জাপিজাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে সৰ্বজনবিদিত। প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অৰ্থাৎ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হ'ল। বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। কোনো কোনো দেশত গছপাত আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। ৰূপ-সজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি। জাপিৰ ইতিহাস বহু পুৰণি। আগৰ দিনত জাপিৰ বিভিন্ন প্ৰকাৰৰ জাপি ব্যৱহাৰ হৈছিল। বৰদৈয়া জাপি, সৰুদৈয়া জাপি আদিও আছিল। ইয়াৰোপৰি পানীজাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন আছিল। জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয়। ২০১৭ চনত ভাৰতীয় ডাক বিভাগে ভাৰতীয় মানুহে মূৰত পৰিধান কৰা ১৬ টা টুপিৰ[1] ডাকটিকট প্ৰচলন কৰিছিল য’ত অসমৰ জাপিয়েও স্থান পাইছিল৷ ইতিহাসহিউৱেন চাঙক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল।[2][3][4][5] ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল কৰি বহুতো জাপি লাভ কৰিছিল।[6] চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল।[7]ইয়াৰ বাহিৰে মধ্য অসমৰ বাৰ ভূঞা সকলেও জাপি ব্যৱহাৰ কৰিছিল। সাতসাৰী বুৰঞ্জীৰ মতে আহোম ৰজা সকলে বচুৱাল, তঙালি আৰু টকৌ-পতীয়া জাপি ভূঞা সকলৰ পৰা ল'বলৈ শিকিছিল।[8] আহোমৰ দিনত ডা-ডাঙৰীয়াসকলে মৰ্য্যাদা অনুসৰি বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল। যেনে- বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, বৰগোহাঁয়ে সোণৰ চুলাৰে পানী জাপি আৰু টুপি জাপি। বৰফুকন সকলে ৰুপৰ চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ কৰিছিল। নিৰ্মাণশৈলীবাঁহ আৰু তাল গছৰ পাত বা টকৌ গছৰ পাত ব্যৱহাৰ কৰি জাপি তৈয়াৰ কৰা হয়। জাপিৰ আকাৰ বিভিন্নধৰণৰ আছে- বৰ জাপি, সৰু জাপি। খেতি-পথাৰত ব্যৱহাৰ কৰা জাপিৰ আকাৰ বৰ জাপিতকৈ সক বহল ঘূৰণীয়া (বৃত্তাকাৰ)। মাজ অংশটোত হালোৱাজনৰ মূৰত খাপ-খাই পৰাকৈ এটা জোঙা কৰা অংশ থাকে। প্ৰথমতে ঘূৰণীয়া আকৃতিৰ (চালনি আকৃতি) মাজত সৰু সৰু ফাক থকা দুখন ছাল (জালি) বৈ তৈয়াৰ কৰি লোৱা হয়, এই চালনি আকৃতিৰ ছাল দুখন বওঁতে একেবাৰে কেন্দ্ৰবিন্দুৰ পৰা আৰম্ভ কৰি ৮ ইঞ্চিমান বৈ হোৱাৰ পাছত এটা অলপ ডাঠ ঘূৰণীয়া শলিৰে বান্ধি ওপৰৰ অংশ জোঙা কৰা হয়। এনেকৈ দুয়োখন ছাল বৈ হোৱাৰ পাছত টকৌ পাত বা তাল পাত ঘূৰণীয়াকৈ কাটি দুইখন ছালৰ মাজত পাৰি দিয়া হয় আৰু ঠায়ে ঠায়ে গাঠি দিয়া হয়।[9] জাপি শব্দটিৰ উৎপত্তি“জাপি “শব্দটিৰ উৎপত্তি ‘জাপʼ শব্দৰ পৰা হৈছে। যাৰ অৰ্থ টকৌ পাতৰে ভৰ্ত্তি হৈ থকা দম। প্ৰকাৰৰূপসজ্জা তথা ব্যৱহাৰৰ ফালৰ পৰা জাপিৰ সুকীয়া সুকীয়া নাম আছে। জাপি কেইপ্ৰকাৰৰ সঠিককৈ ক'বলৈ টান। নতুন পোহৰ নামৰ ৱেবছাইটটোৰ তথ্য অনুসৰি জাপি ১০ প্ৰকাৰৰ থাকে,[10] সেয়া হ'ল -
আনহাতে শব্দ অভিধান অনুসৰি জাপি কেইবাপ্ৰকাৰৰ আছে।[11] যেনে-
