জেঠুৱা উৎসৱ

জেঠুৱা উৎসৱ বা জেওঠা খোৱা অসমৰ বিশেষকৈ বৰপেটা অঞ্চলত জেঠ মাহত বা ব’হাগৰ সংক্ৰান্তিৰ দিনা পালন কৰা এটা বিশেষ উৎসৱ।[1] এই উৎসৱৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সেয়া জনা নাযায়। জেঠ মাহত ল'ৰা-ছোৱালী জন্ম হ'লে তাক জেঠুৱা বুলি কোৱা হয়। কিছুমানৰ মতে, জেঠ মাহটো বিষ্ণুৰ মাহ৷ সেইবাবে জেঠ মাহত ওপজা ল’ৰা-ছোৱালীক বিষ্ণুভোগ খুওৱা হয়৷ সেয়ে ব'হাগ-জেঠ মাহৰ দোমাহীৰ দিনা এই উৎসৱ পাতে। উল্লেখযোগ্য যে ,যাৰ ঘৰত জেঠ মাহত জন্মা ল'ৰা -ছোৱালী থাকে তেনে ঘৰতহে এই বিশেষ উৎসৱটি পালন কৰা হয়। উৎসৱৰ দিনা "জেঠুৱা মুখ ভঙা" বুলি কৈ আলহী- অতিথি মাতি এসাজ ভালকৈ খায় ।

উৎসৱৰ খাদ্য প্ৰস্তুতি

ব’হাগৰ সংক্ৰান্তিৰ দিনা ৰাতি বাৰ বজাৰ পিছত জেঠ মাহ ধৰা হয় আৰু সেইমাহত জন্মা ল’ৰা-ছোৱালী পৰৱৰ্তীকালত গুণী-জ্ঞানী আৰু শিষ্ট হয় বুলি ধৰা হয়৷ সেয়ে, প্ৰকৃতিৰ নতুন সৃষ্টিৰ লগতে জেঠ মাহত জন্মাসকলক এই উৎসৱ পাতি অভিনন্দন জনোৱা হয়৷ জেঠুৱা উৎসৱত কিছুমান বিশেষ খাদ্যৰ যোগাৰ কৰা হয়৷ সেইদিনা বাৰবিধ ফলৰ কলি আনি পিহনাত পিহি বড় ভজা হয়৷ সকলোবিধ গজালি যেনে, বাঁহ, বেত, তৰা, নল, খাগৰি আদি লগ লগাই এখন ব্যঞ্জন প্ৰস্তুত কৰা হয়৷ [2]অন্যান্য মাহৰ দাইলৰ লগতে কলামাহ (কালাৰ দালি) আৰু মাটিমাহ মিহলাই গুড়ি কৰি বা বটি বড় সাজে৷ মাছৰ কণীৰ বড়, কণী আদি অপৰিহাৰ্য৷ ব্যঞ্জন হিচাপে মাছ আৰু মাংসৰ আঞ্জা থাকে৷ তিলপিঠা, খোলাচাপৰীয়া পিঠা, ঘিলাপিঠা আদি তৈয়াৰ কৰি জেওঠা জনক খুৱাবৰ যোগাৰ কৰা হয়৷[3] পিঠা, পায়স, বেতৰ আগৰ কোমল ঠাৰিৰ বৰা ভজা, মাছ- মাংস, মাছৰ কণীৰ বৰা আদি জেঠুৱা উছৱৰ প্ৰধান যোগাৰ। এই সকলো খাদ্যবস্তুৰ অলপ-অলপ এখন আগলতি কলপাতত আগবঢ়াই পূৰ্বপুৰুষৰ বাবে বাৰীৰ একোণত থৈ অহাৰ নিয়ম। কিন্তু এই নিয়ম অসমৰ গোৱালপাৰা আৰু বৰপেটাৰ বাহিৰে কামৰূপ বা অন্য অঞ্চলত দেখা পোৱা নাযায়।

উৎসৱৰ বিধি

জেঠুৱা বা জেওঠা উৎসৱৰ বাবে পৰিয়ালৰ নিকটতম আপোন মানুহক নিমন্ত্ৰণ কৰা হয়৷ উৎসৱৰ দিনা মানীসকলে খোৱা শাৰীৰ মাজত বা একাষৰীয়াকৈ পীৰা পাৰি জেঠুৱাজনক বহুওৱা হয়৷ জেঠুৱাজনৰ পীৰাত আনাকাটা কাপোৰ পাৰি দিয়া হয় আৰু শৰীৰতো আনাকাটা কাপোৰৰ লগতে নতুন কাপোৰ পিন্ধোৱা হয়৷ ডাঙৰ জাতি-কাঁহী বা মাইহাং কাঁহীত জেঠুৱানক ভাত আৰু যোগাৰ কৰা সকলো বস্তুৰে অলপ অলপ বাঢ়ি দিয়া হয়৷ তেনে কাঁহী নাথাকিলে আগলতি কলপাতত সজাই দিয়া হয়৷ পোনতে জেঠুৱাজনক খাবলৈ দিহে বাকীবোৰক খাবলৈ দিয়া হয়৷ খওৱাৰ অন্তত সকলোৱে ৰং-ৰহইচ কৰে৷ এই উৎসৱ যি সন্তানৰ প্ৰতি কৰা হয় বা যাৰ ঘৰত জেঠুৱা সন্তান থাকে সেই ঘৰত অপায়- অমংগল দূৰ নহয় বুলি এটা জনবিশ্বাস আছে । কিছুমানে কয় যে, সন্তানটিক উৎসৱৰ দিনা ভালকৈ ধুৱাই, পিন্ধাই খুৱালেহে ঘৰৰ অমংগল দূৰ হয়। আকৌ কিছুৱে কয়, জেঠ মাহটো বিষ্ণু মাহ গতিকে সন্তানটিক বিষ্ণু ভোগ খুওৱা হ'ল।

জেঠুৱাৰ প্ৰকাৰ

জেঠুৱা উৎসৱ দুবিধ- "গুৰি জেঠুৱা" আৰু "হোৱা জেঠুৱা"। জেঠ মাহত গৰ্ভধাৰণ কৰিলে গুৰি জেঠুৱা আৰু জেঠত জন্ম হ'লে হোৱা জেঠুৱা বোলে । জেঠুৱা উৎসৱ পাতিলে জেঠুৱা সন্তানৰ ৰিষ্ট কটা যোৱাৰ লগতে পৰিয়ালৰো আপদ-বিপদ, অমংগল দূৰ হয় বুলি লোক বিশ্বাস আছে । এতিয়া সময়ৰ পৰিৱৰ্তনৰ বাবে এই জেঠুৱা উৎসৱ লাহে-লাহে লোপ পাবলৈ ধৰিছে যদিও অসমৰ অঞ্চল বিশেষে এই উৎসৱ এতিয়াও পালন কৰে।

তথ্য সূত্ৰ

  1. পাটবাউসী, শ্ৰীশ্ৰীশঙ্কৰদেৱ থান, (১৯৯৯). বাউসী বিলায়েত. অসম সাহিত্য সভা. পৃষ্ঠা. গ-২৩. 
  2. জেওঠা খোৱা, মনোৰমা পাটোৱাৰী; লোককৃষ্টি আৰু নাৰী; পৃ: নং, ৭৬ সম্পা: ফুলকুমাৰী কলিতা৷
  3. অবিভক্ত কামৰূপ জিলাৰ লোকউৎসৱ, ড° ৰজিতা কলিতা মৰল, মনপুৰ মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