দৰবাৰী নাচদৰবাৰী নাচ (/ˈnɔːtʃ/; (হিন্দী: नाच; উৰ্দু: ناچ; ইংৰাজী: nautch ; সংস্কৃত: नृत्य)[1] ছোৱালী নৰ্তকীয়ে মোগলৰ ৰাজ-দৰবাৰত পৰিবেশন কৰা এটা জনপ্ৰিয় নাচৰ প্ৰকাৰ। এই কলা মোগল সাম্ৰাজ্যৰ শেষৰ ফালে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ছোৱাত জাতিস্কাৰ হৈ পৰিছিল। সময়ৰ সোঁতত এই নাচ মোগল ৰাজ-দৰবাৰৰ পৰা ওলাই আহি নৱাব আৰু দেশীয় ৰাজ্যৰ শাসক, ব্ৰিটিছ ৰাজৰ উচ্চ পৰ্যায়ৰ বিষয়াবৰ্গ তথা জমিদাৰসকলৰ দৰবাৰত থিতাপি লৈছিল।[2] কিছুমান প্ৰসংগত নাচ শব্দটো ভাৰতৰ হিন্দু মন্দিৰবোৰত ধৰ্মীয় নৃত্য পৰিবেশন কৰা দেৱদাসীসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়। অৱশ্যে এই দুটাৰ মাজত বিশেষ সাদৃশ্য নাই। দৰবাৰী নাচনীসকলে পুৰুষক সন্তুষ্ট কৰিবলৈহে তেওঁলোকৰ কলা প্ৰদৰ্শন কৰাৰ বিপৰীতে দেৱদাসীসকলে দেৱতাক সন্তুষ্ট কৰিবলৈ মন্দিৰৰ বিগ্ৰহৰ সন্মুখত ধৰ্মীয় ৰীতি-নীতিৰে শাস্ত্ৰ-সন্মত নৃত্য পৰিবেশন কৰিছিল।[3] ইতিহাসপূৰ্বতে ধৰ্মীয় কাৰণত দেৱদাসীসকলে মন্দিৰত নৃত্য পৰিবেশন কৰিছিল। মোগল যুগত নাচ এক জনপ্ৰিয় বিনোদনৰ মাধ্যমত পৰিমাণ হৈছিল আৰু বহু শাসকে আনকি যুদ্ধ শিবিৰতো নাচৰ অনুষ্ঠান আয়োজন কৰিছিল। ভাৰতলৈ অহা প্ৰাৰম্ভিক ব্ৰিটিছ অভিবাসীসকলক স্বাগতম জনাবলৈ প্ৰায়ে তৱাইফ উপহাৰ দিছিল। ওঠৰ শতিকাত যুৱৰাজসকলক তহজিব (শিষ্টাচাৰ) আৰু কলা শিকিবলৈ নৰ্তকীসকলৰ ওচৰলৈ পঠিওৱা হৈছিল।[4] মোগল আৰু ব্ৰিটিছ যুগত দৰবাৰত নিয়মীয়াকৈ নাচৰ আয়োজন কৰা হৈছিল।[4] বিশেষ বিশেষ কাৰ্যসূচীত নাচনী ছোৱালীবোৰক দেশী ভাৰতীয়সকলেও আমন্ত্ৰণ জনাইছিল। আলহীসকল এটা পৃথক প্ৰেক্ষাগৃহত একত্ৰিত হয়। নাচনী ছোৱালীসকল দলৰ সৈতে একেলগে বহে। দলত সঙ্গীত শিল্পীৰ উপৰিও দৰ্শকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দুই বা ততোধিক নাচনী থাকে।[5] মধ্য-ঊনবিংশ শতিকাত পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ আৰু ১৮৬৯ চনত চুয়েজ খাল মুকলি হোৱাৰ পিছত হোৱা খ্ৰীষ্টিয়ান মিচনেৰীসকলৰ আগ্ৰাসনৰ ফলত ইউৰোপীয় তথা ভাৰতীয়সকলৰ মাজতো দৰবাৰী নাচৰ প্ৰতি অনীহা আহিল। স্বাভাৱিকতে নাচনী ছোৱালীসকলে পৃষ্ঠপোষকতা হেৰুৱাই জীৱিকা নিৰ্বাহৰ বাবে বাধ্যত পৰি গণিকাবৃত্তিৰ ফালে ধাৱমান হ’ল[6] আৰু কুৰি শতিকাৰ আৰম্ভণিতে নাচৰ দৰে এটা সন্মানজনক বৃত্তিয়ে অপমানজনক অৰ্থ ধাৰণ কৰিলে।[6][7][8] নাচৰ দলঐতিহাসিকভাবে নাচনী দলৰ সঙ্গীত শিল্পীসকলে চাৰিবিধ বাদ্য সঙ্গত কৰিছিল- সাৰেঙ্গী, তবলা, মঞ্জিৰা আৰু ঢোলক। আৰু এবিধ বাদ্য হাৰমনিয়ামৰ কুৰি শতিকাত আগমন হৈছিল। ৰাজ দৰবাৰ, মহল বা চহকী পৃষ্ঠপোষকসকলৰ গৃহত সঙ্গীত শিল্পীসকলে ঠিয় হৈ পৰিবেশন কৰাৰ বিপৰীতে কম চহকী বা ৰাজহুৱা অনুষ্ঠানত তেওঁলোকে বহি লৈ পৰিবেশন কৰিছিল। নাচৰ অনুষ্ঠানত থুমৰী, দাদৰা, গজল আৰু গীত গোৱা হৈছিল।[6] দলটোত এজন বয়সীয়া, অভিজ্ঞ সেৱক থাকে, তেওঁক মামা বুলি কয়। তেওঁ মঞ্চৰ এটা কোণত বহি পৃষ্ঠপোষকসকলৰ বাবে পান আৰু বিড়ি সাজু কৰে। লগতে তেওঁ নাচনীসকলৰ খাদ্য, গহনাৰ আদিৰো তদাৰক কৰে। মুহাফিজ এজন অস্ত্ৰবিহীন দেহৰক্ষী। তেওঁ অনুষ্ঠানটোৰ শৃঙ্খলা ৰক্ষা কৰে আৰু অনুষ্ঠান পৰিবেশন বা পোহৰ বহনকাৰী এজন বা দুজনৰ সহযোগত দলটোৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা নিশ্চিত কৰে।[6] গেলাৰী
তথ্য উৎস
বাহ্যিক সংযোগৱিকিমিডিয়া কমন্সত দৰবাৰী নাচ সম্পৰ্কীয় মিডিয়া ফাইল।
|
Portal di Ensiklopedia Dunia