বৈচাগু
বৈচাগু (বড়ো: बैसागु; ইংৰাজী: Bwisagu) অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ (এপ্ৰিল মাহৰ মাজভাগত) সাতদিন জুৰি চলে।[1][2] বহাগ বিহুৰ সৈতে বৈচাগুৰ অঙ্গাঙ্গী সম্পৰ্ক আছে।[3] উদযাপনবৈচাগু সাতদিন জুৰি উদযাপন কৰা হয়। প্ৰথম দিনটোক কোৱা হয় ‘মাখাউ’ বা ‘মাচাউ’, যাৰ অৰ্থ গৰু। দ্বিতীয় দিনা ‘মানসী’ অৰ্থাৎ মানুহ। সেইদিনা বাথৌ দেৱতাৰ পূজা আৰু পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তৃতীয় দিনটোক চাইমা অৰ্থাৎ কুকুৰ, চতুৰ্থ দিনটোক ওমা অৰ্থাৎ গাহৰি, পঞ্চম দিনটোক দাও অৰ্থাৎ কুকুৰা, ষষ্ঠ দিনটোক হাঁহ বা অন্যান্য চৰাইৰ নামেৰে নামকৰণ কৰা হৈছে। বৈচাগুৰ সপ্তম দিনটোত বড়ো লোকসকলে আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে সাক্ষাৎ কৰে।[4] সঙ্গীত আৰু নৃত্য বৈচাগুৰ অভিন্ন অঙ্গ। ডেকা-গাভৰুৱে সমূহীয়াকৈ বৈচাগু নাচে। ডেকাসকলে চিফুং (বাঁহী), খাম (ঢোল), চেৰেন্দা, থোৰকা (টকা) বজায় আৰু গাভৰুসকলে নাচে।[4] পৰম্পৰা আৰু বিশ্বাসবৈশাগুৰ সৈতে জড়িত কিছুমান পৰম্পৰা আৰু বিশ্বাস-
তথ্য উৎস
|
Portal di Ensiklopedia Dunia