শান্তনু কৌশিক বৰুৱাৰ 'অসম অভিধান' অনুসৰি জাপিৰ ভাগ সমূহ হৈছে - গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, উকা জাপি, ফুলাম জাপি, পদুমীয়া জাপি, সৰুদৈয়া জাপি, বৰজাপি আদি।[12] ব্যৱহাৰ“জাপিৰ” ব্যৱহাৰ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। খেতিয়ক সকলে পৰিধান কৰে কৃষি কাৰ্য্যত বৰ্তি থকাৰ সময়ত ৰʼদ বৰষুণৰ পৰা ৰক্ষা পাবলৈ। বিহু নচাৰ সময়ত ইয়াৰ শোভা বঢ়াবৰ কাৰণে কৰে। অতিথিক আদৰণি জনোৱাৰ চিহ্ন স্বৰূপে তথা সজোৱা বস্তু হিচাপে ইয়াক চʼৰা ঘৰত ৰখা হয়। সাধাৰণ বা অনালংকৃত “জাপি” খেতিয়ক সকলৰ সুৰক্ষাৰ বাবে নিৰমিত হয়। আনহাতে, অলংকৃত “জাপি” অসমীয়া ৰাজ পৰিয়ালৰ লোকসকলে নিজৰ স্থিতাৱস্থাৰ প্ৰতীক চিহ্ন হিচাপে প্ৰয়োগ কৰিছিল।[13] জীৱিকাশিৱসাগৰ জিলাৰ হাফলুটিং ন-পাম নাথ গাঁওবাসীয়ে কেবাদশক ধৰি ইয়াত জীয়াই ৰাখিছে জাপি নিৰ্মাণৰ পৰম্পৰা। হাফলুটিং নপাম নাথ গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰি আহিছে জাপি। হাফলুটিং ন-পাম নাথ গাঁৱৰ পুৰুষ-মহিলা সকলো জাপি নিৰ্মাণৰ সৈতে জড়িত। জাপি শিল্প গাঁওখনৰ উপাৰ্জনৰ অন্যতম উৎস। বাঁহ, বেত আৰু টকৌপাতেৰে গাঁওবাসীয়ে নিৰ্মাণ কৰি আহিছে জাপি। পূৰ্বপুৰুৰ দিনৰে পৰা ন-পাম নাথ গাঁওবাসীয়ে নিৰ্মাণ কৰি আহিছে জাপি। স্থানীয় বিভিন্ন বজাৰত জাপি বিক্ৰী কৰিবলৈ যায় ন-পাম নাথ গাঁৱৰ লোকসকল। অসমৰ বিভিন্ন প্ৰান্তৰৰ ব্যৱসায়ীয়েও ক্ৰয় কৰে গাঁওবাসীয়ে নিৰ্মাণ কৰা জাপি। গ্ৰাহকৰ সমাদৰ লাভ কৰা ন-পাম গাঁৱৰ জাপি শিল্পৰ লগত জড়িত গাঁওবাসীয়ে কেৱল পৰম্পৰাগত পদ্ধতিৰেই নিৰ্মাণ কৰি আহিছে জাপি।[14] জাপি হৈছে নলবাৰী অঞ্চলৰ প্ৰধান কুটিৰ শিল্প। জিলাখনৰ দোমাহীতোলা, সূতাৰকুছি, বালামুগকুছি, শিলাগুটি, তিলানী, বালিলেছা, মুদৈতোলা, দীঘেলী, তেৰেছিয়া, ভদ্ৰা আদি গাঁৱৰ প্ৰায়ভাগ মানুহৰে জীৱিকাৰ একমাত্ৰ উৎস এই জাপিশিল্প। এই শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনে- বাঁহ, বেত, টকৌপাত ইত্যাদি নলবাৰী অঞ্চলত উভৈনদী। জাপিৰ বাবে কেঁচা বাঁহবোৰ এটা নিৰ্দ্দিষ্ট জোখত(অনুমান ১, ১.৫হাত)কাটি টুকুৰা কৰি লৈ তাৰপৰাই সৰু সৰু খাটি চাচি সাঁচাৰ(টুপী) ওপৰত ৰাখি চালনীৰ দৰে ঘনকৈ বৈ ৰ’দত শুকাই লোৱা হয়। ইয়াৰ পিছত শুকান টকৌ গছৰ পাত সুন্দৰকৈ জাই দুই খলপ লগ লগাই সৰু সৰু সূতাৰে মাজে মাজে গাঁথি দি মুখবোৰ খাংৰাৰ ওপৰত ৰাখি সমানকৈ কাটি জাপি তৈয়াৰ কৰা হয়।[15] তেজপুৰৰ জাপি সজীয়া গাঁৱখনৰ নামৰ উৎপত্তি জাপিৰ পৰা হৈছে৷ এই গাঁৱখন এসময়ত জাপি নিৰ্মাণৰ বাবে বিখ্যাত আছিল। কিন্তু সময়ৰ সোঁতত বৰ্তমান গাঁওখনৰ মাত্ৰ দুটা পৰিয়ালেহে এই বৃত্তিৰ লগত জড়িত হৈ আছে। তেজপুৰত তৈয়াৰ কৰা জাপি নেদাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো সমাদৃত৷ বৰ্তমান জাপি সজীয়া গাঁৱত বুদ্ধদেৱ কেওঁট আৰু তেওঁৰ ভাতৃ নাৰায়ণ কেওঁটে নিৰ্মাণ কৰি আছে। সৰুদৈয়া জাপিৰ পৰা বিহু আৰু অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা জাপি প্ৰায় ২৪ ইঞ্চিৰ হয় ইয়াৰ মূল্য বৰ্তমান ৫০০ টকা। কোনো ধৰণৰ বাধা নোহোৱাকৈ ১৯৮৪ চনৰ পৰা জাপি সাজিবলৈ আৰম্ভ কৰে বুদ্ধদেৱ কেওঁটে জাপি সাজি পৰিয়াল চলাই আছে। কিন্তু বৰ্তমান এই দুই ভাতৃৰ বাহিৰে তেজপুৰৰ এই গাঁওখনত জাপি সজা লোক প্ৰায় নাই বুলিব পাৰি।[16] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia