আগন্তুক
আগন্তুক (ইংৰাজী: Agantuk) ১৯৯১ চনত মুক্তি পোৱা সত্যজিত ৰায় ৰচিত আৰু পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। [1] অতিথি নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন এই কাৰণেই বৈশিষ্ট্যপূৰ্ণ যে, আগন্তুক আছিল ৰায়ৰ শেষ ছবি। ভাৰত-ফ্ৰান্সৰ যৌথ প্ৰযোজনাৰ এই ছবিখন জেৰাৰ্ড ডেপাৰ্ডিউৰ ডিডি প্ৰডাকচন আৰু কেনেলপ্লাচ দৰে কোম্পানীসমূহৰ পৰা আৰ্থিক সমৰ্থন লাভ কৰিছিল। [2] কাহিনীৰ সাৰাংশকলকাতাত বসবাস কৰি থকা এটা উচ্চ মধ্যবৃত্ত পৰিয়াল, স্বামী সুধীন্দ্ৰ বসু, স্ত্ৰী অনিলা আৰু এটা সৰু ল’ৰা সন্তান।হঠাৎ অনিলাই পয়ত্ৰিশ বছৰ আগতে নিৰুদ্দেশ হোৱা তেওঁৰ সৰু মোমায়েকৰ পৰা এখন চিঠি পায়। পয়ত্ৰিশ বছৰ পিছত তেওঁ উভতি আহিছে আৰু কেইদিনমান কলকাতাত তেওঁলোকৰ ঘৰত থাকিব বিচাৰে। ১৯৫৫ চনত যেতিয়া মোমায়েকে দেশ এৰিছিল, তেতিয়া অনিলাৰ বয়স মাত্ৰ দুবছৰ। সেয়েহে তেওঁৰ মনত মোমায়েকৰ কোনো স্মৃতি নাই। তাৰোপৰি বৰ্তমান সৰু মোমায়েকৰ তেজৰ সম্পৰ্ক থকা একমাত্ৰ আত্মীয় তেৱেঁই। স্বাভাৱিকতে মোমায়েকৰ পৰিচয় সম্পৰ্কে নিশ্চিত হোৱাৰ কোনো উপায় নাই। স্বামীৰ মনত প্ৰচণ্ড সন্দেহৰ উদ্ৰেক হয়। সৰু ল’ৰাটোৱে ককাকৰ সাম্ভাব্য আগমণক লৈ ৰোমাঞ্চিত অনুভৱ কৰি থাকে। আগন্তুক, মোমায়েক মনোমোহন মিত্ৰ কলকাতাত উপস্থিত হোৱাৰ পিছতে কাহিনীৰ আৰম্ভ হয়। অভিনয় শিল্পীবঁটা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|