য়শ চোপ্ৰা
য়শ ৰাজ চোপ্ৰা (২৭ ছেপ্টেম্বৰ ১৯৩২ - ২১ অক্টোবৰ ২০১২)[1]) এজন হিন্দী বোলছবিৰ লগত জড়িত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাই আই এছ জোহৰ আৰু জ্যেষ্ঠ ভাতৃ বি আৰ চোপ্ৰাৰ সহকাৰী পৰিচালকৰূপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯৫৯ চনত অবৈধতা বিষয়ক মেল'ড্ৰামা ধুল কা ফুল ছবিৰে তেখেতে পৰিচালকৰূপে খোজ দিয়ে আৰু ১৯৬১ চনত সামাজিক কাহিনীৰে ধৰ্মপুত্ৰ পৰিচালনা কৰে। প্ৰথম দুখন ছবিৰ সফলতাত উদ্বুদ্ধ হৈ চোপ্ৰা ভাতৃদ্বয়ে পঞ্চাশৰ দশকৰ পিছৰফালে আৰু ষাঠীৰ দশকত কেইবাখনো বোলছবি নিৰ্মাণ কৰে। ভাল ব্যৱসায় কৰা আৰু সমালোচকৰ দ্বাৰাও প্ৰশংসিত ৱক্ত (১৯৬৫), বোলছবিৰে য়শ চোপ্ৰাই সুনাম অৰ্জন কৰে। ১৯৭৩ চনত য়শ চোপ্ৰাই তেখেতৰ নিজা প্ৰযোজনা প্ৰতিষ্ঠান য়শ ৰাজ ফিল্মছ মুকলি কৰে আৰু প্ৰথমে দাগ:এ প'এম অৱ লাভ (১৯৭৩) নামৰ এখন সফল ছবি নিৰ্মাণ কৰে। সত্তৰৰ দশকতো তেখেতৰ সফলতা অব্যাহত থাকে। সেইসময়ৰ তেখেতৰ কিছুমান জনপ্ৰিয় ছবি হৈছে অমিতাভ বচ্চনক বলিউডৰ "খঙাল যুৱক"ৰূপে প্ৰতিষ্ঠা কৰা এক্ছন থ্ৰিলাৰ দীৱাৰ (১৯৭৫), ৰোমাণ্টিক ছবি কভি কভি (১৯৭৬) আৰু ত্ৰিশূল (১৯৭৮)। আশীৰ দশকত তেখেতে পৰিচালনা আৰু প্ৰযোজনা কৰা কেইবাখনো ছবি যেনে-চিলচিলা (১৯৮১), মছাল (১৯৮৪) আৰু বিজয় (১৯৮৮)য়ে আশানুৰূপ সঁহাৰি পোৱাত ব্যৰ্থ হয়। কিন্তু ১৯৮৯ চনত তেখেতে উচ্চ প্ৰশংসিত ব্যৱসায়িকভাৱে সফল ছবি চান্দনী পৰিচালনা কৰে যিখনে হিংসাত্মক ছবিৰ ধাৰাৰ বিপৰীতে হিন্দী ছবিলৈ পুনৰ সংগীতৰ জোৱাৰ আনে। ১৯৯১ চনত চোপ্ৰাই প্ৰযোজনা-পৰিচালনা কৰা লম্হে ছবিখনক সমালোচক আৰু তেখেতে নিজে তেখেতৰ শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰে। ইয়াৰ পিছত তেখেতে পৰম্পৰাগত নায়কৰ ৰূপ সলাই শ্বাহৰুখ খানৰ অভিনয়েৰে আৰু অব্চেছিভ প্ৰেমৰ কাহিনীৰে ডৰ্ (১৯৯৩) নিৰ্মাণ কৰে। তাৰ পিছত তেখেতে শ্বাহৰুখ খানকে নায়ক হিচাপে লৈ তিনিখন ৰোমাণ্টিক বোলছবি পৰিচালনা কৰে- দিল ত' পাগল হেই (১৯৯৭), বীৰ-জাৰা (২০০৪) আৰু জব তক হেই জান (২০১২)। ২০১২ চনত তেখেতৰ আশীতম জন্মদিনত তেখেতে চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰে।[2] চোপ্ৰাৰ কৰ্মজীৱন পাঁচটা দশক আৰু পঞ্চাশতকৈও অধিক বোলছবি জুৰি বিয়পি আছিল। ছটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এঘাৰটা ফিল্মফেয়াৰ বঁটাকে ধৰি তেখেতে বহুতো চলচ্চিত্ৰ সন্মান লাভ কৰিছে। ভাৰতীয় বোলছবি জগতলৈ অৰিহণাৰ বাবে ভাৰত চৰকাৰে তেখেতক ২০০১ চনত দাদাচাহেব ফাল্কে বঁটা আৰু ২০০৫ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। বাফ্টাৰ জীৱনজোৰা সদস্যপদ লাভ কৰা তেখেতেই প্ৰথম ভাৰতীয়। ২০১২ চনৰ ২১ অক্টোবৰত ডেংগু ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত তেখেতৰ মৃত্যু ঘটে।[3] প্ৰাৰম্ভিক জীৱন১৯৩২ চনৰ ২৭ ছেপ্তেম্বৰত ব্ৰিটিছ শাসিত ভাৰতৰ লাহোৰত (এতিয়া পাকিস্তানত) এটা পঞ্জাবী পৰিয়ালত য়শ চোপ্ৰাৰ জন্ম হয়। পৰিয়ালৰ আঠটা সন্তানৰ তেখেত নুমলীয়া আছিল আৰু প্ৰথমজন সন্তান য়শ চোপ্ৰাতকৈ প্ৰায় ত্ৰিশ বছৰ ডাঙৰ আছিল। ল'ৰালি কালছোৱা য়শ চোপ্ৰাই তেখেতৰ দ্বিতীয় ভাতৃ বি আৰ চোপ্ৰাৰ লাহোৰৰ ঘৰত পাৰ কৰে।[4] ১৯৪৫ চনত উচ্চ শিক্ষাৰ বাবে তেখেত জলন্ধৰলৈ যায় আৰু দেশ বিভাজনৰ পিছত পঞ্জাবৰ লুধিয়ানালৈ (ভাৰতত) গুছি যায়। য়শ চোপ্ৰাৰ প্ৰথমে অভিযন্তা হোৱাৰহে মন আছিল,[5] কিন্তু চলচ্চিত্ৰৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে তেখেত ব'ম্বে (এতিয়াৰ মুম্বাই)লৈ গৈ আই এছ জোহৰৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে। তাৰ পিছত তেখেতৰ প্ৰযোজক-পৰিচালক ভাতৃ বি আৰ চোপ্ৰাৰ লগত সহকাৰী পৰিচালকৰূপে কম কৰে।[6][4] কৰ্মজীৱনপ্ৰথমছোৱা১৯৫৯ চনত "ধুল কা ফুল" বোলছবিৰ জৰিয়তে য়শ চোপ্ৰাই পৰিচালক হোৱাৰ সুযোগ লাভ কৰে। বি আৰ চোপ্ৰাই প্ৰযোজনা কৰা ছবিখনত অভিনয় কৰিছিল মালা সিন্হা, ৰাজেন্দ্ৰ কুমাৰ আৰু লীলা চিট্নিছে। বোলছবিখনৰ বিষয়বস্তু আছিল এজন মুছলমান লোকে এটা অবৈধ হিন্দু শিশু তুলি লোৱা। সমালোচকৰদ্বাৰা প্ৰশংসিত ছবিখনে সেই বছৰৰ চতুৰ্থ সৰ্বাধিক ব্যৱসায় কৰিবলৈ সক্ষম হয়।