হুঁচৰি


হুঁচৰি নাম

হুঁচৰি গীত হ'ল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। এই গীত ডেকা-বুঢ়া-ল'ৰা সকলোৱে মিলি গায়। ইয়াত গাভৰুৰ স্থান নাই। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে হুঁচৰি গীত গায়। হুঁচৰি গীত গাওঁতে বয়স্কসকলে চোলা-চুৰিয়া পিন্ধাৰ লগতে গাত চেলেং মেৰিয়াই লয়। হুঁচৰিৰ প্ৰধান ভাগ দুটা - হুঁচৰি কীৰ্তন আৰু বিহুনাম। হুঁচৰি কীৰ্তন হ'ল আধ্যাত্মিক ভাৱসম্পন্ন আৰু বিহুনাম হ'ল অশ্লীলতাহীন স্বাভাৱিক আনন্দ - উত্তেজনা আৰু নৈসৰ্গিক সৌন্দৰ্য্যৰ প্ৰকাশ।[1]

  1. [1]