মীনা কুমাৰী
মীনা কুমাৰী (ইংৰাজী: Meena Kumari ; জন্ম মেহজবিন বানো; ১ আগষ্ট ১৯৩৩ - ৩১ মাৰ্চ ১৯৭২)[1] এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কবি আছিল। তেওঁ ট্ৰেজেদী কুইন নামেৰে বিশেষভাৱে জনাজাত আছিল।[2][3] অভিনয় জগতত তেওঁ ১৯৩৯ চনৰ পৰা ১৯৭২ চনলৈ সক্ৰিয় হৈ আছিল।[4] ৩৩ বছৰীয়া কৰ্মময় জীৱনত চাহিব বিবি ঔৰ গুলাম, পাকিজা, মেৰে অপনে, আৰতি, বেইজু বাৱৰা, পৰিণীতা, দিল অপনা ঔৰ প্ৰীত পৰায়ে, ফুটপাথ, দিল এক মন্দিৰ, কাজল আদি তেওঁ প্ৰায় ৯২খন ছবিত অভিনয় কৰিছে।[5] মীনা কুমাৰীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৫৪ চনত বেইজু বাৱৰাৰ বাবে, ১৯৫৫ চনত পৰিণীতাৰ বাবে এই বঁটা পাইছে। ১০ম ফিল্মফেয়াৰ বঁটাৰ (১৯৬৩) শ্ৰেষ্ঠ অভিনেত্ৰীৰ তিনিওটা মনোনয়ন তেৱেঁ পাইছিল আৰু ইয়াৰ ভিতৰত নিৰ্বাচিত হৈছিল চাহিব বিবি ঔৰ গুলাম। একেগৰাকী অভিনেত্ৰীয়ে একেটা শিতানত তিনিখনকৈ মনোনয়ন পোৱাটো ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। চতুৰ্থটো ফিল্মফেয়াৰ বঁটা (১৯৬৩) পায় কাজল ছবিৰ বাবে। সমালোচকসকলে প্ৰায়ে চাহিব বিবি ঔৰ গুলামত কৰা তেওঁৰ চৰিত্ৰটো তেওঁৰ জীৱন কাহিনীৰ সৈতে মিলি যোৱা বুলি উল্লেখ কৰে। প্ৰাৰম্ভিক জীৱনমীনা কুমাৰীৰ জন্মৰ নাম আছিল মেহজবিন। ১৯৩৩ চনৰ ১ আগষ্টত এটা দুখীয়া মুছলমান, থিয়েটাৰ শিল্পীৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। দেউতাক আৰু মাকৰ নাম আছিল ক্ৰমে আলি বক্স আৰু ইকবাল বেগম। ল’ৰা হব বুলি ভাবি থকা আলি বক্সে ছোৱালী জন্ম হোৱাত যথেষ্ট হতাশ হৈছিল। [6] তেওঁ আছিল মাক-দেউতাকৰ দ্বিতীয় জীয়ৰী। খুৰচীদ জুনিয়ৰ তেওঁৰ বায়েক আৰু মহলিকা বা মধু ভনীয়েক আছিল। [6] মধু বেবী মাধুৰী নামেৰে প্ৰখ্যাত এজনী শিশুশিল্পী আছিল। [6] মীনা কুমাৰীৰ প্ৰসৱৰ সময়ত ডাক্তৰৰ খৰচ যোগাৰ কৰিব নোৱাৰি তেওঁক এটা অনাথ গৃহত সমৰ্পন কৰাৰ মন মেলিছিল। কেই ঘণ্টামান পাছত যেনিবা দেউতাৰ মন ঘূৰাত কেঁচুৱা মীনাক ঘৰলৈ লৈ আহিল। অলপ ডাঙৰ হোৱাৰ পিছত মাক-দেউতাকে তেওঁক লৈ কামৰ সন্ধানত ষ্টুডিঅ’ই ষ্টুডিঅ’ই ঘূৰি ফুৰিবলৈ ধৰিলে, যদিও তেওঁৰ অভিনয়ৰ প্ৰতি আগ্ৰহ নাছিল আৰু পঢ়া-শুনাৰ প্ৰতিহে বেছি মন আছিল।[7][8] পৰিচালক বিজয় ভাটে মীনাক ফৰজন্দে ৱতন (১৯৩৯) ছবিৰ বাবে ২৫টকা পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তি কৰালে।[9] চলচ্চিত্ৰ পঞ্জী
পৰৱৰ্তী জীৱনচলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ কামাল আমৰোহীৰ সৈতে তেওঁৰ বিয়া হয়। আমৰোহীয়ে মুঠ চাৰিবাৰ বিয়া কৰাইছিল। মীনা কুমাৰী আছিল তেওঁৰ তৃতীয় পত্নী। আমৰোহীয়ে তেওঁক তামাচা নিৰ্মাণ কৰি থকা সময়ত লগ পাইছিল।অভিনেতা অশোক কুমাৰে দুয়োকো চিনাকী কৰাই দিছিল। প্ৰথমে প্ৰেম আৰু ১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত একেবাৰে অনুষ্ঠুপীয়াকৈ দুয়োৰো বিবাহ অনুষ্ঠিত হয়। দুয়োৰ বিবাহ ১১ বছৰ স্থায়ী হৈছিল। সেই সময়ত মীনা কেৰিয়াৰৰ চূড়ান্ত পৰ্যায়ত আছিল। দুয়োৰো মাজত সংঘাত আৰম্ভ হোৱাত বেলেগে থকাৰ সিদ্ধান্ত ল’লে আৰু অৱশেষত ১৯৬৪ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়।[10] অতিপাত সুৰা সেৱন কৰা মীনাৰ ১৯৬৮ চনত লিভাৰ চিৰ’চিচ ৰোগ ধৰা পৰে। পাকিজা ছবিখনৰ মুক্তিৰ তিনি সপ্তাহ পিছতে তেওঁৰ শাৰীৰিক অৱস্থা অতিপাত বেয়া হোৱাত চেইণ্ট এলিজাবেথ নাৰ্চিং হোমত ভৰ্তি কৰা হয়। ১৯৭২ চনৰ ৩১ মাৰ্চত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ।[10] তথ্য উৎস
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
|