্যয়চে জিও[25] (১৯৮১) ছবিত অভিনয়ৰ মাধ্যমত তেওঁৰ হিন্দি ছবিৰ জগতত অভিষেক হয়। এই ছবিৰ বাণিজ্যিক সাফল্যেৰ হাত ধৰি তেওঁ এটাৰ পিছত এটা হিন্দী ছবিত অভিনয় কৰি যায়। ১৯৮২ চনত দেৱশ্ৰী, গৌতম মুখোপাধ্যায়ৰ 'ত্ৰয়ী' ছবিত অভিনয় কৰে। এই ছবিৰ বিপুল বাণিজ্যিক সাফল্যৰ হাত ধৰি দেৱশ্ৰী টালিগঞ্জৰ প্ৰথম শাৰীত উঠি আহে।[26] ১৯৮৫ চনত তেওঁ বিজয় সিংহ প্ৰযোজিত আৰু পৰিচালিত 'কভী আজনবী থে'[27] ছবিত অভিনয় কৰে। এই ছবিত দেৱশ্ৰী অভিনীত চৰিত্ৰটো আশা নাম্নী এক নেপথ্য গায়িকাৰ যিয়ে এজন ক্ৰিকেটাৰৰ প্ৰেমত পৰে। এই ছবিত তেওঁ তৎকালীন ক্ৰিকেটাৰ সন্দীপ পাতিলৰ বিপৰীত অভিনয় কৰে। মুম্বাইৰ মিডিয়া মহলে সেই সময় এই ছবিটোক আগুৰি তুমুল চৰ্চা আৰম্ভ হয়, বিশেষত 'গীত মেৰে হোঠোকো দে গয়া কোই' গানৰ দৃশ্যত দেৱশ্ৰীৰ অপূৰ্ব আবেদনশীল অভিব্যক্তি প্ৰচাৰ মাধ্যমত উত্তেজনা সৃষ্টি কৰে। স্বাভাৱিকভাবে জনসাধৰণেও প্ৰত্যাশাৰ তুমুল পাৰদ বব ধৰে। দুৰ্ভাগ্যবশত মুক্তিৰ পিছত ছবিটো প্ৰত্যাশা পূৰণ কৰাৰ বাবে ব্যৰ্থ হয়। তেওঁ ওম পুৰীৰ বিপৰীতত পৰিচালক আকাশ জৈন পৰিচালিত ছবি সিপীয়াঁ (১৯৮৬) ত অভিনয় কৰে।[28][29] ১৯৮৫ চনত মহুৱা ৰায়চৌধুৰী অকালমৃত্যু বঙালী ছবিত এক শূন্যতাৰ জন্ম দিয়ে। সেই বছৰতেই দেৱশ্ৰী তৰুণ মজুমদাৰৰ 'ভালোবাসা ভালোবাসা' ছবিত অভিনয় কৰে। এই ছবিৰ বিপুল বাণিজ্যিক সাফল্য তেওঁক মহুৱা ৰায়চৌধুৰী এৰি যোৱা সিংহাসন অধিকাৰ কৰিবলৈ সাহায্য কৰে।[30] এই ছবি তাপস-দেৱশ্ৰী জুটিৰ ভেটিক শক্তিশালী কৰি তুলে। পৰৱৰ্তীকালত 'অৰ্পণ' (১৯৮৭), 'শঙ্খচূড়' (১৯৮৮), 'সুৰেৰ' 'সাথী' (১৯৮৮)[31], 'সুৰেৰ' 'আকাশে' (১৯৮৮)[32], 'নয়নমণি' (১৯৮৯), 'চোখেৰ আলোয়' (১৯৮৯), 'শুভ' 'কামনা' (১৯৯১), 'মায়াবিনী' (১৯৯২), 'ফিৰে' 'পাওয়া' (১৯৯৩), 'তবু মনে ৰেখো' (১৯৯৩)[33], 'পুত্ৰবধূ' (১৯৯৮)— ইয়াৰ নিচিনা বাণিজ্যিক সফল ছবিত দেৱশ্ৰী তাপস পালৰ বিপৰীতত অভিনয় কৰে।[34][35] ১৯৮৮ চনত বালাজি ৰাজ চোপড়াৰ পৰিচালনাযত ভাৰতৰ বিখ্যাত পুৰাণকাহিনী মহাভাৰত অৱলম্বনত দূৰদৰ্শন সম্প্ৰচাৰিত 'মহাভাৰত' ধাৰাবাহিক সত্যৱতীৰ চৰিত্ৰত অভিনয় কৰে। ৰাজনীতিদেৱশ্ৰী ৰায় সম্প্ৰতি ৰাজনীতিত আহিছে। তেওঁ বৰ্তমানৰ পশ্চিমবঙ্গৰ শাসক তৃণমূল কংগ্ৰেছ দলৰ বিধায়ক। ২০১১ চনত তেওঁ ৰায়দিঘিৰ পৰা প্ৰতিদ্বন্দ্ব্ব্বীতা কৰিছিল চিপিএম ৰ শক্তিশালী প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী কান্তি গাঙ্গুলিৰ লগত আৰু জয়ী হয়। ব্যক্তিগত জীবন'কভী আজনবী থে' ছবিত অভিনয়ৰ সূত্ৰত দেৱশ্ৰী সন্দীপ পাতিলৰ লগত প্ৰেম বন্ধনত আৱদ্ধ হয়। দীৰ্ঘদিন সম্পৰ্কৰ পিছত ১৯৯২ চনত তেওঁ বিবাহ হয় বঙালী ছবিৰ খ্যাতিমান অভিনেতা প্ৰসেনজিৎ চেটাৰ্জীৰ সৈতে। ১৯৯৫ চনত সিহঁতৰ বিচ্ছেদ হৈ যায়। ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জী সম্পৰ্কত তেওঁৰ ভগিনী হয়। চলচ্চিত্ৰ তালিকাইংৰাজী চলচ্চিত্ৰ
হিন্দী চলচ্চিত্ৰ
তামিল চলচ্চিত্ৰ
বঙালী চলচ্চিত্ৰ
পুৰস্কাৰ
তথ্যসূত্ৰ
|