মিনতি মিশ্ৰ
মিনতি মিশ্ৰ (ইংৰাজী: Minati Mishra; ১৯২৯ – ৬ জানুৱাৰী ২০২০) আছিল এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী আৰু অভিনেত্ৰী। ভাৰতীয় লোকনৃত্যৰ অন্যতম নৃত্য ওড়িছীৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে তেখেত সুপৰিচিত। ২০১১ চনত তেখেত ওড়িছী প্ৰদৰ্শন কৰা সৰ্বজ্যেষ্ঠ জীৱিতি প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়।[1][2] ২০১২ চনত ভাৰত চৰকাৰে তেখেতেক পদ্মশ্ৰী সন্মানেৰে স্বীকৃতি দিয়ে।[3] প্ৰাৰম্ভিক জীৱনমিনতি মিশ্ৰৰ (বিবাহৰ পূৰ্বে মিনতি দাস)[4] জন্ম হৈছিল ১৯২৯ চনত কটকত। তেখেতৰ পিতৃ আছিল বসন্ত কুমাৰ দাস। তেখেত স্থানীয় বিদ্যালয় এখনৰ প্ৰধান শিক্ষক।[4] পৰিয়ালটোৰ তিনিটি সন্তানৰ ভিতৰত মিনতি দাস আছিল সৰ্বকনিষ্ঠ।[5] কম বয়সতেই তেখেতে নৃত্য আৰু সংগীত শিক্ষা আৰম্ভ কৰে। বিষয়বস্তুগত নৃত্যৰ বাবে তেওঁ অজিত ঘোষ আৰু বনবিহাৰী মাইটীৰ ওচৰ চাপে আৰ ওড়িছী তেখেতে নৃত্যশিল্পী কবিচন্দ্ৰ কালিচৰণ পাটনায়কৰ অধীনত শিকে। ১৯৫০ চনত মিনতি মিশ্ৰই প্ৰসিদ্ধ ওড়িছী-গুৰু কেলুচৰণ মহাপাত্ৰৰ অধীনত নৃত্যশিক্ষা আৰম্ভ কৰে।[5] ১৯৫৪ চনত মিনতি মিশ্ৰই কলাক্ষেত্ৰৰ আৰু ৰুক্মিণী দেৱী অৰুণ্ডেলৰ সান্নিধ্য লাভ কৰে। উৰিষ্যা চৰকাৰৰ পৰা লাভ কৰা এটি জলপানিৰ জৰিয়তে তেখেতে কলাক্ষেত্ৰত যোগদান কৰে। তেখেতে কুট্টী সাৰদা আৰু পেৰিয়া সাৰদাৰ পৰা এবছৰ ভাৰতনাট্যম শিকে।[6] পৰৱৰ্তী বছৰটোতে তেখেতে ভাৰতীয় ললিত কলা প্ৰতিষ্ঠানত যোগদান কৰে আৰু পণ্ডা ৱালুৰ পিল্লাই চুকালিংগাম আৰু মিনাক্ষী সুন্দৰম পিল্লাইৰ অধীনত প্ৰশিক্ষিত হয়। ১৯৫৬ চনত তেখেতে প্ৰথমবাৰলৈ নৃত্য পৰিৱেশন কৰে। তাৰ পৰৱৰ্তী তিনিটা বছৰত তেখেতে ভাৰতৰ কেইবাঠাইতো এইদৰে নৃত্য পৰিৱেশন কৰি কলাৰসিকৰ দৃষ্টি আকৰ্ষণ কৰে।[5] ১৯৫৯ চনত তেখেতক ছুইজাৰলেণ্ডলৈ আমন্ত্ৰিত কৰা হয়। ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফিক এছ'ছিয়েছনে তেখেতক আমন্ত্ৰিত কৰিছিল। মিনতি মিশ্ৰই জুৰিখ, লুকাৰ্ণ, জেনেভা আৰু উইণ্টাৰথাৰত নৃত্য পৰিৱেশন কৰে।[5] তিনিটা বছৰৰ পিছত ১৯৬২ চনত, তেখেতে ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে।[7] তেখেতে Indology (ভাৰতীয় ঐতিহ্য, বুৰঞ্জী, কলা-সংস্কৃতিৰ বিষয়ে অধ্যয়ন)ত এই বিশেষ ডিগ্ৰীটো লাভ কৰে। জাৰ্মানীৰ ফিলিপ ইউনিভাৰ্ছিটী অৱ মাৰবাৰ্গে "Natyashastra" শীৰ্ষক গৱেষণাপত্ৰৰ বাবে তেখেতক উক্ত ডিগ্ৰী প্ৰদান কৰে। ১৯৬৩ চনত বাৰ্লিন ছবি মহোৎসৱত প্ৰদৰ্শন কৰিবলৈ তেখেত নিমন্ত্ৰিত হয়।[5] "ভাৱা" আৰু "অভিনয়া"ৰ শৈলীত প্ৰদৰ্শন কৰা প্ৰকাশিকা শক্তিৰ বাবে মিনতি মিশ্ৰ সমাদৃত।[8] অভিনয় জগততমিনতি মিশ্ৰই পাঁচখন উড়িয়া ছবিত অভিনয় কৰিছে। তেখেতৰ প্ৰথমখন ছবি 'সূৰ্যমুখী'য়ে ১৯৬৩ চনত মুক্তি লাভ কৰে। তেখেতৰ দ্বাৰা অভিনীত 'জীৱন সাথী', 'সাধনা', 'অৰুন্ধতী' ছবিকেইখনে উড়িয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[9][10][11][12] ১৯৬৩ চনত নিৰ্মিত বঙালী ভাষাৰ ছবি "নিৰ্জন চৈকটে"তো তেখেতে অভিনয় কৰিছিল। এইখন ছবিত তেখেতে কেলুচৰণ মহাপাত্ৰৰ দ্বাৰা পৰিচালিত হোৱা কেইটামান নৃত্য পৰিৱেশন কৰে।[13] তেখেত আকাশবাণীৰ পৰা এ গ্ৰেডপ্ৰাপ্ত শিল্পী। হিন্দুস্তানী কণ্ঠ সংগীতৰ বাবে তেখেতে "সংগীত প্ৰভাকৰ" শীৰ্ষক সন্মানটো লাভ কৰে।[5][14] ভুৱনেশ্বৰত থকা "উৎকল সংগীত মহাবিদ্যালয়"ৰ মিনতি মিশ্ৰ আছিল অধ্যক্ষ।[15] ১৯৬৪ চনৰ পৰা ১৯৮৯ চনলৈকে তেখেতে উক্ত পদত কাৰ্যনিৰ্বাহ কৰে।[8][14] তেখেতৰ কাৰ্যকালৰ সময়ত, শিক্ষানুষ্ঠানখনে বিদ্যায়তনিকভাৱে পাঠ্যক্ৰমত ওড়িছী নৃত্য আৰু সংগীত প্ৰশিক্ষণক অন্তৰ্ভুক্ত কৰে। বিদ্যায়তনিক দিশৰ লগত সম্পন্ন হোৱা এই সংযুক্তিয়ে ওড়িছী নৃত্যৰ পুনুৰদ্ধাৰৰ ক্ষেত্ৰত সফল ভূমিকা ল'লে বুলি গণ্য কৰা হয়।[8] অৱসৰ আৰু পৰৱৰ্তী জীৱন১৯৮০ চনত মিনতি মিশ্ৰৰ স্বামী আৰু অভিযন্তা নিত্যানন্দ মিশ্ৰৰ মৃত্যু হয়। তাৰ পিচৰটো বছৰতে মিনতি মিশ্ৰই নৃত্য পৰিৱেশনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেত ছুইজাৰলেণ্ডত স্থায়ীভাৱে থাকিবলৈ লয় আৰু ছুইজাৰলেণ্ড, কানাডা আৰু ভাৰতৰ বিভিন্ন ঠাইত কৰ্মশালা আৰু বক্তৃতা প্ৰদানৰ কাৰ্যসূচী ৰাখে।[5] ২০২০ চনৰ ৬ জানুৱাৰীত মিনতি মিশ্ৰৰ দেহাৱসান ঘটে।[16] তথ্যসূত্ৰ
|