দো বিঘা জমিন
দো বিঘা জমিন (ইংৰাজী: Do Bigha Zamin, অৰ্থ: দুই বিঘা মাটি) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বিমল ৰয়ৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ বঙালী কবিতা "দুই বিঘা জমি"ৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহানী আৰু নিৰূপা ৰয়ে। চলচ্চিত্ৰখনৰ সমাজবাদী বিষয়বস্তুৰ বাবে ই ভাৰতৰ প্ৰাৰম্ভিক সমান্তৰাল চলচ্চিত্ৰ জগতৰ এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।[1] ১৯৪৮ চনত মুক্তিপ্ৰাপ্ত ইটালীয়ান নিঅ'-ৰিয়েলিষ্টিক চিনেমা "বাইচাইকেল থীভ্ছ"ৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিমল ৰয়ে দো বিঘা জমিন নিৰ্মাণ কৰে।[2] অভিনয়শিল্পী
সংগীতচলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে সলিল চৌধুৰীয়ে আৰু গীতৰ কথা শৈলেন্দ্ৰৰ। অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চৌধুৰীয়ে কয় যে ৰেড আৰ্মিৰ এটা মাৰ্চ গীতৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰু ভৈৰৱী ৰাগৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ “অপনী কাহানী চোড় যা – ধৰতী কাহে পুকাৰ কে” শীৰ্ষক গীতটিৰ সুৰ কৰিছিল।[3]
বঁটা আৰু মনোনয়ন
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|