উৎপল দত্ত (অভিনেতা)এই প্ৰবন্ধটো হিন্দী আৰু বঙালী ছবিৰ অভিনেতা, নাট্যকাৰ উৎপল দত্তৰ বিষয়ে। একে নামৰ অসমীয়া লেখক, চলচ্চিত্ৰ সমালোচকজনৰ বাবে উৎপল দত্ত (লেখক) চাওক।
দত্তৰ নাটকসমূহ তেওঁৰ মাৰ্ক্সবাদী মতাদৰ্শ প্ৰকাশৰ এক উপযুক্ত বাহন হৈ পৰিছিল, যি মতাদৰ্শ কল্লোল (১৯৬৫), মানুষেৰ অধিকাৰ, লৌহা মানৱ (১৯৬৪), টিনেৰ তলোৱাৰ আৰু মহা-বিদ্ৰোহ আদিৰ দৰে সামাজিক-ৰাজনৈতিক নাটকত দৃশ্যমান হৈছিল। তেওঁ ৪০ বছৰীয়া কৰ্মজীৱনত ১০০খনতকৈও অধিক বাংলা আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। মৃণাল সেনৰ ভুৱন সোম (১৯৬৯), সত্যজিৎ ৰায়ৰ আগন্তুক (১৯৯১), গৌতম ঘোষৰ পদ্মা নদীৰ মাঝি (১৯৯৩) আৰু হৃষীকেশ মুখাৰ্জীৰ গোলমাল (১৯৭৯) আৰু ৰং বিৰংগীৰ (১৯৮৩) দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।[1][2][3] মৃত্যুৰ মাত্ৰ কিছুদিন আগতে ১৯৯৩ চনত দূৰদৰ্শন ধাৰাবাহিক ব্যোমকেশ বক্সীৰ ‘সীমান্ত হীৰা’ খণ্ডত তেওঁ ছাৰ দিগেন্দ্ৰ নাৰায়ণ নামৰ এজন ভাস্কৰ্যশিল্পীৰ চৰিত্ৰতো অভিনয় কৰিছিল। ১৯৭০ চনত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও তিনিটাকৈ শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। নাট্যজগতলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ১৯৯০ চনত সংগীত নাটক একাডেমীয়ে তেওঁক ফেলোশ্বিপ প্ৰদান কৰে। বঁটা আৰু স্বীকৃতি
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia