হাচা-কেকান
হাচা কেকান বা হাচ্চা কেকান (ইংৰাজী: Hacha Kekan) অসমৰ এক অন্যতম জনগোষ্ঠী কাৰ্বিসকলৰ জাতীয় অনুষ্ঠান। ই কৃষি কৰ্মৰ সৈতে জড়িত। অন্যান্য প্ৰায়বোৰ জাতীয় উৎসৱৰ দৰে ইও নৃত্য-গীতপ্ৰধান উৎসৱ। পাহাৰীয়া কাৰ্বি জনগোষ্ঠীৰ লোকসকলে শস্য চপোৱা কাম শেষ কৰাৰ পাছত মাঘ মাহত সমূহীয়াকৈ এই উৎসৱ পালন কৰে। ছককেৰয় অৰ্থাৎ ধান ভঁৰাললৈ কঢ়িওৱাৰ পাছত হাচা কেকান নৃত্য পৰিৱেশন কৰা হয়। ই কেৱল পুৰুষৰ মাজত সীমাৱদ্ধ থাকে। মহিলা বা ছোৱালীয়ে এই উৎসৱত অংশ গ্ৰহণ কৰিব নোৱাৰে। হাচা কেকান নৃত্যত গীতৰ লগত কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয়। এই নৃত্যৰ মূল ব্যক্তিজনক ’লুনচেপ’ বোলা হয়। লুনচেপে নৃত্যৰ আৰম্ভণিতে গীতৰ কলি এটি গাই শেষত “তাং’’ বুলি কৈ ৰৈ দিয়াৰ লগে লগে বাকীসকলে “এ-হা-চা-হা’’ বুলি নিৰ্দ্দিষ্ট সুৰ আৰু তালত কেইবাবাৰো গাই সেই সুৰৰ তালে তালে নৃত্য কৰি থাকে। বিভিন্ন ভঙ্গীমাৰে নৃত্য কৰাৰ অন্তত দলপতি ’লুনচেপ’এ নৃত্য সামৰাৰ ইংগিত দিয়ে। নৃত্য সামৰাৰ শেষত আগলি কলপাত এডোখৰত ন ঠাইত আঁচ টানি হাচা কেকান সামৰা হয়।[1] কাৰ্বিসকলৰ এই উৎসৱ শ্ৰদ্ধা-ভক্তি আৰু প্ৰেমৰ উৎসৱ। অন্যান্য উৎসৱৰ দৰে হাচ্চা কেকানৰ লগতো কিছু বিশেষ পৰম্পৰা পালিত হয়। ভৈয়ামৰ মাঘ বিহুৰ দৰে প্ৰায় একে সময়তে লখিমী আদৰা এই হাচ্চা কেকান পাহাৰৰ কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে। পাহাৰৰ কাৰ্বি আৰু ভৈয়ামৰ কাৰ্বিসকলৰ মাজত এই উৎসৱ পালনৰ কিছু পাৰ্থক্য দেখা যায়। পাহাৰৰ কাৰ্বিসকলৰ হাচ্চা কেকানৰ সৈতে ৰিচ’ তেৰাঙৰ (ডেকা চাং) জিৰচংসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। জিৰচং হ’ল কাৰ্বি যুৱক-যুৱতীসকলৰ দলৱদ্ধ সামাজিক কামকাজ আৰু ইয়াৰ উৎস হ’ল ৰিচ’ তেৰাং। ছাৰবাছাৰ (গাওঁবুঢ়া) চোতালত সভা পাতি গাঁৱৰ বয়সীয়ালসকলে জিৰচং গঠন কৰাৰ নিৰ্দেশ দিয়ে। এটা জিৰচঙৰ কাৰ্যকাল কমেও তিনিবছৰ হয়। প্ৰতিঘৰ মানুহৰ ডেকা ল’ৰা-ছোৱালী ইয়াৰ সভ্য হোৱাটো বাধ্যতামূলক। এই ডেকা-ডেকেৰীসকলে গাঁৱৰ সমূহীয়া কামকাজবোৰ সফল কৰাত আগভাগ লয়। এটা জিৰচং দলৰ কাৰ্যকাল শেষ হোৱাৰ পৰত ’ৰিচ’ আৰনাম কাৰফ্লি’ (যুৱ দেৱতাৰ পূজা) পাতে। ইয়াক ৰিছ’ চ্চ’জোন বোলে। এই ৰিছ’ চ্চ’জোনতে হাচ্চা কেকান অনুষ্ঠান উদযাপন কৰা হয়। ৰীতি-নীতিজিৰচং দলে নিৰ্দিষ্ট সময়ৰ অন্তত হাচ্চা কেকানৰ উপৰিও গাঁৱৰ আঢ্যৱন্ত লোকে ব্যক্তিগতভাৱে হাচ্চা কেকান পাতিব পাৰে। কিন্তু এখন গাঁৱত এনে ব্যক্তিগত হাচ্চা কেকান তিনিঘৰতকৈ অধিকক পাতিবলৈ ৰাইজে অনুমতি নিদিয়ে। ইয়াৰ কাৰণ, হাচ্চা কেকান এক উমৈহতীয়া কাৰ্যৰ ফল। য’তে এই অনুষ্ঠান হয়, ত’তেই জিৰচং দলে সহযোগিতা কৰিবলৈ বাধ্য। সেয়ে, এখন গাঁৱত কেৱল তিনিঘৰে প্ৰতিবছৰে ব্যক্তিগত হাচ্চা কেকান পাতিব পাৰে আৰু প্ৰতিঘৰে একেৰাহে মাথোঁ তিনিবাৰলৈহে পাতিব পাৰে।[2] হাচ্চা কেকান শস্য সামৰাৰ উৎসৱ। ছাৰবাছাৰ অনুমোদনসাপেক্ষে আৰম্ভ হোৱা হাচ্চা কেকানৰ আয়োজন যুৱক-যুৱতী সকলোৱে হাত উজান দিয়ে। হাচ্চা নৃত্যৰ আগত কৰিবলগীয়া পূজাৰ বাবে বাঁহ আৰু শানথু-মেহেক আনিবলৈ ডেকাসকলে দায়িত্ব লয় আৰু যুৱতীসকলে হাৰ-হাক-হৰ-তিবুক, ছেৰ-ফুমাং(মদ-লাওপানীৰ মজুত সামগ্ৰী) আৰু বাকী ৰাইজে ৱ-পি, ফাক-পি, ৱ-তি-ৱ-চ’ৰ (মুৰ্গী, গাহৰি, কণী) লগতে অন্যান্য সমগ্ৰী যোগাৰ কৰে। ইয়াৰ পিছত, পথাৰৰ পৰা ধান চপাই আনি গুটি ধান উলিয়াই ধানখিনি ’পেলু’ ( কাৰ্বি শিপিনীয়ে বোৱা কাপোৰ) বা আন শুদ্ধ কাপোৰেৰে টোপোলা বন্ধা হয়। এই টোপোলাবোৰক ছক আমানটুং বোলে। পুৰুষসকলে দুটাকৈ ভাৰ বান্ধি আৰু মহিলাসকলে এটাকৈ টোপোলা পিঠিত লৈ গীতৰ তালে তালে নৃত্য কৰি ভঁৰালত এই টোপোলাবোৰ মেলি ধান বাকি থয়। ইয়েই হাচ্চা কেকেনৰ মূল আচাৰ। ইয়াক আৰকয় ছককেৰয় বোলে। হাচ্চা কেকান গীতহাচ্চা কেকান অনুষ্ঠানত পৰিৱেশন কৰা গীতসমূহৰ কিয়দংশ এনেধৰণৰ: ১. এ-হা-চা, এহা-চা-হা ২.হাচ্ছা হা......এ হাচ্ছা হা
চাংঘৰৰ তিনিপাত চছৰে তথ্য সংগ্ৰহ |