সূত্ৰধাৰ নৃত্য
সূত্ৰধাৰ নৃত্য(ইংৰাজী: Sutradhari Nritya) সত্ৰীয়া পৰিৱেশ্য কলাৰ অন্তৰ্গত এটি নৃত্য শৈলী। সূত্ৰধাৰজন একাধাৰে গায়ক, নৰ্তক, ঘোষক আৰু পৰিস্থিতিৰ ব্যাখ্যাকাৰী। সূত্ৰধাৰী নাচ অংকীয়া ভাওনাৰ এটি অপবিহাৰ্য নৃত্যগোট। (গায়ন-বায়নৰ অন্তৰ্গত) সাধাৰণতে বৰপেটীয়া ধেমালি খনকে আধাৰ হিচাপে লৈ গুৰুকীৰ্তনৰ ভাওনা আৰম্ভ হয়। সেয়েহে আন নাচত থকাৰ দৰে সূত্ৰধাৰী নাচৰ আধাৰিত ধেমালিখন হ'ল বৰপেটীয়া ধেমালি। অৱশ্যে অন্য উদ্দেশ্যত এই নাচ নাচিবৰ সময়ত ধেমালিৰ ধৰা-বন্ধা নিয়ম নাথাকে। সংস্কৃত ৰূপকৰ আৰ্হিত অংকীয়া নাটকৰ সূত্ৰধাৰ চৰিত্ৰটি গঢ়ি তোলা হৈছে বুলি সত্যেন্দ্ৰনাথ শৰ্মাই ভাষা-সাহিত্যৰ পৰিচয় গ্ৰন্থত উল্লেখ কৰিছে৷ অৱশ্যে দুয়োবিধ নাটকৰ সূত্ৰধাৰ নৃত্যৰ মাজত ভালেখিনি বৈশিষ্ট্য পৰিলক্ষিত হয়৷[1] পৰিচয়ভাৰতীয় সভ্যতাত জগতক ৰংগমঞ্চ, জীৱনক নাটক, জীৱক অভিনেতা/অভিনেত্ৰী আৰু ঈশ্বৰক সূত্ৰধাৰ বুলি কোৱা হয়। সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজা পালিৰ ওজাৰ অনুৰূপ হ'লেও শংকৰদেৱে নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত-বাদ্য-নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে শংকৰদেৱে তেওঁৰ নাটত ঠাই দিছে। ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে।[2]নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়।[3] গায়ন-বায়ন আৰু সূত্ৰধাৰসকলৰ পিন্ধনত বগা ধূতি বা ঘোৰী, হাত গেঞ্জী, পাঞ্জাবী, চেলেং চাদৰ আৰু মূৰত বগা পাগ থাকে।[4] পৰিৱেশনভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ-কাপোৰৰ আঁৰত, অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ-কাপোৰ আঁতৰ হোৱাৰ লগে লগে বিভিন্ন বাদ্যসমূহ একেলগে বাজি উঠে। ৰাইজে হৰিধ্বনি দিয়ে। বিলম্বিত লয়ত খোল, মৃদংগ, তাল বাজে। সূত্ৰধাৰে সৰু ভংগীৰ এটা নাচ আগবঢ়ায়। নাচৰ মাজতেই সূত্ৰধাৰজন থিয় দিয়ে আৰু মধ্যম লয়ৰ বাজনাত বৰভংগীৰ নাচ এটা আৰম্ভ কৰে। এই দুই অংশ নাচৰ শেষত সূত্ৰধাৰে স্বস্তিক হস্তেৰে গোটেই ভাওনাথলী চতুস্পৰ্শ পৰিভ্ৰমণ কৰি ৰাইজ তথা দৰ্শকৰ মংগল কামনা কৰে। এই নৃত্যৰ খোলত ১৭খন আৰু শ্লোকত ৯খন মুঠতে ২৬খন বাজনা থকাটো উল্লেখযোগ্য। ৪, ৭, ১০, ১১, ১২, ১৪, ১৫ আৰু ১৭ সংখ্যক বাজনাত সূত্ৰধাৰে খৰ নাচ প্ৰদৰ্শন কৰাৰ সুবিধা পায়। নৱম বাজনাত বহু পাকৰ নাচ আৰু ষোড়শ বাজনাত জিধিনাকত হাত সলোৱা হাত পৰে। সূত্ৰধাৰে নৃত্য সমাপ্ত কৰাৰ লগে লগে প্ৰধান চৰিত্ৰ শ্ৰীকৃষ্ণ বা ৰামৰ প্ৰৱেশৰ পথ ঘোষিত হয়। তাৰপিছত আন চৰিত্ৰৰ প্ৰৱেশ ঘটে। নৃত্য শৈলীভাওনাৰ আৰম্ভণিতে সূত্ৰধাৰে আঁৰ-কাপোৰৰ আঁৰত, অগ্নিগড়ৰ তলত আঁঠুকাঢ়ি সেৱা জনোৱাৰ ভংগীত ৰৈ থাকে। আঁৰ-কাপোৰ আঁতৰ হোৱাৰ লগে লগে:[5]
সূত্ৰধাৰৰ নৃত্যৰ পিছত নাটকৰ আন আন পাত্ৰসমূহৰ প্ৰৱেশ নৃত্য হয। এই নৃত্যবিলাকৰ গতি বা বুলন আৰু আন চালনাবোৰ সুকীয়া সুকীয়া। নাচৰ বোলো সেইদৰে পৃথক। যশোদা আদি গোপীসকলে একতালিত, নাৰদে খুকনিত, অসুৰবোৰে চুটা তালত প্ৰৱেশ কৰে। সাজ-পাৰসূত্ৰধাৰীৰ মূল পৰিচয় হৈছে মূৰত ব্যৱহাৰ কৰা পাগটো। ইয়াক সূত্ৰধাৰী পাগ বোলে। তলৰ অংশ কাণৰ ওপৰে আৰু কপালৰ আধা অংশ ঢাকি লিপিত খাই পৰে। ওপৰ অংশটোৰ নক্সা গাযনৰ পাণুৰি এটাৰ আগটো পাচ কৰি দিলে যেনে হ'ব তেনে ধৰণৰ; অৰ্থাৎ পিছ অংশটো পাছলৈ জোঙাকে বাঢ়ি যোৱা। ই চৰ্জেদাৰ আৰ্হিৰ কোষাপটীয়া সাঁচৰ টুপিৰ দৰে। ইয়াৰ ওপৰভাগ শিৰৰ আগৰ পৰা পাছলৈ খাল পৰি দুই কাষ সিৰ পাতি থিয় হয়। কাণত উন্তি, হাতত গামখাৰু, ভৰিত জুনুকা আৰু ডিঙিত মতামণি পিন্ধাৰ নিয়ম। শুদ্ধ বগা কপাহী কপোৰৰ লহঙাৰ কঁকাল অংশত ধুতি বা ঘূৰি পিন্ধি বগা ৰঙৰ কপাহী টঙালি তললৈ ওলমাই বন্ধা হয়। কোচ-দিয়া হাতৰ দীঘল চোলা কঁকালৰ কিছু তললৈকে পেলাই পিন্ধে। গাত সূত্ৰধাৰী কাপোৰখন দীঘলে দীঘলে জাপি আগফালে দুই মূৰ টঙালিৰ তলেদি আঁঠুলৈকে ওলমাই পিছফালৰ অংশটো পিঠিৰ মাজ মানতে শেষ কৰা হয়। টুপিৰ আগ অংশত এটি কক্লা সংযোগ কৰা হয়।[6] কলা-বীথিকা
তথ্যসূত্ৰ
|