লাৱনীলাৱনী (মাৰাঠী: लावणी, ইংৰাজী: Lavani) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা।[1] ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢোল্কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱনীৰ যথেষ্ট অৱদান আছে।[2] মহাৰাষ্ট্ৰ আৰু দক্ষিণ মধ্য প্ৰদেশত, ইয়াক ন গজ দীঘল শাৰী পিন্ধি মহিলা প্ৰদৰ্শনকাৰীসকলে পৰিৱেশন কৰে। গানবোৰ দ্ৰুত লয়ত পৰিৱেশন কৰা হয়। ব্যুৎপত্তিএক ঐতিহ্য অনুসৰি, লাভনী শব্দটো লাৱণ্য শব্দৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে সৌন্দৰ্য। অন্য এক ঐতিহ্য অনুসৰি, ই মাৰাঠী শব্দ লাভেনেৰ পৰা আহৰণ কৰা হৈছে। ইতিহাস আৰু ধাৰাসমূহপৰম্পৰাগতভাৱে, লোকনৃত্যৰ এই ধাৰাত সমাজ,[3] ধৰ্ম আৰু ৰাজনীতিৰ দৰে বিভিন্ন বিষয়ৰ সৈতে আলোচনা কৰা হয়। লাৱনীৰ গানবোৰ সাধাৰণতে অনুভূতি আৰু প্ৰেমমূলক আৰু সংলাপবোৰ সামাজিক-ৰাজনৈতিক ভাবে তীব্ৰ হয়।[4] মূলতে, ইয়াক ক্লান্ত সৈন্যসকলৰ মনোৰঞ্জন আৰু মনোবল বঢ়োৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। নৃত্যৰ সৈতে গানবোৰ সাধাৰণতে দুষ্ট আৰু বিলাসী হয়। লাৱনী দুই প্ৰকাৰৰ, নিৰ্গুণী লাৱনী (দাৰ্শনিক) আৰু শ্ৰিঙ্গাৰী লাৱনী (বিলাসী)। নিৰ্গুনী লাৱনী ভক্তিমূলক সংগীতৰুপত ভাৰতৰ মালৱা অঞ্চলত জনপ্ৰিয়। লাৱনী দুটা পৃথক প্ৰদৰ্শনত বিকশিত হৈছিল, যেনে ফাডাচি লাৱনী আৰু বাইঠাকিচি লাৱনী। নাট্যপৰিবেশত এক বৃহৎ দৰ্শকৰ আগত ৰাজহুৱা প্ৰদৰ্শনত গোৱা আৰু প্ৰণয়ন কৰা লাৱনীক ফাডাচি লাভনী বুলি কোৱা হয়। আৰু, যেতিয়া লাৱনীক ব্যক্তিগত ভাবে সৰু আকাৰৰ দৰ্শকৰ আগত পৰিৱেশন কৰা হয়, ইয়াক বাইঠাকিচি লাভনী বোলা হয়। পোছাকলাৱনী পৰিৱেশন কৰা মহিলাসকলে প্ৰায় ৯ গজ দৈৰ্ঘ্যৰ শাৰী পৰিধান কৰে। তেওঁলোকে চুলিৰে এটা খোপা গঠন কৰে আৰু গধুৰ গহনা পিন্ধে যাৰ ভিতৰত আছে নেকলেচ, কাণফুলি, জুনুকা, কমৰপাট্টা (কঁকালৰ বেল্ট), খাৰু, ইত্যাদি। তেওঁলোকে সাধাৰণতে কপালত ডাঠ ৰঙা ৰঙৰ ডাঙৰ ফোট লগায়। তেওঁলোকে পিন্ধি থকা শাৰীক নাওৱাৰী বুলি কোৱা হয়। শাৰীখন মেৰিয়াই পিন্ধা হয় আৰু আন শাৰী প্ৰকাৰৰ তুলনাত ই অধিক আৰামদায়ক হয়।[5] তথ্য সংগ্ৰহ
|