তাল (বাদ্যযন্ত্ৰ)
এই প্ৰবন্ধটো বাদ্যযন্ত্ৰৰ বিষয়ে। সংগীতৰ তালৰ বাবে তাল (সংগীত) চাওক।
তাল এবিধ ঘূৰণীয়া আৰু চেপেটা কাঁহ বা পিতলৰে নিৰ্মিত এবিধ বাদ্যযন্ত্ৰ।[1] এইবিধ বাদ্য নৃত্য-গীতত তাল ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।[2] এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য'ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এইবিধ বাদ্য বিহুগীত, লোকগীত আৰু কিছুমান আধ্যাত্মিক নাম-কীৰ্তনত ব্যৱহাৰ হয়। তাল শব্দটো সংস্কৃত শব্দ "তাল"ৰ পৰা আহিছে। তাল ভাৰতীয় সংগীত আৰু সংস্কৃতিৰ অভিন্ন অংগ। ই একপ্ৰকাৰৰ ঘনবাদ্য। হিন্দু ধৰ্মীয় শাস্ত্ৰ সমূহত "কৰতাল"ৰ উল্লেখ পোৱা যায়। গঠনতাল সাধাৰণতে কাঁহেৰে তৈয়াৰ কৰা হয়। কিছুমান ঠাইত ব্ৰঞ্জ, পিতল, দস্তা আৰু তামৰো তাল দেখা যায়। তাল দুখন ঘূৰণীয়া চেপেটা ধাতুৰ পাতৰ মাজ অংশ অলপ উঠি অহা। ইয়াৰ মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। এই ৰছীৰ সহায়ত দুয়ো তাল সংযোজিত কৰা হয়। বিভিন্ন তালৰ শব্দ ইয়াৰ আকাৰ, ওজন আৰু ব্যৱহৃত ধাতুৰ ওপৰত ভিত্তি কৰি ভিন ভিন। তালবাদক জনে নিজৰ ইচ্ছামতে মাজৰ ৰছীডাল চুটি দীঘল কৰিব পাৰে। মঞ্জিৰা বা কৰতালৰ কিছুমান বাদ্যত কাঠৰ ফ্ৰেমৰ ভিতৰত কেইবাটাও সৰু সৰু তাল থাকে। প্ৰকাৰতালৰ আকাৰ, আকৃতি আৰু ওজনৰ ওপৰত ভিত্তি কৰি কেইবাটাও প্ৰকাৰত ভাগ কৰা হৈছে। ভোৰতাল বা বৰতালপ্ৰধান প্ৰবন্ধ: ভোৰতাল
ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে।[3] বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মঞ্জিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়।[3] ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল।[3] বৈষ্ণৱৰ নাম-কীৰ্তন, ওজাপালি, থিয় নাম, পাল নাম, চেওঁ চাপৰি নাম প্ৰভৃতি পৰিৱেশনত ভোৰ তাল আৱশ্যকীয় অংগ। থিয় অথবা পাল নামত একোজনা বাদকে কেইবাজোৰো ভোৰ তাল একেলগে বজায়।[4] মাজোতালমধ্যমীয়া আকাৰৰ তাল বিধক মাজোতাল বোলা হয়। খুটি তাল বা সৰু তালই আটাইতকৈ সৰু তাল।[5] ইয়াক মঞ্জিৰা নামেৰেও জনা যায়। ই ঘাইকৈ পাৰম্পৰিক, লোকগীত আৰু শাস্ত্ৰীয় সংগীতত ব্যৱহাৰ কৰা হয়। সেইদৰে ভাৰতৰ শাস্ত্ৰীয় নৃত্য সমূহতো ইয়াৰ ব্যৱহাৰ দেখা যায়। ইয়াৰ অন্যান্য নাম সমূহ হল: তালিজ, তালম, তাল, গিনি, জালৰা ইত্যাদি।[6] ৰাম তাল বা খৰিতালদুই কাঠৰ ফ্ৰেমৰ মাজত সৰু সৰু তালেৰে ইয়াক তৈয়াৰ কৰা হয়। ইয়াক কৰতাল হিচাপেও জনা যায়। ইয়াক ঘাইকৈ ভজন-কীৰ্তনত ব্যৱহাৰ কৰা হয়। বিহু তালবিহুত ব্যৱহাৰ কৰা এবিধ বাদ্য হ'ল তাল। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য। ঢোলৰ লগত তালযোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ উকা উকা লাগে। বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়। ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়। তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে। তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia