মোহিনীঅট্টম
মোহিনীঅট্টম (ইংৰাজী: Mohiniyattam, মালয়ালম: മോഹിനിയാട്ടം)) নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত আঠটা শাস্ত্ৰীয় নৃত্যকলাৰ ভিতৰত অন্যতম।[2] এই নৃত্যৰ জন্ম কেৰালাত। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাত উদ্ভৱ হোৱা এই নৃত্যকলা প্ৰধানকৈ নাৰীসকলে এককভাৱে পৰিবেশন কৰে।[3] নামৰ উৎপত্তিমোহিনীঅট্টম শব্দটিৰ আক্ষৰিক অৰ্থ বিচাৰ কৰিলে দেখা যায় মোহিনী অৰ্থাৎ মোহনীয় নাৰী আৰু অট্টম শব্দৰ অৰ্থ লালিত্যপূৰ্ণ আৰু কমনীয় দেহ ভংগীমা। অন্যান্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দৰে এই নৃত্যৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। পৌৰাণিক আখ্যানত মোহিনী চৰিত্ৰটিৰ দুই স্থানত উল্লেখ পোৱা যায়। সমুদ্ৰ মন্থনৰ সময়ত অসুৰৰ হাতৰ পৰা অমৃত উদ্ধাৰৰ হেতুকে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰা বুলি জনা যায়। আন এক আখ্যান মতে শিৱৰ বৰত বলিয়ান হোৱা ভস্মাসুৰক নাশ কৰাৰ উদ্দেশ্যে বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিছিল। মোহিনীঅট্টম নৃত্যৰ প্ৰধান চৰিত্ৰ মোহিনীৰূপী বিষ্ণু। বিষ্ণু বা কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰাৰ ভাৱধাৰাকে মোহিনীঅট্টম নৃত্যৰ জৰিয়তে পৰিবেশন কৰা হয়। মন্দিৰৰ দেৱদাসীসকলৰ দ্বাৰা পোনতে পৰিবেশিত এই নৃত্যত অভিনয় আৰু নৃত্যৰ সংমিশ্ৰণ ঘটিছে। নৃত্যশিল্পী সকলে নৃত্য লগতে সংলাপো পৰিবেশন কৰে। প্ৰথমাৱস্থাত কেৱল মন্দিৰৰ দেৱদাসীসকলৰ মাজতে এই নৃত্য সীমাবদ্ধ আছিল।[1][2] ইতিহাসমোহিনীঅট্টম নৃত্যই পিছলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰি প্ৰচাৰ আৰু বিকাশ লাভ কৰে। দক্ষিণ কেৰালা প্ৰদেশৰ ৰজা স্বাথী থীৰুনেল মোহিনীঅট্টম নৃত্যৰ প্ৰধান পৃষ্ঠপোষক আছিল। এইজনা ৰজাৰ দিনতে মোহিনীঅট্টম নৃত্য পৰিবেশনৰ উদ্দেশ্যে যথেষ্টসংখ্যক গীতি নৃত্য-নাটিকাৰ ৰচনা কৰা হয়। মালায়ালাম কবি ভাল্লাথলে ১৯৩০ চনত কেৰালা কলামণ্ডলম নামেৰে নৃত্য চৰ্চাৰ বিদ্যালয় স্থাপন কৰি মোহিনীঅট্টম নৃত্যৰ প্ৰচাৰত যথেষ্ট অৰিহণা যোগায়। লয়লাস ভংগীমাৰে ভগৱান বিষ্ণুৰ গুণানুকীৰ্তন কৰা এই নৃত্যত নৃত্যশিল্পীয়ে উজ্জল সোণালী পটিবিশিষ্ট বগা শাৰী পৰিধান কৰে। এই নৃত্যৰ প্ৰধান ভংগীমা ৪০ টা আৰু এইবোৰক 'আটাভোকল' নামেৰে জনা যায়। 'হস্ত লক্ষণদীপিকা' নামৰ ধ্ৰুপদী গ্ৰন্থৰ পৰা এই নৃত্যৰ বিভিন্ন মুদ্ৰাবোৰ গ্ৰহণ কৰা হৈছে। গ্ৰন্থ
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia