ওড়িছী নৃত্য
ওড়িছী নৃত্য (ইংৰাজী: Odissi Dance) ভাৰতৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ উৎপত্তি আৰু বিকাশ হৈছিল ওড়িশাত। মূলতঃ মন্দিৰৰ দেৱদাসী সকলে পৰিৱেশন কৰা এই নৃত্যই পাছলৈ ৰাজসভাতো ঠাই পায়। ওড়িছী নৃত্যত মুঠ ১০৮ বিধ মূল নৃত্য শৈলী পোৱা যায়। উৰিষ্যাৰ ভুৱনেশ্বৰ, কোণাৰ্ক আৰু পুৰীৰ মন্দিৰৰ বেৰত এই নৃত্যৰ বহু ভংগিমা খোদিত কৰা দেখা পোৱা যায়। ভাৰত নাট্যম আৰু কুচিপুড়ি নৃত্যৰ লগত ওড়িছী নৃত্যৰ মূল ভংগিমাৰ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়। এই নৃত্যৰ মূল স্থায়ী ভংগীমা হ’ল ত্ৰিভঙ্গ। ভূমি প্ৰণামেৰে আৰম্ভ কৰি বিঘ্নৰাজ পূজা, বুট নৃত্য, ইষ্টদেৱ বন্দনা, স্বৰ পল্লৱী নৃত্য, মাভিনয় নৃত্য আৰু শেষত দ্ৰুত লয়ত ডাৰিঝম অংশ পৰিবেশন কৰি নৃত্যৰ সমাপ্তি কৰা হয়। পাখোৱাজ, বাঁহী, তানপুৰা, ব্ৰহ্মবীণা, মৃদংগ, ঘণ্টিতাল আদি ওড়িছী নৃত্যত ব্যৱহৃত বাদ্যযন্ত্ৰ। এই নৃত্যত কটিবেণী, পুষ্পচূড়া আৰু অৰ্ধবক্তক এই তিনিশ্ৰেণীৰ কেশসজ্জা কৰা হয়। পোছাকৰ ক্ষেত্ৰত পাটৰ শাৰী, ব্লাউজ, নীবিবন্ধ, বকুল কালিকা, নাগপাশ, মাথামণি, কিংকিনী, কৰকংকন আদিৰ ব্যৱহাৰ কৰা হয়। [1] পৰম্পৰাগত ওড়িছী নৃত্যত দুটা প্ৰধান শৈলী আছে, প্ৰথমটো শৈলী কেৱল মহিলাই আধ্যাত্মিক মন্দিৰ নৃত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিৱেশন কৰে আৰু দ্বিতীয়টো শৈলীত ল’ৰাই ছোৱালীৰ দৰে সাজ-পোছাক পিন্ধি[2] এথলেটিক আৰু এক্ৰ'বেটিক পদক্ষেপ অন্তৰ্ভুক্ত কৰি বৈচিত্ৰ্যপূৰ্ণ কৰি তোলে আৰু মন্দিৰত উৎসৱমুখৰ অনুষ্ঠানৰ লগতে সাধাৰণ লোকৰ মনোৰঞ্জনৰ বাবেও পৰিবেশন কৰে। বৰ্তমান ভাৰতীয় শিল্পীসকলে আধুনিক ওড়িছী নৃত্যত পৰীক্ষামূলক ধাৰণা, সংস্কৃতিৰ সংযোজন, বিষয়বস্তু আৰু নাটকৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ উপস্থাপন কৰিছে।[3] ১৯৯১ চনত মাইকেল জেকচনৰ জনপ্ৰিয় একক গীত "ব্লেক অৰ হোৱাইট"ত পৰম্পৰাগত ওড়িছী নৃত্য অন্তৰ্ভূক্ত কৰা হৈছিল। নৃত্য অন্তৰ্ভূক্ত কৰা হৈছিল। ইতিহাসপৰিবেশন কলা বিষয়ক প্ৰাচীন হিন্দু সংস্কৃত গ্ৰন্থ নাট্য শাস্ত্ৰক ওড়িছী নৃত্যৰ ভেটি বুলি কোৱা হয়।[4][5] নাট্য শাস্ত্ৰত বৰ্ণনা কৰা ১০৮ টা মৌলিক নৃত্য সংহতিৰ সৈতে ওড়িছী নৃত্যৰ মিল দেখা পোৱা যায়।[5] এই গ্ৰন্থখন প্ৰাচীন পণ্ডিত ভৰত মুনিয়ে ৰচনা কৰা বুলি কোৱা হয় আৰু ইয়াৰ প্ৰথম সম্পূৰ্ণ সংকলন খ্ৰীষ্টপূৰ্ব ২০০ চনৰ পৰা ২০০ খ্ৰীষ্টাব্দৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছিল বুলি ধৰা হয়,[6][7] কিন্তু ভিন্ন স্থানত খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ পৰা ৫০০ খ্ৰীষ্টাব্দৰ ভিতৰত বুলিও অনুমান কৰা হয়।