শৰাইশৰাই (ইংৰাজী: Xorai) অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ।[1] দেৱতাক নৈৱেদ্য দিয়া বা কোনো মহৎ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ।[2] ই একাধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহেৰে শৰাই নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰি ৰূপ আৰু তামেৰেও শৰাই নিৰ্মাণ কৰা দেখা যায়।
নিৰ্মাণপিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়।[2] ব্যৱহাৰঅসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাঁচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পাণ সহ টকা এটি শৰাইত আগবঢ়োৱাটো পুণ্যৰ কাম হিচাপে গণ্য কৰা হয়।
লগতে চাওক
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia