বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী[1] জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান[2]। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা[3]। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈৱেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়। বুৎপত্তিবড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। তেওঁলোকে শিৱক জীৱৰ স্ৰষ্টা বুলি বিশ্বাস কৰে। বড়ো সকলে ‘সিজু’ গছক পূজা কৰে। এই গছে শিৱক প্ৰতিনিধিত্ব কৰে বুলি তেওঁলোকে বিশ্বাস কৰে।[4] খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি(বাথৌ মহাৰজা আৰু আই কামাখ্যা ) মূল বেদীৰ সিজু গছৰ তলতে এখন কলৰ পাত পাৰি, তাৰ ওপৰত তামোল-পাণ এযোৰা, এ আখি কল, ধূপ-ধূনা আৰু শলিতা জ্বলাই দিয়া হয়। তাতেই খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি বাথৌ মহাৰাজক আসন দিয়া হয়।মূল বেদীটোৰ পৰা বাওঁফালে আগবঢ়াই লৈ যোৱা আলিটোৰ ওপৰত সৰু সৰুকৈ কলপাত পাৰি তাৰ ওপৰত তামোল-পাণ দি, ধূপ-ধূনা জ্বলাই খেৰায়ৰ অন্যান্য দেৱ-দেৱীৰ আসন দিয়া হয়। বাথৌ মহাৰাজক পুজিবলৈ এটা গাহৰি বলি দিয়া হয়। বলিৰ তেজ বাথৌ মহাৰজাৰ হৈ দেওধনিয়ে পি খায়। বলিৰ মূৰ আৰু সামান্য তেজ দেৱতাৰ আসনৰ পাতত থৈ বাথৌ মহাৰাজক আগবঢ়াই দিয়া হয়। বলিৰ ঠেং আৰু গাৰ পৰা কিছু অংশ মঙহ কাটি লৈ তাক আঞ্জা ৰান্ধি সেই আঞ্জা বাথৌ মহাৰাজক আগবঢ়াই দিয়ে।দেৱ-দেৱীলৈ আগবঢ়াব খোজা যি কোনো আঞ্জাত লোণ-তেল, হালধি, মছলা, জলকীয়া দিয়াৰ নিয়ম নাই। আয়লেংবাথৌ মহাৰাজৰ চন্তৰী (গা ৰক্ষী)। এই দেৱতাক পূজা কৰিবলৈ কুকুৰা চৰাই বলি দিয়া হয়। দেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰদৰ্শন কৰা নৃত্যক বড়ো কছাৰী সকলে ‘খফ্ৰি ছিপনায়’ বা জাপি ঘূৰোৱা নৃত্য বুলি কোৱা হয়।শত্ৰুৰ আক্ৰমণৰ পৰা বীৰ সকলে নিজকে কেনেকৈ ৰক্ষা কৰিব লাগে তাৰে কৌশল আয়লেং দেৱতাৰ পূজাত ফুটি উঠিছে। আগ্ৰাংবাথৌ মহাৰাজৰ সেনাপতি। এই দেৱতাক পঠা ছাগলী বলি দি তাৰ তেজ আৰু মূৰ আগবঢ়াই দিয়া হয়। খৌইলাবাথৌ মহাৰাজৰ দূত। কুকুৰা চৰাই বলি দি তাৰ মূৰ আৰু তেজ দেৱতাক আগবঢ়াই দিয়া হয়। কাজিবাথৌ মহাৰাজৰ মন্ত্ৰী। পঠা ছাগলী বলি দি বলিৰ মূৰ আৰু তেজ দেৱতাক আগবঢ়াই দিয়া হয়। আব্লা খুংগুৰবাথৌ মহাৰাজৰ আন এটা মায়াৰ নাম। মহাপৰাক্ৰমী দেৱতা। একলহ মদ আৰু গাহৰি বলি দি তাৰ মূৰ আৰু তেজ আগবঢ়াই দিয়া হয়। ৰাজফুথুৰবাথৌ মহাৰাজৰ পুতেক। ৰাজখান্দ্ৰাবাথৌ মহাৰাজৰ নাতিয়েক দুয়োটা দেৱতাকে একেটা মানত পূজা কৰা হয়। গাহৰি এটা বলি দি তাৰ তেজ মূৰ দুয়োটা দেৱতাক আগবঢ়াই দিয়া হয়। ছংৰজা বা ছংৰাজীউভয়ে স্বামী-স্ত্ৰী। বড়ো- কছাৰীৰ মানত তেওঁলোকে মহাপৰাক্ৰমী দেৱ-দেৱী আৰু মহামায়া। দৌদিনিএই পূজা কৰি থাকোঁতে জনপ্ৰিয়ভাৱে ‘দৌদিনি’ নামেৰে জনাজাত অৰেকলটো দেৱতাসকলৰ আধিপত্য আছে। দৌদিনিয়ে মূল ভূমিকা পালন কৰে। তাৰ পিছত পুৰোহিত (দেউৰী)ৰ মন্ত্ৰৰ দ্বাৰা মোহিত হৈ দৌদিনিয়ে ‘ব্ৰাই বাথৌ’ নামেৰে জনাজাত গছৰ সন্মুখত খেৰাই নৃত্য প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে।[5] জনবিশ্বাসবাথৌ ভাৰতৰ অসমৰ বড়ো জনগোষ্ঠীয়ে পূজা কৰা এটি দেৱতা। তেওঁক আকাশ, পৰ্বতৰ দেৱতা আৰু জনগোষ্ঠীৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে আৰু তেওঁৰ পূজা তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক অপৰিহাৰ্য অংগ। বাথৌৰ আশীৰ্বাদ প্ৰদানৰ ক্ষমতা আৰু ভক্তক সকলো ধৰণৰ অশুভতাৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়।[6] কিংবদন্তি অনুসৰিবড়ো পৌৰাণিক কাহিনী অনুসৰি বড়ো জনগোষ্ঠী আৰু তেওঁলোকৰ ভূমি ৰক্ষাৰ বাবে পৰম সত্তা খোনছা-থাওৰাইয়ে বাথৌৰ সৃষ্টি কৰিছিল। তেওঁ আকাশৰ পৰা পৃথিৱীলৈ নামি আহিছিল সোণৰ জখলাত। কিংবদন্তিটোৱে এইটোও প্ৰকাশ কৰে যে বাথ’ৱে বডো লোকসকলক খেতি, চিকাৰ আৰু মাছ ধৰাৰ কলা শিকাইছিল, যিয়ে তেওঁলোকক উত্তৰ-পূব অঞ্চলৰ কঠোৰ ভূখণ্ডত জীয়াই থকা আৰু লাভৱান হোৱাত সহায় কৰিছিল।[7] ধৰ্মীয় দিশবাথৌ পূজা বড়ো ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ দিশ, যিটো বড়ো ধৰ্মৰ এনিমিজম, পূৰ্বপুৰুষ পূজা, হিন্দু ধৰ্মৰ মিশ্ৰণ। বড়ো লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ চৌপাশৰ গছ-গছনি আৰু নদীৰ পৰা আৰম্ভ কৰি পাহাৰ আৰু আকাশলৈকে সকলোতে বাথৌ উপস্থিত। তেওঁলোকেও বিশ্বাস কৰে যে বাথ’ৱে তেওঁলোকৰ সৈতে সপোন আৰু দৰ্শনৰ জৰিয়তে যোগাযোগ কৰে আৰু তেওঁক সন্তুষ্ট কৰিবলৈ তেওঁলোকে আচাৰ-অনুষ্ঠান কৰে।[8] বিৱৰণবাথৌক এজন সুদৰ্শন আৰু শক্তিশালী দেৱতা হিচাপে চিত্ৰিত কৰা হৈছে, তেওঁ পৰম্পৰাগত বডো সাজ-পোছাক পিন্ধি বাঁহৰ লাঠি আৰু পাতৰ মুকুট পিন্ধিছে। তেওঁক প্ৰায়ে তেওঁৰ চিকাৰৰ দক্ষতাক প্ৰতিনিধিত্ব কৰা ধনু-কাঁড় আৰু প্ৰকৃতিৰ প্ৰাচুৰ্য্যৰ প্ৰতীক ধানৰ গোট এটা লৈ যোৱা দেখা যায়। বাথৌৰ লগত সূৰ্য্য আৰু চন্দ্ৰৰ সম্পৰ্কও আছে, যিবোৰ তেওঁৰ চকু বুলি বিশ্বাস কৰা হয়।[9] সাংস্কৃতিক গুৰুত্ববাথৌৰ পূজা বড়ো সংস্কৃতি আৰু পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। তেখেতৰ সন্মানত বছৰজুৰি বড়ো লোকসকলে বিভিন্ন উৎসৱ আৰু অনুষ্ঠান পালন কৰে, তাৰ ভিতৰত তেখেতৰ বাবে উৎসৰ্গিত আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বাথৌ পূজা। এই উৎসৱৰ সময়ত বড়ো লোকসকলে বাথৌক চাউল, মাংস, মদ আদি আগবঢ়াই পৰম্পৰাগত নৃত্য আৰু গীত পৰিৱেশন কৰে। উৎসৱবাথৌৰ সন্মানত বডো ৰাইজে পালন কৰা প্ৰধান উৎসৱ বাথৌ পূজা। সাধাৰণতে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয় আৰু কেইবাদিনো চলি থাকে। এই উৎসৱৰ সময়ত বড়ো লোকসকলে নিজৰ ঘৰ আৰু মন্দিৰবোৰ ফুল আৰু ৰঙীন পোহৰেৰে সজাই, পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰে। বাথৌক চাউল, মাংস আৰু মদ আদিও আগবঢ়ায় আৰু প্ৰচুৰ শস্য চপোৱা আৰু দুষ্ট আত্মাৰ পৰা সুৰক্ষাৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে।[10] লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|