খেৰাই
খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ[1]। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়[2]। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে। নামৰ অৰ্থখেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল ’খাৰ’ + ’আই’, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু "আই" মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য[3]। বিৱৰণবাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ[3]।
লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia