ধালো নৃত্য
ধালো নৃত্য (ইংৰাজী: Dhalo) হৈছে ভাৰতৰ গোৱাৰ হিন্দুসকলৰ এক জনপ্ৰিয় লোক নৃত্য।[1][2] নৃত্যটো মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি পৰিৱেশন কৰে। নৃত্য কৰা গানবোৰ সাধাৰণতে কোংকণী বা মাৰাঠী ভাষাত গোৱা হয়। এই গানৰ বিষয়বস্তুবোৰ সাধাৰণতে ধৰ্মীয় বা সামাজিক প্ৰকৃতিৰ হয়। এইনৃত্য শীতকালৰ আৰম্ভণিত পুহ মাহত এক সপ্তাহজুৰি পৰিচালনা কৰা হয়।[3][4]যদিও ধালো নৃত্য বহু যোগ ধৰি চলি আহিছে, ২০০৮ চনত, প্ৰথম ধালো উৎসৱ অনুষ্ঠিত হৈছিল। গোৱাৰ কলা আৰু সংস্কৃতি সঞ্চালকালয়ে এই উৎসৱটো প্ৰচাৰ কৰাত সহায় কৰে, আৰু তেতিয়াৰ পৰা কেইবাটাও হিন্দু মন্দিৰত ধলো আৰু ফুগডিৰ (গোৱাৰ আন এটা নৃত্য) প্ৰতিযোগিতা পতা হয়।[5] ধালোক নতুন দিল্লীৰ লোক নৃত্য উৎসৱত উপস্থাপন কৰিবলৈ বাছনি কৰা হৈছিল।[6] নৃত্যৰ কৌশল আৰু ৰীতি-নীতিধলো নৃত্যটো ১২-১৪ গৰাকী মহিলাই ইজনে সিজনৰ হাতত ধৰি দুটা সমান্তৰাল শাৰীত নৃত্য কৰে।[7] নৃত্যশিল্পীসকলে তেওঁলোকৰ বাহুবোৰ কাষৰ নৃত্যশিল্পীৰ কঁকালত ৰাখে আৰু গোৱা গানবোৰৰ সুৰৰ তালত লাহে-লাহে দোলা দি নাচে। সাধাৰণতে, মহিলাৰ দুটা শাৰী আগবাঢ়ি আৰু পিছলৈ গৈ ইজনে সিজনৰ সন্মুখীন হৈ নাচে।[8] গানবোৰ প্ৰকৃতিৰ লগত জড়িত আৰু বিষয়বস্তু সাধাৰণতে পৃথিৱী জীৱজন্তুৰ আৰু মাতৃভূমি আদি। এই গানবোৰত প্ৰকৃতিৰ প্ৰতি প্ৰেম উপস্থাপন কৰোঁতে মানুহৰ দৈনন্দিন জীৱনৰ কাহিনীও অন্তৰ্ভুক্ত থাকে। যদিও পুৰুষসকলক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়, নৃত্যটো সাধাৰণতে মহিলাই কৰে। সাধাৰণতে ১২-২৪ গৰাকী মহিলাই ৰাতিৰ আহাৰৰ পিছত এটা পূৰ্ব-নিৰ্বাচিত নিৰ্দিষ্ট স্থানত একত্ৰিত হয় যাক মাণ্ড" বুলি কোৱা হয়।[8] এই স্থানত তেওঁলোকে ৫, ৭ বা ৯ নিৰন্তৰ ৰাতিৰ বাবে লগ হয়। লোকবিশ্বাস যে এই প্ৰদৰ্শনৰ সৈতে ঠাইখন পবিত্ৰ হৈ পৰে। তথ্য অনুসৰি ধালো নৃত্য-গীতবোৰ ৰাতিপুৱালৈকে গোটেই ৰাতি চলে। অন্তিম নিশাটো আটাইতকৈ আকৰ্ষণীয় যেতিয়া এই মহিলাসকলৰ বহুতে উত্তেজনাৰ আত্মবিভোৰ হৈ পৰে। তেতিয়া আনসকলে বশ্বাস কৰে যে দেৱীৰ আত্মাই মহিলাসকলৰ দেহত প্ৰৱেশ কৰিছে: "তাংচেৰ ৰম্ভ আই লি। " উৎসৱৰ শেষত, 'ৰমভা' নামৰ এটা চুটি খেল/প্ৰদৰ্শন কৰা হয়। এই বৰ্ণনাত, ২১ গৰাকী ৰমভা ভনীয়ে তেওঁলোকৰ একমাত্ৰ ভায়েকক লগ কৰিব বিচাৰে। ভনীসকলৰ বয়স চৌদ্দৰ পৰা পঁয়ষট্টি বছৰলৈ হʼব পাৰে। তেওঁলোক সকলোৱে তেওঁলোকৰ ভায়েকক মাতে আৰু লগ কৰে। ধালো নৃত্যৰ এইটো একমাত্ৰ পুৰুষ চৰিত্ৰৰ অংশ। ইয়াৰ বাহিৰে কোনো মানুহে অংশগ্ৰহণ কৰিব নকৰে। পুৰুষ চৰিত্ৰটোক "বান্ধৱ" বুলি কোৱা হয়। ৰাতিপুওৱাৰ লগে লগে, গাওঁখনৰ জ্যেষ্ঠজনে তেওঁলোকৰ সকলোৰে কল্যাণৰ বাবে আশীৰ্বাদ দিয়ে। প্ৰতীকহিচাপে নাৰিকলট ভাঙি দিয়া হয় আৰু উপস্থিত লোকসকলক ঘৰত তৈয়াৰ কৰা মিঠাই বিতৰণ কৰা হয়।[9] অন্তিম দিনত মহিলাসকলে বিস্তৃতভাৱে পোছাক পিন্ধে আৰু পুৰুষৰ ছবি অংকন কৰে।[8] ধালো নৃত্যৰ জৰিয়তে গাওঁবাসীসকলে পৃথিৱী মাতৃৰ প্ৰতি তেওঁলোকৰ জীয়াই থকাৰ উপায় প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা দেখুৱায়।[10] নৃত্যৰ পোছাকমহিলাসকলে পৰম্পৰাগত শাৰী আৰু গহনা পিন্ধে। তেওঁলোকে তেওঁলোকৰ চুলি ফুলেৰে সজায় আৰু তেওঁলোকে উৎসৱৰ অন্তিম দিনটোত অতি আকৰ্ষণীয়ভাৱে পোছাক পিন্ধিছিল। মানুহে উৎসৱৰ দিনত তেওঁলোকৰ ঘৰ আৰু মন্দিৰৰ ৰঙ্গোলিৰে সজ্জিত কৰে।[10] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia