জোনবিৰি (অলংকাৰ)জোনবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ কাঁচি জোনটোৰ দৰে[1] বা ক'ব পাৰি ইয়াৰ আকাৰ অৰ্ধ-চন্দ্ৰৰ দৰে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতেও নাচনীয়ে ডিঙিত জোনবিৰি পিন্ধে। অলংকাৰ তৈয়াৰ কৰা পদ্ধতিপ্ৰধান প্ৰবন্ধ: গামখাৰু
অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এছিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই পদ্ধতিতে জোনবিৰিও প্ৰস্তুত কৰা হয়। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|