অমিতাভ বচ্চন
অমিতাভ হৰিবংশ বচ্চন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা।[1][2] অভিনয়ৰ বাহিৰেও তেখেতে দূৰদৰ্শনত অনুষ্ঠানৰ পৰিবেশনা কৰিছে। কেইখন মান বোলছবিত গান গোৱাৰ উপৰিও তেখেতে অলপ সময়ৰ বাবে ৰাজনীতিত যোগদান কৰি সংসদলৈ নিৰ্বাচিত হৈছিল। জন্ম আৰু কৈশোৰঅমিতাভ বচ্চনৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত এটা হিন্দু কায়স্থ পৰিয়ালত। তেখেতৰ পিতৃ ড॰ হৰিবংশ ৰায় বচ্চন এগৰাকী প্ৰথিতযশা হিন্দী কবি। মাতৃ তেজী বচ্চন। অমিতাভক প্ৰথমে 'ইন্কিলাব' নাম দিয়া হৈছিল। পাছলৈ হৰিবংশ ৰায়ৰ বন্ধু কবি সুমিত্ৰানন্দন পণ্ট-ৰ অনুৰোধত নাম সলাই অমিতাভ ৰখা হয়। তেওঁলোকৰ উপাধি শ্ৰীবাস্তৱ আছিল যদিও দেউতাকে ছদ্ম উপাধি লৈছিল 'বচ্চন' (হিন্দী শব্দৰ অৰ্থ শিশুসুলভ)। অমিতাভে এই উপাধিৰেই চলচ্চিত্ৰত প্ৰবেশ কৰে। এই উপাধিকে এতিয়া বচ্চন পৰিয়ালে সমূহীয়াকৈ লিখে। পিতৃৰ মৃত্যু হয় ২০০৩ চনত আৰু ২০০৭ চনত মাতৃৰ পৰলোক প্ৰাপ্তি হয়।[3] অমিতাভ আছিল দুই ভাতৃৰ ডাঙৰজন। সৰু ভাইটিৰ নাম অজিতাভ। অমিতাভৰ বচ্চনৰ মাতৃ থিয়েটাৰ জগতৰ লগত জড়িত আছিল।[4] অমিতাভ বচ্চনে এলাহাবাদৰ 'জ্ঞান প্ৰবোধিনী' আৰু 'ল'ৰাৰ উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয়ত' শিক্ষা গ্ৰহন কৰিছিল। পাছলৈ তেখেতে নাইনিতালৰ 'শ্বেৰউড মহাবিদ্যালয়' আৰু দিল্লীৰ কিৰোৰীমল মহাবিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। চলচ্চিত্ৰত অভিনয় কৰাৰ আগতে অমিতাভ বচ্চনে কলিকতাৰ 'বাৰ্ড এণ্ড কো.' নামৰ জাহাজৰ কোম্পানী এটাত চাকৰি কৰিছিল। পৰিয়ালঅমিতাভ বচ্চনে ব্যক্তিগত জীৱনত বিখ্যাত বঙালী লেখক তৰুণ কুমাৰ ভাদুড়ীৰ কন্যা - অভিনেত্ৰী জয়া ভাদুড়ীক বিয়া কৰায়। তেওঁলোকৰ দুটি সন্তান শ্বেতা নন্দা আৰু অভিষেক বচ্চন। অভিষেক বচ্চন পেছাত অভিনেতা আৰু তেওঁ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে। কৰ্মজীৱনপ্ৰথম ভাগ: ১৯৬৯ -১৯৭২অমিতাভ বচ্চনে প্ৰথমে চলচ্চিত্ৰৰ কাম আৰম্ভ কৰে এগৰাকী নেপথ্য ঘোষকৰ ৰূপত, মৃণাল সেন-ৰ বিখ্যাত ছবি ভূৱন সোমত। তাৰ পাছত খাজা আহমদ আব্বাছৰ সাত হিন্দুস্থানী ছবিত প্ৰথমে অভিনয় কৰে। এই ছবিত অমিতাভ বচ্চনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত 'শ্ৰেষ্ঠ অভিষেক অভিনেতা'-ৰ (Best Newcomer) বঁটা লাভ কৰে।[5] ১৯৭০ চনত নিৰ্মিত আনন্দ বোলছবিত তেওঁ সহ-অভিনেতাৰ ৰূপত ৰাজেশ খান্নাৰ সতে অভিনয় কৰে আৰু 'শ্ৰেষ্ঠ সহ-অভিনেতা'ৰ বঁটা লাভ কৰে। একে বছৰত মুক্তি লভা পৰৱানা ছবিত তেখেতে প্ৰতিনায়কৰ ভূমিকাতো অভিনয় কৰে। ১৯৭২ চনত তেখেতে বোম্বে টু গোৱা নামৰ এখন হাস্যমধূৰ ছবিতো অভিনয় কৰে। চলচ্চিত্ৰপঞ্জীশেহতীয়া চলচ্চিত্ৰ
প্ৰযোজক
নেপথ্য গায়ক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia