টোকাৰী গীত
টোকাৰী গীত হ'ল এবিধ অসমীয়া লোকগীত। টোকাৰী বাদ্য সংগত কৰি এই গীত গোৱা হয় বাবে ইয়াক টোকাৰী গীত বোলা হয়।[1] এফালে লোক-বিশ্বাস আৰু আনফালে আধ্যাত্মিক বিশ্বাসক লৈ এই গীতসমূহ ৰচিত হয়[1] আৰু ব্যক্তিভেদে ঠায়ে ঠায়ে এই গীতবোৰে মুখ বাগৰে। টোকাৰী গীত অসমীয়া লোক-সাহিত্যৰ এক বৈশিষ্ট্যপূৰ্ণ কলা। এই গীতসমূহত তন্ত্ৰ আৰু দেহ-তত্ত্বৰ চৰ্চা হৈছে। কোনো ৰচকে যদি গীতৰ মাজেৰে শিৱ-পাৰ্বতীৰ গুণ গাইছে, কোনোৱে দেহটোকে টোকাৰীৰ লগত ৰিজাইছে।[1] টোকাৰী গীত বহু পুৰণি কালৰে পৰা অসমীয়া সমাজ জীৱনত প্ৰচলিত আৰু এতিয়াও ই শেষ হৈ যোৱা নাই। টোকাৰীপ্ৰধান প্ৰবন্ধ: টোকাৰী
টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ।[2] অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰ জাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য। আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুঁইৰ ছালেৰে ছোৱাই এই বাদ্য তৈয়াৰ কৰা হয়।[3] নামনি অসমত প্ৰচলিত আন এক এনেধৰণৰ লোকবাদ্য দোতাৰাৰ সৈতে ইয়াৰ বহুখিনি মিল দেখা পোৱা যায়।[4] টোকাৰীৰ আকাৰ দোতোৰাতকৈ কিছু ডাঙৰ আৰু বহল হয়। চীনৰ এক বাদ্যযন্ত্ৰ ৰুৱান (Ruan)-ৰ সৈতেও ইয়াৰ বহুখিনি সাদৃশ্য আছে।[4] অনুমান কৰা হয় যে টোকাৰী নামৰ উত্পত্তি "টোকৰ" শব্দৰ পৰা হৈছে, অৰ্থাত্ টোকৰ দিয়াৰ ফলত শব্দ সৃষ্টি হোৱা বাবেই এই বাদ্যৰ নাম টোকাৰী ৰখা হয়।[4] তথ্যসূত্ৰ
|