সংগীত নাটক একাডেমী
সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। ইতিহাস১৯৫২ চনৰ ৩১ মে' তাৰিখে ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰথম নিৰ্দেশক আছিল ডঃ পি. ভি. ৰাজমান্নাৰ। ১৯৫৩ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংসদ ভৱনত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিক ভাৱে ইয়াক উদ্বোধন কৰে। একাডেমী খনে সংগীত নাটক একাডেমী ফেল'শ্বিপ আৰু বঁটা আগবঢ়ায়। কাৰ্যএকাডেমী খনে দেশৰ পৰিবেশ্য কলা অৰ্থাৎ সংগীত, নৃত্য আৰু নাটকৰ শীৰ্ষ অনুষ্ঠান হিচাপে কাৰ্য কৰে। ভাৰতীয় পৰিবেশ্য কলাৰ বিকাশ আৰু প্ৰচাৰ ইয়াৰ অন্যতম প্ৰধান লক্ষ্য। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ স্বৰূপ পৰিবেশ্য কলাৰ মাধ্যমৰে প্ৰচাৰ কৰা হয়। ই দেশে বিদেশে নানা অনুষ্ঠান আৰু কাৰ্যসূচী আয়োজিত কৰে। লগতে চৰকাৰৰ লগত লগ লাগি পৰিবেশ্য কলাৰ উন্নতিৰ হকে কাম কৰে। সংগীত নাটক একাডেমীয়ে প্ৰতিষ্ঠা কৰা কেইখন মান অনুষ্ঠান হ'ল,
লগতে একাডেমী খনে
তথ্য উৎস
|
Portal di Ensiklopedia Dunia