[8] নাট্য শাস্ত্ৰ গ্ৰন্থৰ আটাইতকৈ বেছি অধ্যয়ন কৰা সংস্কৰণটো ৩৬টা অধ্যায়ত প্ৰায় ৬০০০ টা পদৰে গঠিত।[6][9] নাটালিয়া লিডোভাই উল্লেখ কৰিছে যে এই গ্ৰন্থখনত তাণ্ডৱ নৃত্যৰ তত্ত্ব (শিৱ), ৰস, ভাৱ, প্ৰকাশ, ইংগিত, অভিনয় কৌশল, মৌলিক পদক্ষেপ, থিয় হৈ কৰা ভংগীমা তত্ত্বৰ বৰ্ণনা কৰা হৈছে – যিবোৰ সকলো ভাৰতীয় ধ্ৰুপদী নৃত্যৰ অংশ।[6][10] এই প্ৰাচীন গ্ৰন্থখনৰ মতে নৃত্য আৰু পৰিবেশন কলা,[11] আধ্যাত্মিক ধাৰণা, গুণ আৰু শাস্ত্ৰৰ সাৰমৰ্ম প্ৰকাশৰ এক প্ৰকাৰ।[12] নাট্য শাস্ত্ৰই অৱন্তী, দক্ষিণাত্য, পাঞ্চালী আৰু ওদ্ৰ-মাগধী নামৰ প্ৰচলিত চাৰিটা প্ৰবৃত্তিক (অভিব্যক্তি প্ৰকাশৰ পদ্ধতি) বুজায়; ইয়াৰে ওদ্ৰ শব্দই ওড়িশাক বুজায়। নৃত্য আৰু সংগীত যে প্ৰাচীন পৰিবেশন কলা তাৰ অধিক প্ৰত্যক্ষ ঐতিহাসিক প্ৰমাণ গুহাৰ দৰে প্ৰত্নতাত্ত্বিক স্থান আৰু ভুৱনেশ্বৰ, কোণাৰ্ক আৰু পুৰীৰ মন্দিৰৰ খোদিত শিল্পৰ পৰা পোৱা যায়।[5][13] উদয়গিৰিৰ মঞ্চপুৰী গুহাত নৃত্য আৰু সংগীতজ্ঞৰ খোদিত শিল্পকৰ্ম দেখা যায় আৰু এয়া খ্ৰীষ্টপূৰ্ব প্ৰথম বা দ্বিতীয় শতিকাত জৈন ৰজা খাৰবেলৰ সময়ৰ বুলি ধাৰণা কৰা হৈছে। ওড়িছী সংগীত নামেৰে জনাজাত ওড়িশাৰ শাস্ত্ৰীয় সংগীত পৰম্পৰাৰো প্ৰাচীন ইতিহাস আছে। প্ৰত্নতত্ত্ববিদসকলে ওড়িশাৰ শংকৰজাঙত প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বৰ ২০টা চাবিযুক্ত এটা বেছাল্ট লিথ’ফোন (এক প্ৰকাৰৰ শিলৰ পৰা তৈয়াৰ কৰা বাদ্যযন্ত্ৰ) আৱিষ্কাৰ কৰাৰ বাতৰি প্ৰকাশ কৰিছে।[14][15] প্ৰদৰ্শনধ্ৰুপদী আৰু মধ্যযুগৰ হিন্দু গ্ৰন্থসমূহত দলীয় নৃত্য হিচাপে উড়িছী নৃত্যৰ উল্লেখ পোৱা গৈছে। এই নৃত্য পৰম্পৰাত মহিলাসকলে (মাহাৰী) হিন্দু মন্দিৰৰ ভিতৰৰ মঞ্চ অথবা মন্দিৰৰ লগত সংলগ্ন নাট্যমন্দিৰত আধ্যাত্মিক কবিতা বা ধৰ্মীয় কাহিনীৰ সৈতে পৰিবেশন কৰিছিল।[16] অডিচি পৰিবেশন কৰা মাহাৰীসকলে বিশুদ্ধ নৃত্যৰ সৈতে প্ৰকাশভংগীৰ সংমিশ্ৰণ ঘটাইছিল আৰু অভিনয়ৰ জৰিয়তে অন্তৰ্নিহিত গ্ৰন্থৰ সংলাপবোৰ পৰিবেশন কৰিছিল।[16][17] ওড়িছী নৃত্যৰ আবৃত্তি ওড়িয়াত আৰু সংস্কৃত ভাষাত পৰিবেশন কৰা হয় আৰু ওড়িছী সংগীত পৰম্পৰাৰ ৰাগ আৰু তালক কঠোৰভাৱে অনুসৰণ কৰা হয়৷ ওড়িছী নৃত্যত ব্যৱহৃত তালসমূহ হ’ল একতালি, খেমতা, ৰূপক, ত্ৰিপতা, ঝাম্পা, জাতি তাল, আদাতালি, মাথা, আদিতাল, সৰিমনা, কুডুকা ইত্যাদি। ক্ৰমওড়িছী নৃত্যৰ ক্ৰমসমূহ হৈছে: মংগলচাৰণ, বাট্টু নৃত্য (বাটু, স্থায়ী নৃত্য বা বাটুকা ভৈৰৱ), অভিনয়ৰ সৈতে নৃত্য, নাট্য আৰু মোক্ষ৷ ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ ওড়িছী নৃত্যশিল্পী
তথ্য সংগ্ৰহ:
|
Portal di Ensiklopedia Dunia