তাম
তাম (ইংৰাজী: Copper) হৈছে এবিধ ৰাসায়নিক মৌল, সংকেত Cu (লেটিন: cuprum ৰ পৰা) আৰু পাৰমানৱিক সংখ্যা ২৯। ই অতি উচ্চ তাপ আৰু বিদ্যুৎ পৰিবাহিতা বিশিষ্ট এবিধ কোমল ধাতু। বিশুদ্ধ তাম ৰঙচুৱা-কমলা বৰণৰ। ইয়াক তাম আৰু বিদ্যুতৰ পৰিবাহী হিচাপে, ঘৰ সজা সামগ্ৰী হিচাপে আৰু বিভিন্ন সংকৰ ধাতুৰ উপাদান, যেনে অলংকাৰত ব্যৱহৃত ষ্টেৰলিং চিলভাৰ, সামুদ্ৰিক যন্ত্ৰপাতি তথা মুদ্ৰাত ব্যৱহৃত কিউপ্ৰনিক, হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰকৃতিত তাম মুক্ত অৱস্থাত পোৱা যায়, খ্ৰীষ্টপূৰ্ব প্ৰায় ৮০০০ বছৰ আগতেই ধাতুৰ উৎস হিচাপে মানুহে প্ৰথম তামৰ ব্যৱহাৰ কৰিছিল। তাম হৈছে খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০০ বছৰ আগতেই আকৰিকৰ পৰা নিষ্কাষণ কৰা প্ৰথম ধাতু, খ্ৰীষ্টপূৰ্ব ৪০০০ বছৰ আগতেই খাজত আকাৰ দিয়া প্ৰথম ধাতু, খ্ৰীষ্টপূৰ্ব ৩৫০০ বছৰ আগতেই ব্ৰঞ্জ সাজিবলৈ টিনৰ সংকৰ হিচাপে ব্যৱহাৰ কৰা প্ৰথম ধাতু।[2] কসকলো জীৱৰ বাবে তাম এবিধ অপৰিহাৰ্য খাদ্যজ লৱণ। মাছ আৰু অন্য মেৰুদণ্ডী শৰীৰত থকা লৌহ-যুক্ত বৰ্ণকণা হিম'গ্লবিনৰ ঠাইত কোমলদেহী আৰু ক্ৰুষ্টাচিয়াৰ শৰীৰত তামযুক্ত ৰক্ত বৰ্ণকণা হিম'চিয়ানিন থাকে। তাম মানুহৰ যকৃৎ, পেশী আৰু হাড়ত বেছিকৈ পোৱা যায়।[3] প্ৰাপ্তবয়স্কৰ শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামত ১.৪ আৰু ২.১ মিলি.গ্ৰাম পৰ্যন্ত তাম থাকে। সেই হিচাপে ৬০ কেজি ওজনৰ এজন ব্যক্তিৰ শৰীৰত প্ৰায় ০.১ গ্ৰাম তাম থাকে। যিকিনহওক, শৰীৰৰ বাবে এই ক্ষুদ্ৰ পৰিমাণো অতি প্ৰয়োজনীয়।[4] লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia