ভটিমা
ভটিমা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত। ভটিমা মানে স্তুতি বা প্ৰশস্তি।[1] ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে। ভটিমা সমূহ সামান্যভাবে সুৰ লগাই গালেও সম্পূৰ্ণ গীত-ধৰ্মী নহয়। সেয়ে ভটিমাক টোটয় আৰু চপয়ৰ লগতে লঘুগীত হিচাপেও অভিহিত কৰা হয়।[2] ভটিমা মূলত চাৰি প্ৰকাৰৰ। মহাপুৰুষ শংকৰদেৱে তিনিধৰণৰ ভটিমা ৰচনা কৰে। শংকৰদেৱে দেৱ ভটিমা, নাট ভটিমা আৰু ৰাজ ভটিমা আৰু মাধৱদেৱে ইয়াৰ লগতে নিজৰ গুৰু শংকৰদেৱৰ গুণ বৰ্ণনা কৰি গুৰু ভটিমা ৰচনা কৰিছিল। ভটিমাসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল। নামভটিমাৰ অৰ্থ হ'ল স্তুতি। প্ৰাচীন কালত ভাৰতত ভট্ট বা ভাট নামৰ একশ্ৰেণীৰ গায়ক আছিল। এই ভাট সকলে গোৱা স্তুতি মূলক গীত সমূহয়েই হ'ল ভটিমা।[3] মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগৱানৰ স্তুতি বিষয়ক গীত সমূহ হ'ল দেৱ ভটিমা, অংকীয়া নাটত ব্যৱহৃত গীত সমূহ হ'ল নাট ভটিমা আৰু ৰজাৰ স্তুতি বিষয়ক গীত সমূহ হ'ল ৰাজ ভটিমা। সেইদৰে মাধৱদেৱে গুৰু শংকৰদেৱৰ গুণ বৰ্ণাই ৰচনা গীত সমূহ হৈছে গুৰু ভটিমা।[4] বৰ্ণনাভটিমা হৈছে স্তুতিপ্ৰধান বা ভক্তিপ্ৰধান কবিতা। প্ৰকাশভংগীৰ বিশেষ গাম্ভীৰ্য থকা ভটিমাসমূহ সাধাৰণতে গুণ-গৰিমা প্ৰকাশক গীত। প্ৰশস্তি বা স্তুতিমূলক গীত গাই থকা ভ্ৰাম্যমাণ গায়ক সকলক পুৰণিকালত 'ভাট' বোলা হৈছিল। এই ভাট সকলে গোৱা গীতসমূহয়েই ভটিমা বা ভট্টিমা। এই ভটিমা সমূহ অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক শ্ৰেণীৰ গীতি কবিতা।[5] চৰিত পুথি মতে শংকৰদেৱ আৰু মাধৱদেৱ দুয়োগৰাকী পাটবাউসীলৈ যোৱাৰ বাটত ব্ৰাহ্মণ ভাটে গোৱা গীত শুনি শংকৰদেৱে মাধৱদেৱক ভটিমা গাবলৈ আজ্ঞা দিছিল। শংকৰদেৱৰ আজ্ঞা মানি তেওঁ "প্ৰাতঃ সময়ে যশোৱা জননী" ভটিমা গাইছিল।[6] বৰদোৱা চৰিত মতে শংকৰদেৱে ভটিমাৰ অধিকাংশ পাটবাউসীত ৰচনা কৰিছিল। শংকৰদেৱৰ ৰুক্মিণী হৰণ নাটত সুৰভি আৰু হৰিদাস ভাটৰ উল্লেখ আছে। শংকৰদেৱৰ নাটত তিনি প্ৰকাৰৰ ভটিমা পোৱা যায়,
প্ৰকাৰভটিমা মূলতঃ চাৰিটা ভাগত ভগাব পাৰি,
দেৱ ভটিমাঈশ্বৰৰ স্তুতিমূলক ভটিমাক দেৱ ভটিমা বোলে। 'পৰম পুৰুষ পুৰাতন', 'জয় জগদীশ ঈশ ভয়হাৰী', 'বন্দে গোবিন্দা গোপীজন মানন্দা' আৰু 'পেখিয়ে চানুৰ সভা' আদি গীতত ঈশ্বৰৰ স্তুতি কৰা হৈছে বাবে এইকেইটাক দেৱ ভটিমা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে:[8] জয় জগদীশ ঈশ ভয়হাৰী। নাট ভটিমাশংকৰদেৱৰ অংকীয়া নাট সমূহত ব্যৱহৃত ভটিমা সমূহক নাট ভটিমা বোলে। নাটৰ আৰম্ভণিতে ইষ্টদেৱতাৰ গুণানুকীৰ্তন কৰি ভটিমা গোৱা হয়। শংকৰদেৱৰ অংকীয়া নাট কালি দমনৰ আৰম্ভণিতে কৃষ্ণ বন্দনাৰ ভটিমা হ'ল:[9] জয় জয় যদুকুল কমল প্ৰকাশক সেইদৰে নাটৰ মাজতো প্ৰাসংগিক ভাবে নাট ভটিমা ব্যৱহাৰ কৰা হয়। ৰাম বিজয় নাটৰ মাজত ৰামৰ ৰূপৰ বৰ্ণনা থকা ভটিমা হ'ল: কি কহব ৰূপ কুমাৰিল ৰাম। সেইদৰে নাটৰ শেষত মুক্তি মংগল ভটিমা গোৱা হয়। কালি দমন নাটত উল্লিখিত মুক্তি মংগল ভটিমা হ'ল: দৈৱকী উদৰে বেকত জোহি দেৱা ৰাজ ভটিমামহাপুৰুষ শংকৰদেৱে কোঁচ ৰজা নৰনাৰায়ণৰ প্ৰশস্তি মূলক এটি ভটিমা ৰচনা কৰিছিল। নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হৈ গোৱা ৰাজ ভটিমাটো হ'ল: জয় জয় মল্ল নৃপতি ৰসবান। গুৰু ভটিমামহাপুৰুষ মাধৱদেৱে তেওঁৰ পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ গুণ-গৰিমা মহত্ত্ব প্ৰকাশ কৰি ৰচনা কৰা ভটিমা সমূহ হল গুৰু ভটিমা। শংকৰদেৱৰ গুণ কীৰ্তন কৰি গোৱা এটি গুৰু ভটিমা হ'ল:[10] জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ লগতে চাওকতথ্য উৎস
|
Portal di Ensiklopedia Dunia