মণিপুৰী নৃত্য
মণিপুৰী নৃত্য (ইংৰাজী: Manipuri Dance) ভাৰতৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া আঠটা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম। ই এক মসৃণ, মহিমামণ্ডিত আৰু কাৰিকৰীভাৱে কিছু সহজ নৃত্য। মণিপুৰী নৃত্য মণিপুৰৰ এক সমৃদ্ধিশালী লোকনৃত্য। লোক পৰম্পৰা আৰু আচাৰ ব্যৱহাৰৰ সৈতে জড়িত ভিন ভিন প্ৰকাৰৰ মণিপুৰী নৃত্য আছে। মণিপুৰী নৃত্যৰ বিষয়বস্ত্ত সাধাৰণতে ভগৱান কৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাৱলীৰ পৰা আহৰণ কৰা হয়। নৃত্য চলি থকাৰ সময়ত সমবেত সংগীতৰ মাজে মাজে এজন বৰ্ণনাকাৰীয়ে সংলাপবোৰ মাতি যোৱাৰ লগতে বৰ্ণনাসূচক অংগী-ভংগীও দেখুৱাই যাব পাৰে। আন ভাৰতীয় নৃত্যৰ দৰে এই নৃত্যতো শিল্পীসকলে ভৰিত ঘুগুৰা পিন্ধে যদিও নৃত্যৰ গতিয়ে তাৰ শব্দ প্ৰকট হৈ উঠিবলৈ সুবিধা নিদিয়ে, কাৰণ এই নৃত্যত ভৰি মাটিৰপৰা বেছি ওপৰলৈ নুঠে আৰু খোজ খুব লাহেকৈ দিয়া হয়। এই নৃত্যত মহিলাসকলে গোল গোল আইনাৰ টুকুৰাৰে সজোৱা এক বিশেষ ধৰণৰ ডাঙৰ ঘূৰী (skirt) পিন্ধে আৰু মূৰত স্বচ্ছপ্ৰায় এখন পাতল ওৰণি লয়। ধীৰ চন্দত একা-বেকা আৰু হালিজালি কৰিবলগীয়া নৃত্যৰ বাবে মণিপুৰী নৃত্যত নাৰীসুলভ বৈশিষ্ট্য বিদ্যমান। আন আন নৃত্য ৰীতিত নৃত্যশিল্পী গৰাকীৰ মুখ আৰু চকুৱে ভাৱপ্ৰকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা যায়। পিছে মণিপুৰী নৃত্যত নৃত্যশিল্পীগৰাকীৰ মুখ ভংগীমাৰ অভিব্যক্তি প্ৰায় নাথাকে। মণিপুৰী নৃত্যৰ শ্ৰেষ্ঠ ৰূপ প্ৰকাশ পায় ৰাসলীলাত। বৰ্তমান মণিপুৰী নৃত্য আৰু ৰাসলীলা প্ৰায় সমাৰ্থক বুলিব পাৰি।[1] প্ৰসিদ্ধ মণিপুৰী নৃত্যশিল্পীতথ্য সংগ্ৰহ:
|
Portal di Ensiklopedia Dunia