[7] এই সফলতাত উৎসাহিত হৈ চোপ্ৰাই "ধৰ্মপুত্ৰ" নামৰ এখন সামাজিক ড্ৰামা নিৰ্মাণ কৰে। দেশ বিভাজন আৰু হিন্দু মৌলবাদীত্বক লৈ নিৰ্মিত প্ৰথম বোলছবিসমূহৰ ভিতৰত এইখন আছিল অন্যতম আৰু এইখনৰ জৰিয়তেই শশী কাপুৰে পূৰ্ণাঙ্গ চৰিত্ৰত অভিনয় কৰিবলৈ পায়। ছবিখনক হিন্দী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল।[8] দেশ বিভাজনৰ সংঘৰ্ষৰ দৃশ্য আৰু শ্লোগান সন্নিৱিষ্ট থকা বাবে ছবিখন প্ৰদৰ্শিত হোৱা প্ৰেক্ষাগৃহসমূহত হিংসাত্মক ঘটনাৱলীও সংঘটিত হৈছিল।[9] ইয়াৰ পিছত চোপ্ৰাই ৰাজনৈতিক চলচ্চিত্ৰ নিৰ্মাণ নকৰাৰ সিদ্ধান্ত লয়।[10][4] ৱক্ত (১৯৬৫) চলচ্চিত্ৰতো চোপ্ৰা ভাতৃদ্বয়ৰ সহযোগিতা অব্যাহত থাকে। এই ছবিখনত সুনীল দত্ত, ৰাজ কুমাৰ, শশী কাপুৰ, বলৰাজ চাহনী, মদন পুৰী, শৰ্মিলা টেগ'ৰ আদিয়ে অভিনয় কৰিছিল। এই ছবিখনেও সমালোচনা আৰু ব্যৱসায়ৰ ফালৰ পৰা সফলতা লাভ কৰে।[11] ভাৰতীয় চলচ্চিত্ৰ জগতৰ মাল্টিষ্টাৰাৰ চলচ্চিত্ৰসমূহৰ ভিতৰত এইখন অন্যতম আছিল যিটো কথা সত্তৰৰ দশকত আন প্ৰযোজকসকলেও অনুসৰণ কৰিবলৈ ধৰে। চোপ্ৰাই এই ছবিখনৰ বাবে প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। ১৯৬৯ চনত য়শ চোপ্ৰাই বি আৰ চোপ্ৰা প্ৰযোজিত দুখনকৈ ছবি পৰিচালনা কৰে। তাৰে এখন আছিল ধৰ্মেন্দ্ৰ অভিনীত আদ্মী ঔৰ ইন্ছান। এইখন ছবিয়ে সন্তোষজনক ব্যৱসায় কৰে।[12] সেইবছৰৰ আনখন ছবি আছিল ৰাজেশ খান্না অভিনীত ইত্তেফাক্। গুজৰাটী নাটক এখনৰ ভিত্তিত নিৰ্মিত এইখন বোলছবিত এটা নিশাৰ ঘটনাৱলী দেখুওৱা হৈছিল। আনবোৰ হিন্দী ছবিৰ বিপৰীতে এই ছবিখনত কোনো গান বা মধ্যবিৰতি নাছিল। কম বাজেটেৰে নিৰ্মিত এমাহৰ ভিতৰত দৃশ্যগ্ৰহণ কৰা এই বোলছবিখনক সমালোচকসকলে অপৰম্পৰাগত আখ্যা দিয়ে। বক্স অফিছত এই ছবিখন ছেমি-হিটৰূপে পৰিগণিত হয় আৰু য়শ চোপ্ৰাই দ্বিতীয়টো ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে।উদ্ধৃতি ত্ৰুটি: অবৈধ য়শ ৰাজ ফিল্মছ্ৰ জন্ম১৯৭৩ চনত য়শ চোপ্ৰাই ককায়েকৰ প্ৰযোজনা ক্ষেত্ৰৰ পৰা আঁতৰি আহি য়শ ৰাজ ফিল্মছ্ৰ জন্ম দিয়ে। স্বাধীনভাৱে প্ৰযোজনা কৰা তেখতৰ প্ৰথম বোলছবি ৰাজেশ খান্না অভিনীত মেল'ড্ৰামা দাগ:এ প'এম অৱ লাভ বক্স অফিছত অতি সফল পৰিগণিত হয়।[13] য়শ আৰু ৰাজেশ খান্নাৰ নাম দুটা মিলাই প্ৰযোজনা প্ৰতিষ্ঠানটোৰ নাম য়শ-ৰাজ দিয়া হৈছিল।[14] তেখেতে তাৰপিছত অমিতাভ বচ্চনৰ মুখ্য অভিনয় আৰু চেলিম-জাভেদৰ চিত্ৰনাট্যৰে দীৱাৰ আৰু ত্ৰিশূলৰ দৰে দ্ৰুপদী বোলছবি নিৰ্মাণ কৰে। এই ছবি দুখনেই সত্তৰৰ দশকৰ শেষভাগ আৰু আশীৰ দশকত অমিতাভ বচ্চনক "খঙাল যুৱক"ৰ চৰিত্ৰত এক তাৰকা শিল্পীৰূপে প্ৰতিষ্ঠা হোৱাত সহায় কৰে।[4] দীৱাৰৰ বাবেও চোপ্ৰাই ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে। প্ৰযোজক, পৰিচালক আৰু চিত্ৰনাট্যকাৰৰূপে চোপ্ৰাই অমিতাভ বচ্চনক লৈ কভি কভি (১৯৭৬) আৰু চিলচিলা (১৯৮১) নামৰ আৰু দুখন বোলছবি নিৰ্মাণ কৰে। আগৰ এক্চনধৰ্মী ছবিকেইখনৰ বিপৰীতে এই চুপাৰহিট ছবি দুখন আছিল ৰোমাণ্টিক ড্ৰামা।[4] আশীৰ দশকত চোপ্ৰাই প্ৰযোজনা বা পৰিচালনা কৰা কেইবাখনো ছবিয়ে বক্স অফিছত বিশেষ প্ৰভাৱ পেলাবলৈ অসমৰ্থ হয়।[4] ১৯৮৪ চনত তেখেতে প্ৰথমবাৰৰ বাবে দিলীপ কুমাৰক লৈ মছাল বোলছবিখন প্ৰযোজনা-পৰিচালনা কৰে। "অশ্ৰুঞ্চি ঝালি ফুলে" নামৰ বিখ্যাত মাৰাঠী নাটক এখনৰ ভিত্তিত নিৰ্মিত এক্চনধৰ্মী ছবিখনে সমালোচকৰ প্ৰশংসা লভিলেও বেছি ব্যৱসায় কৰিবলৈ সক্ষম নহ'ল।[4] এবছৰ পিছত তেখেতে সুনীল দত্ত, ৰেখা আৰু ৰোহন কাপুৰক লৈ নিৰ্মাণ কৰাফাচ্লে বোলছবিখনো বক্স অফিচত বিফল হয়। এক্চনধৰ্মী আন এখন বোলছবি বিজয় (১৯৮৮) একে ধৰণে বিফল হয়।[4] ১৯৮৯ চনত অতি সফল বোলছবি চান্দনীৰে চোপ্ৰাৰ বেয়া দিনৰ অন্ত পৰে। এইখন ছবিৰ জৰিয়তেই "য়শ চোপ্ৰা শৈলী"ৰ সূত্ৰপাত ঘটে: নায়িকাপ্ৰধান, ৰোমাণ্টিক, আবগিক, ধনীলোকৰ জীৱনশৈলীৰ প্ৰতিফলন আৰু বিদেশত চিত্ৰগ্ৰহণ কৰা গানৰে সুন্দৰ সংগীত।[4] এইখন ছবিতে চলচ্চিত্ৰ নিৰ্মাতাজনৰ লগত প্ৰতিষ্ঠিত নায়িকা শ্ৰীদেৱীযে প্ৰথম কাম কৰে। ইয়াৰ জনপ্ৰিয় সংগীতে বলিউডত হিংসাত্মক বোলছবিৰ ধাৰাৰ অন্ত পেলাই পুনৰ সংগীতমধুৰ বোলছবিৰ ধাৰা প্ৰৱৰ্তন কৰে।[6] সেইবছৰ বোলছবিখনে শ্ৰেষ্ঠ জনপ্ৰিয় বোলছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।[6] তেখেতে তাৰপিছত অনিল কাপুৰ আৰু শ্ৰীদেৱীক লৈ ১৯৯১ চনত লম্হে নিৰ্মাণ কৰে। সমালোচকৰদ্বাৰা প্ৰশংসিত সংগীতমধুৰ ছবিখন বিদেশৰ বজাৰত অন্যতম সফল বলিউড বোলছবিসমূহৰ ভিতৰত অন্যতম আছিল। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটাকে ধৰি ছবিখনে পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰে। এই বোলছবিখনক তেখেতৰ শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰা হয়। "আউটলুক" আলোচনীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় বোলছবিৰ তালিকাত এই ছবিখনকো স্থান দিছিল।[15] চোপ্ৰাইয়ো এই বোলছবিখনক তেখেতৰদ্বাৰা নিৰ্মিত ছবিসমূহৰ ভিতৰত শ্ৰেষ্ঠ আখ্যা দিছিল।[16] ১৯৯৩-২০১২১৯৯৩ চনত য়শ চোপ্ৰাই নৱাগত শ্বাহৰুখ খান, জুহি চাওলা আৰু চানী দেওলৰ অভিনয়েৰে সংগীতমশুৰ থ্ৰিলাৰ কথাছবি ডৰ্ নিৰ্মাণ কৰে। ইতিমধ্যেই এজন মানুহৰ (দেওল) বাকদত্তাগৰাকীক (চাওলা) এজন অব্চেছিভ প্ৰেমিকে পাবলৈ কৰা প্ৰচেষ্টাৰ কাহিনীৰে নিৰ্মিত ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিছিল। এই ছবিখনে শ্বাহৰুখ খানক নায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰাতো সহায় কৰে। ইয়াৰ পিছত ১৯৯৭ চনত য়শ চোপ্ৰাই সফল সংগীতমধুৰ ৰোমাণ্টিক কথাছবি দিল ত' পাগল হেই নিৰ্মাণ কৰে। এইখন ছবিত শ্বাহৰুখ খানৰ লগতে মাধুৰী দিক্ষিত আৰু কৰিশ্মা কাপুৰে অভিনয় কৰিছিল। জাৰ্মানীত দৃশ্যগ্ৰহণ কৰা এইখন আছিল প্ৰথম বলিউডী ছবি। সেইবছৰ কথাছবিখন বলিউডত দ্বিতীয় সৰ্বাধিক ব্যৱসায় কৰা ছবিৰূপে পৰিগণিত হয়। বোলছবিখনে সাতটা ফিল্মফেয়াৰ বঁটা আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে। তাৰ পিছত আঠ বছৰৰ বাবে য়শ চোপ্ৰাই পৰিচালনাৰ পৰা অব্যাহতি লৈ কেৱল প্ৰযোজনাত মনোনিৱেশ কৰে। ২০০৪ চনত প্ৰেমকাহিনী বীৰ-জাৰাৰে তেখেতে পুনৰ বোলছবি পৰিচালনালৈ উভতি আহে। মুখ্য ভূমিকাত শ্বাহৰুখ খান, প্ৰীতি জিণ্টা আৰু ৰাণী মুখাৰ্জীয়ে অভিনয় কৰা ছবিখন প্ৰায় ৯৪০ নিযুত টকাৰে ভাৰত আৰু বিদেশত সেইবছৰ সৰ্বাধিক ব্যৱসায় কৰা বোলছবিৰূপে পৰিগণিত হয়।[17] ছবিখন ৫৫তম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈ সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছিল।[18] বোলছবিখনৰ বিষয়বস্তু আছিল ভাৰতীয় বায়ু-সেনা বিষয়া বীৰ প্ৰতাপ সিং (খান) আৰু পাকিস্তানী মহিলা জাৰা হায়াত খান (জিণ্টা)ৰ প্ৰেম কাহিনী। ২০১২ চনৰ ছেপ্তেম্বৰত তেখেতৰ আশীতম জন্মদিন উপলক্ষে আয়োজিত এখন সংবাদ মেলত য়শ চোপ্ৰাই ঘোষণা কৰে যে শ্বাহৰুখ খানৰ অভিনয়েৰে নিৰ্মিতজব্ তক্ হেই জান হ'ব পৰিচালকৰূপে তেখেতৰ অন্তিম কথাছবি। ছবিখনৰ অন্তিম গীতটোৰ দৃশ্যগ্ৰহণ তেখেতে চুইজাৰলেণ্ডত কৰাৰ কথা আছিল যদিও তাৰ আগতেই তেখেত মৃত্যুমুখত পৰে।[19] ব্যক্তিগত জীৱন১৯৭০ চনত য়শ চোপ্ৰা পামেলা সিঙৰ লগত বিবাহপাশত আবদ্ধ হয়। ১৯৭১ আৰু ১৯৭৩ চনত তেওঁলোকৰ দুই পুত্ৰ আদিত্য চোপ্ৰা আৰু উদয় চোপ্ৰাৰ জন্ম হয়। পুত্ৰ আদিত্য চোপ্ৰাও এজন চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক আৰু য়শ ৰাজ ফিল্মছৰ সাধাৰণ ব্যৱস্থাপক। পূৰ্বে সহকাৰী পৰিচালক হিচাপে কাম কৰা উদয় চোপ্ৰাই ২০০০ চনত ককায়েকৰ কথাছবি মোহব্বতেইনৰ যোগেদি অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। মৃত্যু২০১২ চনৰ ১৩ অক্টোবৰত চোপ্ৰাক অসুস্থতাৰ বাবে মুম্বাইৰ লীলাৱতী হস্পিটেলত ভৰ্তি কৰা হয়। তেখেত ডেংগু জ্বৰত ভুগিছে বুলি নিৰ্ণয় কৰা হয়।[20] পিছৰ সপ্তাহকেইটাত তেখেত আৰোগ্যৰ পথলৈ ঘূৰি অহা আৰু সোনকালেই চিকিৎসালয়ৰ পৰা ছুটী লাভ কৰিব বুলি বাতৰি প্ৰকাশ পায়।[21] কিন্তু ২১ অক্টোবৰৰ সন্ধ্যা একাধিক অঙ্গ বিকল হৈ পৰাৰ ফলত য়শ চোপ্ৰাৰ মৃত্যু ঘটে।[22][1] য়শ ৰাজ ফিল্মছৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হয়: "It is with deep regret that we announce the sad demise of Yash Chopra, who breathed his last at around 5:30 PM today. Details of his last rites will be communicated to all a little later."[23] ২২ অক্টোবৰৰ পুৱাৰে পৰা তেখেতৰ মৃতদেহ য়শ ৰাজ ফিল্মছৰ মঞ্চত শ্ৰদ্ধাঞ্জলি প্ৰদৰ্শনৰ বাবে ৰখা হয়। সেইদিনাই পিছবেলা তেখেতৰ অন্তিম সৎকাৰ কৰা হয়।[24] চলচ্চিত্ৰপঞ্জীপ্ৰযোজকপ্ৰধান প্ৰবন্ধ: Yash Raj Films
পৰিচালক
সহকাৰী পৰিচালক
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
বহিঃ সংযোগ
|