কাৰ্বন
কাৰ্বন (ইংৰাজী: Carbon; লেটিন: carbo , অৰ্থ "কয়লা"ৰ পৰা) হৈছে এটা ৰাসায়নিক মৌল। ইয়াৰ সংকেত C আৰু ৰাসায়নিক সংখ্যা ৬। পৰ্যায়বৃত্ত তালেকাত ই ১৪ নং স্তম্ভত (গোট) প্ৰথমৰ পৰা (২য় শাৰী) ৬ নং স্থানত অৱস্থিত। সহযোযী বন্ধন সৃষ্টি কৰিব পৰাকৈ ইয়াৰ একেবাৰে বাহিৰৰ কক্ষত ছটা ইলেক্ট্ৰন থাকে। ইয়াৰ প্ৰাকৃতিক সমৰূপ তিনিটা হৈছে, কাৰ্বন-১২, কাৰ্বন-১৩ আৰু কাৰ্বন-১৪। ইয়াৰে প্ৰথম দুটা স্থিৰ আৰু তৃতীয়টো প্ৰায় ৫,৭৩০ বছৰ অৰ্থজীৱনকাল যুক্ত অস্থায়ী আৰু তেজস্ক্ৰিয়।[9] কাৰ্বনৰ বিভিন্ন বহুৰূপীবোৰৰ ভিন্ন ভৌতিক লক্ষণ দেখা পোৱা যায়। উদাহৰণ স্বৰূপে, গ্ৰেফাইট অস্বচ্ছ আৰু ক'লা, আনহাতে হীৰা অতিশয় স্বচ্ছ। গ্ৰেফাইট অতি কোমল বাবে কাগজত ইয়াৰ এটা তৰপ বহি যায় (ইয়াৰ নামটো, গ্ৰীক শব্দ "γράφω" অৰ্থ "লিখা"ৰ পৰা আহৰণ কৰা হৈছে), আনহাতে হীৰা অতি কঠিন। গ্ৰেফাইট এবিধ উত্তম বিদ্যুৎ সুপৰিবাহী, আনহাতে হীৰাৰ বিদ্যুৎ পৰিবাহীতা অতি নিম্ন পৰ্যায়ৰ। সাধাৰণ অৱস্থাত হীৰা, কাৰ্বন নেন'টিউব, আৰু গ্ৰেফেন জ্ঞাত তাপপৰিবাহী পদাৰ্থবোৰৰ ভিতৰত অতি উচ্চ পৰ্যায়ৰ তাপপৰিবাহী। কাৰ্বনৰ সকলো বহুৰূপী সাধাৰণ অৱস্থাত কঠিন, গ্ৰেফাইট তাপগতিয়ভাৱে আটাইতকৈ সুস্থিৰ। ইহঁত ৰাসায়নিকভাৱে প্ৰায় বিক্ৰিয়া প্ৰতিৰোধী, অতি উচ্চ উষ্ণতাতহে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে। চূণ শিল, দলমাইট, আৰু কাৰ্বন ডাই অক্সাইড আদি অজৈৱ যৌগৰ এক বৃহৎ উৎস। কয়লা, পিট, তেল, মিথেনৰ দৰে জৈৱিক পদাৰ্থতো কাৰ্বন থাকে। অন্য যিকোনো ৰাসায়নিক মৌলৰ তুলনাত, কাৰ্বনে এক বৃহৎ সংখ্যক যৌগৰ গঠন কৰে, প্ৰায় দহ নিযুতৰ কথা জানিব পৰা গৈছে,[10] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia