কালবেলিয়াকালবেলিয়া হৈছে ভাৰতৰ ৰাজস্থানৰ থৰ মৰুভূমিৰ এটা সাপৰ খেল দেখুওৱা জনজাতি আৰু তেওঁলোকে প্ৰদৰ্শন কৰা এক লোক নৃত্য।[1] নৃত্য তেওঁলোকৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ আৰু পুৰুষ আৰু মহিলা উভয়ৰ দ্বাৰা এই নৃত্য পৰিৱেশন কৰা হয়। কালবেলিয়া জনজাতিকালবেলিয়াসকলক ডালিৱাল আৰু মেৱাৰা শীৰ্ষক দুটা মুখ্য গোটত বিভক্ত কৰা হৈছে। কালবেলিয়াসকলে প্ৰাচীন কালত সঘনাই এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হৈ ঘূৰি ফুৰিব লগা হৈছিল। তেওঁলোকৰ পৰম্পৰাগত জীৱিকা হৈছে সাপ ধৰা আৰু সাপৰ বিষৰ ব্যৱসায় কৰা। তেওঁলোকে সাপ, কুকুৰ, কুকুৰা, ঘোঁৰা, গাধ, গাহৰি আৰু ছাগলী পালন কৰে। সেয়েহে, নৃত্যৰ বাবে ব্যৱহাৰ কৰা এই সম্প্ৰদায়ৰ পোছাকৰ সৈতে সৰ্পবোৰৰ সাদৃশ্য আছে। তেওঁলোকক চাপেৰা আৰু যোগিৰা, গাট্টিৱালা আৰু পুগিৱাৰা বুলিও কোৱা হয়। কালবেলিয়াসকলৰ আটাইতকৈ ডাঙৰ গোটটো আছে পালি জিলাত। ইয়াৰোপৰি আজমেৰ, চিতোৰগড় আৰু উদয়পুৰ জিলাটো এই লোকসকলৰ বসতি আছে। তেওঁলোকে যাযাবৰী জীৱন যাপন কৰে। এই লোকসকল অনুসূচীত জনজাতিৰ অন্তৰ্ভুক্ত।[2][3] ১৯৭২ চনৰ বন্যপ্ৰাণী আইন প্ৰণয়ন হোৱাৰ পিছৰে পৰা, কালবেলিয়াসকল তেওঁলোকৰ পৰম্পৰাগত বৃত্তিৰ পৰা আঁতৰি আহিব লগা হৈছে। এতিয়া কেৱল নৃত্য প্ৰদৰ্শন কলা তেওঁলোকৰ বাবে উপাৰ্জনৰ এক মুখ্য উৎস আৰু এই প্ৰদৰ্শন কলাই ভাৰতৰ লগতে বাহিৰতো ব্যাপকভাৱে স্বীকৃতি লাভ কৰিছে। এই প্ৰদৰ্শনৰ সুযোগ বিক্ষিপ্ত। লগতে পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল, যি ঋতু নিৰ্দিষ্ট। সেয়েহে এই সমাজৰ সদস্যসকলে উপাৰ্জনৰ বাবে পথাৰত কাম কৰাৰ উপৰি পশুপালন কৰে।[4]
কালবেলিয়া নৃত্যউৎসৱ আদিৰ উদযাপনৰ সময়ত পৰিৱেশন কৰা কালবেলিয়া নৃত্য কালবেলিয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। তেওঁলোকৰ এই নৃত্য আৰু ইয়াৰে সম্পৰ্কীয় গীতসমূহ তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় আৰু কালবেলিয়াসকলৰ বাবে পৰিচয়ৰ সূচক। এই সংস্কৃতিয়ে সম্প্ৰদায়টোৰ সৃষ্টিশীল অভিযোজনক পৰিৱৰ্তনশীল আৰ্থ-সামাজিক পৰিস্থিতি আৰু গ্ৰাম্য ৰাজস্থানী সমাজত তেওঁলোকৰ নিজা ভূমিকাক প্ৰতিনিধিত্ব কৰে। নৃত্যশিল্পীসকলে ক'লা আহল-বহল স্কাৰ্ট পিন্ধে। তেওঁলোকে সৰ্পৰ গতিবিধি প্ৰতিলিপি কৰি নৃত্যকৰে। শৰীৰৰ ওপৰৰ অংশত পিন্ধা কাপোৰবিধক অংৰাখী বুলি কোৱা হয় আৰু মূৰত ওৰণি লয়। একেদৰে শৰীৰৰ তলৰ অংশত পিন্ধা কাপোৰ বিধক লেহেঙ্গা বুলি কোৱা হয়। এই সকলোবোৰ কাপোৰ ৰঙা আৰু ক'লা ৰঙৰ সংমিশ্ৰণত এনেদৰে এম্ব্ৰইডাৰী কৰা হয় যে যেতিয়া এই নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে, তেওঁলোকৰ কাপোৰবোৰে চকুৰ লগতে পৰিৱেশৰ বাবেও এক আৰামদায়ক ৰঙৰ সংমিশ্ৰণক প্ৰতিনিধিত্ব কৰিব পাৰে। পুৰুষ সহযোগী সকলে বিভিন্ন বাদ্যযন্ত্ৰ বজায়, যেনেঃ পুংগী (পৰম্পৰাগতভাৱে সাপ ধৰিবলৈ বজোৱা এক কাঠৰ বাদ্যযন্ত্ৰ), ডফ্লি, খঞ্জৰী, মৰ্চাং, খুৰালিঅ' আৰু ধোলক। এই বাদ্যযন্ত্ৰৰ তালৰ ওপৰত নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে। নৃত্যশিল্পীসকলে দেহত পৰম্পৰাগত সজ্জাৰ টেটু আঁকে আৰু সৰু আয়না আৰু ৰূপালী সূতাৰে সমৃদ্ধভাৱে এম্ব্ৰইডাৰী কৰা গহনা আৰু পোছাক পিন্ধে। নৃত্য প্ৰদৰ্শন আগুৱাই যোৱাৰ লগে লগে, গীতৰ লয় আৰু নৃত্যৰ তাল দ্ৰুততৰ হৈ গৈ থাকে।[4] কালবেলিয়া গীতবোৰ লোককাহিনী আৰু পৌৰাণিক কাহিনীৰ ওপৰত আধাৰিত। হোলীৰ সময়ত বিশেষ নৃত্য পৰিৱেশন কৰা হয়। কালবেলিয়াসকলৰ স্বতঃস্ফূৰ্তভাৱে গীত ৰচনা কৰা আৰু প্ৰদৰ্শনৰ সময়তে গানবোৰৰ মান উন্নত কৰাৰ খ্যাতি আছে। এই গীত আৰু নৃত্যবোৰ এটা মৌখিক পৰম্পৰাৰ অংশ যিটো প্ৰজন্মৰ পিছত প্ৰজন্মলৈ হস্তান্তৰীত হৈ আহিছে। এই সমূহৰ সংৰক্ষণৰ বাবে কোনো লিখিত গ্ৰন্থ বা কোনো প্ৰশিক্ষণ আৰ্হিৰ প্ৰস্তুত কৰা হোৱা নাই। ২০১০ চনত ৰাজস্থানৰ কালবেলিয়া লোকগীত আৰু নৃত্যক ইউনেস্কোৰ দ্বাৰা ইয়াৰ অমূৰ্ত ঐতিহ্য তালিকাৰ অংশ হিচাপে স্বীকৃতি দিছে।[4] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|